--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ ষ্টিভ মেককাৰীয়ে তোলা এখন পুৰণি ফটো ছ’চিয়েল মিডিয়াত নতুনকৈ ভাইৰেল হৈ পৰিছে আৰু এই ছবিখনে এতিয়া চকু কপালত তুলিছে  নেটিজেনৰ। সৰ্বত্ৰে ছবিখনক লৈ হৈছে চৰ্চা। বলীউডতো উঠিছে আলোড়ন। ছবিখন এগৰাকী আফগান শৰণাৰ্থীৰ যদিও দেখাত সাইলাখ অমিতাভ বচ্চনৰ দৰেই। সেয়েহে ছবিখন দেখি দ্বিধাগ্ৰস্ত নেটিজেন।

মূৰত পাগুৰী, মুখত বগা দাড়ি, চকুত ঘূৰণীয়া ফ্ৰেমযুক্ত চছমা – ছবিখন দেখি অমিতাভ বচ্চন বুলি নেটিজেনে ভুল কৰাটোৱে স্বাভাৱিক। এনে লাগিছে যেন বিগ বিয়ে নিজকে নতুন ছবি এখনৰ বাবে এইদৰে সজাই তুলিছে। এয়াই তেওঁৰ পৰৱৰ্তী ছবিৰ ৰূপ! কিন্তু নহয়। 

মন কৰিবলগীয়া যে, এই ছবিখনৰ সৈতে অমিতাভ বচ্চন বা বচ্চন পৰিয়ালৰ কোনো সম্পৰ্ক নাই। আফগানিস্তানৰ পৰা পাকিস্তানলৈ গৈ আশ্ৰয় লোৱা এগৰাকী বৃদ্ধাৰ ছবি এইখন। তেওঁৰ নাম শ্বাবুজৰ বয়স ৬৮ বছৰ। আফগানিস্তানৰ পৰিৱেশ-পৰিস্থিতি সহ্য কৰিব নোৱাৰি দেশ ত্যাগ কৰিছিল বৃদ্ধাগৰাকীয়ে। খবৰ অনুসৰি, বৰ্তমান পাকিস্তানত আশ্ৰয় লৈছে এইগৰাকী বৃদ্ধাই।

শ্বাবুজৰ এই ছবিখন ২০১৮ চনত তোলা। অমিতাভ বচ্চনৰ মুখৰ সৈতে তেওঁৰ মুখৰ এনে  সাদৃশ্য দেখি স্বাভাৱিকতে হতবাক বলীউডৰ অনুৰাগী। একাংশই আকৌ  তেওঁ যে বিগ বি নহয় তাক বিশ্বাসে কৰিব বিচৰা নাই। ২০১৮ চনতো ভাইৰেল হৈছিল এই ছবিখন। সেই সময়ত ভবা হৈছিল যে ‘থাগছ অৱ হিন্দুস্তান’ ছবিখনৰ বাবেই বিগ বিৰ এই লুক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু