--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজাদী কা অমৃত মহোৎসৱৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিটো ঘৰতে ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। ইউ পি বিজেপি সংখ্যালঘু মৰ্চাই পাঁচ লাখ মুছলমান পৰিয়ালৰ কাষলৈ যোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে উদযাপন কৰা হৈছে অমৃত মহোৎসৱ। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন সংগঠনেও বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। ভাৰতীয় জনতা পাৰ্টিয়ে  স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত চলাই আছে ‘হৰ ঘৰ তিৰংগা’ অভিযান। এই অভিযানৰ অধীনত দলৰ লক্ষ্য হৈছে মুছলমানসকলৰ মাজত যোগাযোগ কৰা।

তথ্য অনুসৰি ১২ আগষ্টৰ পৰা বিজেপিৰ সংখ্যালঘু কোষটোৱে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ অধীনত মুছলমান পৰিয়ালৰ মাজত প্ৰৱেশ কৰিব। বিজেপিয়ে মিছন ২০২৪ৰ বাবে মুছলমান সম্প্ৰদায়ৰ পাছমাণ্ডা সম্প্ৰদায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বাবে এক নতুন ৰণনীতি উলিয়াইছে আৰু দলটোৱেও প্ৰতিটো ত্ৰিৰংগা অভিযানৰ অধীনত এই কৌশলৰ ওপৰত কাম আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

বিজেপি সংখ্যালঘু মৰ্চাৰ পৰা লাভ কৰা তথ্য অনুসৰি দলীয় কৰ্মীসকলেও মাদ্ৰাছা আৰু দৰগাহ পৰিদৰ্শন কৰি ত্ৰিৰংগা উত্তোলন কৰিব। মাদ্ৰাছা আৰু দৰগাহত ত্ৰিৰংগা উত্তোলন কৰাৰ ফটো তুলি ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো পোষ্ট কৰিব বিজেপি কৰ্মীসকলে। এই সন্দৰ্ভত ইউ পিৰ বিজেপি সংখ্যালঘু মৰ্চাৰ কৰ্মী সকলকো এক বাৰ্তা প্ৰদান কৰা হৈছে।

বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি বাছিত আলীয়ে এই সন্দৰ্ভত কয় যে "আমি মুছলমান সমাজৰ পাঁচ লাখ ঘৰত ত্ৰিৰংগা উত্তোলন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। বাসিত আলীয়ে কয় যে দৰগাহৰ পৰা এটা ডাঙৰ বাৰ্তা যায় আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তাতো ত্ৰিৰংগা উত্তোলন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।"

মন কৰিবলগীয়া যে ২০১৭ বৰ্ষত ইউ পি নিৰ্বাচনত জয়লাভ কৰাৰ কিছু সময়ৰ পিছতে বিজেপিয়ে মাদ্ৰাছাত স্বাধীনতা দিৱসৰ দিনা জাতীয় সংগীত আৰু ত্ৰিৰংগা উত্তোলন কৰাটো বাধ্যতামূলক কৰিছিল। দলৰ সূত্রই প্রকাশ কৰা মতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মুছলমান সমাজৰ মাজত দলৰ প্রসাৰ বঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ সময়ত পাছমাণ্ডা সমাজৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল।

বিজেপিয়ে বৰ্তমান চিহ্নিত কৰিছে ৫০ হাজাৰ বুথ

বিজেপিয়ে এনে ৫০ হাজাৰ বুথ চিনাক্ত কৰিছে য’ত মুছলমান সংখ্যাগৰিষ্ঠতা আছে। দলৰ প্ৰস্তুতি হ’ল এই বুথবোৰত উপস্থিত হোৱাৰ পাছত মানুহক কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে সজাগ কৰা।
আজাদীৰ অমৃত মহোৎসৱৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো ঘৰতে ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনোৱা সম্পৰ্কেও অৱগত কৰাই হৈছে তেওঁলোকৰ প্ৰধান উদ্দেশ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ