--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হৈছে ভীমা-কোৰেগাঁও গোচৰত বন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মী তথা কবি ভাৰভাৰা ৰাও। আজি উচ্চতম ন্যায়ালয়ে স্বাস্থ্যজনিত কাৰণত ৰাওক জামিন প্ৰদান কৰিছে। অৱশ্যে জামিন লাভ কৰিলেও ৰাও ভীমা-কোৰেগাঁও গোচৰত দোষমুক্ত ঘোষিত হোৱা নাই। ন্যায়াধীশ ইউইউ ললিত আৰু এছ ৰবীন্দ্ৰ ভাটৰ বিচাৰপীঠে ৰাওৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি উন্নত চিকিৎসাৰ বাবে জামিন প্ৰদান কৰাৰ সমসাময়িকভাৱে তেওঁৰ বিৰুদ্ধে উত্থাপিত গোচৰসমূহ বাতিল হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে। বিচাৰপীঠে লগতে ৰাওক মুম্বাইৰ অধিকাৰ ক্ষেত্ৰ এৰি নাযাবলৈও নিৰ্দেশ দিয়ে। 

আজি শুনানিৰ সময়ত ন্যায়াধীশ ইউইউ ললিত আৰু এছ ৰবীন্দ্ৰ ভাটৰ বিচাৰপীঠে কয় যে সময়ৰ লগে লগে ৰাওৰ চিকিৎসাৰ অৱস্থা উন্নত হোৱা নাই। এনে অৱস্থাত ৰাওৰ অন্তৱৰ্তীকালীন জামিন প্ৰত্যাহাৰ কৰা উচিত নহয় বুলি উল্লেখ কৰি বিচাৰপীঠে ভাৰাভাৰা ৰাও চিকিৎসাৰ ভিত্তিত জামিনৰ অধিকাৰী বুলি ৰায় দিয়ে। 

ভাৰভাৰা ৰাওক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা আনন্দ গ্ৰোভাৰে ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰি কয় যে ৰাওৰ বিৰুদ্ধে কোনো অভিযোগ আৰোপ কৰা হোৱা নাই।  তেওঁ লগতে কয় যে এই সমগ্ৰ গোচৰৰ পৰীক্ষণ সম্পূৰ্ণ হ'বলৈ নূন্যতম দহ বছৰ সময় লাগিব। কিন্তু ৰাওৰ স্বাস্থ্যৰ অৱস্থাৰ দিশটোলৈ আঙুলিয়াই তেওঁ বিচাৰপীঠৰ আগত পাৰ্কিনছন ৰোগত আক্ৰান্ত ৰাওৰ উন্নত চিকিৎসা ব্যৱস্থাৰ ওপৰত বিচাৰপীঠক বিবেচনা কৰিবলৈ আহ্বান জনায়।

ইফালে চৰকাৰৰ হৈ উপস্থিত থকা অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ.ভি. ৰাজুৱে ভাৰভাৰা ৰাওৱে ডিচচাৰ্জ আবেদন দাখিল কৰি বিচাৰ প্ৰক্ৰিয়া বিলম্বিত কৰিবলৈ চেষ্টা কৰি আছে বুলি অভিযোগ কৰে। এছ.ভি. ৰাজুৰ এই অভিযোগক নিন্দা কৰি বিচাৰপীঠে ৰাওৰ শাৰীৰিক অসুস্থতাৰ বিষয়ক লৈ বিবাদ নকৰিবলৈ সকীয়াই দিয়ে। বিচাৰপীঠে অতিৰিক্ত ছলিচিটৰ জেনেৰেল ৰাজুক ৰাওৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি এনে অৱস্থাত কৰাগাৰত ৰাওৰ চিকিৎসা ব্যৱস্থা উন্নত কৰিব নোৱাৰি বুলি উল্লেখ কৰে।

বিচাৰপীঠৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই ৰাজুৱে পুনৰ কয় যে ৰাও নিষিদ্ধ সংগঠন চিপিআই (মাও) গোটৰ এজন সদস্য আছিল আৰু তেওঁ জঘন্য কাৰ্যকলাপতো লিপ্ত হৈছিল। ৰাও কাৰ্যকলাপৰ প্ৰকৃতি দেশৰ বাবে বিপদজনক আৰু ক্ষতিকাৰক বুলি ৰাজুৱে আদালতৰ সন্মুখত মন্তব্য কৰে। কিন্তু আদালতৰ সন্মুখত এই সন্দৰ্ভত কোনো তথ্য দাখিল কৰিবলৈ অপাৰগ হয় চৰকাৰী অধিবক্তাগৰাকী।

উল্লেখ্য যে বোম্বাই উচ্চ ন্যায়ালয়ে ১৩ এপ্ৰিলত ৰাওৰ জামিন নাকচ কৰি প্ৰদান কৰা আদেশক প্ৰত্যাহ্বান জনাই ভাৰাভাৰা ৰাও উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। ৰাওৰ আবেদনৰ আধাৰত উচ্চতম ন্যায়ালয়ে মানৱ অধিকাৰ কৰ্মীগৰাকীক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। 

লক্ষ্যণীয়ভাৱে বিশ্বৰ ভিতৰতে সৰ্ব্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে স্বাধীনোত্তৰ কালৰ পৰা ভাৰতে বিশ্ব ৰাজনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্ব কালত জৰুৰীকালীন অৱস্থা ঘোষণা কৰি চৰকাৰৰ বিৰোধী তথা সমালোচকসকলক নিৰ্যাতন চলোৱাৰ বাদে ভাৰতীয় ৰাজনীতিৰ ইতিহাসত গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তেনে কোনো বিশেষ ভাবুকি অহাৰ তথ্য নাই। কিন্তু ২০১৪ চনৰ পাছত ভাৰতৰ গণতান্ত্ৰিক চৰিত্ৰ সংকটাপন্ন হৈছে বুলি সততে অভিযোগ উঠি আহিছে। 

দেশৰ জনসাধাৰণৰ ব্যক্তি স্বতন্ত্ৰতাত কুঠাৰঘাত কৰি বিজেপি চৰকাৰে ভাৰতীয় গণতন্ত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে বুলি অভিযোগ উত্থাপিত হৈছে। চৰকাৰ সমালোচনা কৰা মানেই ৰাষ্ট্ৰদ্ৰোহীৰ অভিধা দি বিজেপিয়ে তেনে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনৰ অধীনত গোচৰ তৰা এক সহজলভ্য দৃশ্য হৈ পৰিছে। 

বিজেপিৰ শাসনকালত দেশত অঘোষিত জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰি বিজেপি চৰকাৰৰ শাসনতন্ত্ৰক স্বৈৰাচ্ছাৰী আখ্যা দি দেশৰ কেইবাগৰাকীও প্ৰখ্যাত বুদ্ধিজীৱি, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীয়ে কাৰাবাস খাটিবলগীয়া হৈছে।

২০১৮ চনত এনেদৰেই ভীমা কোৰেগাঁও বা এলগাৰ পৰিষদ গোচৰত অভিযুক্ত কৰি বিজেপি চৰকাৰে জেললৈ প্ৰেৰণ কৰিছিল ভাৰভাৰা ৰাওসহ বহুকেইগৰাকী বুদ্ধিজীৱি, অধিবক্তা, সামাজিক তথা মানৱ অধিকাৰ কৰ্মীক। ভীমা কোৰেগাঁও যুদ্ধৰ দ্বিশতবৰ্ষৰ প্ৰাকমুহূৰ্তত পুনেৰ শনিবাৰৱাড়া দুৰ্গত ২০১৭ চনৰ ৩১ ডিচেম্বৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। উল্লেখ্য যে স্থানীয় দলিত লোকসকলে ভীমা কোৰেগাঁও যুঁদ্ধক ব্ৰাহ্মণ্যবাদৰ বিৰুদ্ধে দলিতৰ বিজয়ৰ প্ৰতীক বুলি আখ্যা দিয়ে। 

ভীমা কোৰেগাঁও যুদ্ধ বিজয়ৰ গৌৰৱৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানটোত দেশৰ কেইবাগৰাকীও প্ৰখ্যাত সাহিত্যিক, বুদ্ধিজীৱি, অধিবক্তা, দলিত নেতা, মানৱ অধিকাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰিছিল। অনুষ্ঠানটোৰ পিছদিনাই ভীমা কোৰেগাঁৱত এক হিংসাত্মক ঘটনা সংঘটিত হয়। 

৩১ ডিচেম্বৰত অনুষ্ঠিত হোৱা অনুষ্ঠানত দিয়া উচতনিমূলক ভাষণে এই হিংসাত্মক ঘটনাৰ সৃষ্টি কৰে বুলি অভিযোগ কৰি পুনে আৰক্ষীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তসকল মাওবাদীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰি UAPA ৰ দৰে কঠোৰ আইনৰ অধীনত গোচৰ ৰুজু কৰে।

ইতিমধ্যে এই গোচৰত কাৰাবন্দী হৈ থকা সমাজকৰ্মী ফাদাৰ ষ্টেন স্বামীৰ কাৰাগাৰৰ ভিতৰতে মৃত্যু হৈছে। আন এগৰাকী অভিযুক্ত অধিবক্তা সুধা ভৰদ্বাজে অৱশ্যে যোৱা বৰ্ষৰ শেষৰ ফালে কাৰগাৰৰ পৰা মুক্তি লাভ কৰিছে। এতিয়াও কাৰাবন্দী হৈ আছে এই গোচৰত অভিযুক্ত কেইবাগৰাকীও লোক। তেওঁলোকৰ অধিকাংশই কাৰাগাৰত শাৰীৰিকভাৱে অসুস্থ হৈ পৰাৰ খবৰ প্ৰকাশ পাইছে।

উক্ত গোচৰতে অভিযুক্ত হৈ কাৰাবন্দী হৈ থকা সাগৰ তাতিয়াৰাম গোৰাখেই শেহতীয়াকৈ মুম্বাইৰ তালোজা কাৰাগাৰত কাৰাগাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে নিৰ্যাতন আৰু অমানৱীয় আচৰণৰ অভিযোগ উত্থাপন কৰি ২১ মে’ৰ পৰা অনিৰ্দিষ্টকালীন অনশনেৰে প্ৰতিবাদ গঢ়ি তুলিছিল। গোৰাখেই লগতে কৰ্তৃপক্ষৰ এনে নিৰ্যাতন আৰু দমনমূলক আচৰণৰ বাবেই ষ্টেন স্বামীৰ মৃত্যু হোৱা বুলি বিস্ফোৰক অভিযোগ তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ