--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ববিখ্যাত ফটোগ্ৰাফাৰ ষ্টিভ মেককাৰীয়ে তোলা এখন পুৰণি ফটো ছ’চিয়েল মিডিয়াত নতুনকৈ ভাইৰেল হৈ পৰিছে আৰু এই ছবিখনে এতিয়া চকু কপালত তুলিছে  নেটিজেনৰ। সৰ্বত্ৰে ছবিখনক লৈ হৈছে চৰ্চা। বলীউডতো উঠিছে আলোড়ন। ছবিখন এগৰাকী আফগান শৰণাৰ্থীৰ যদিও দেখাত সাইলাখ অমিতাভ বচ্চনৰ দৰেই। সেয়েহে ছবিখন দেখি দ্বিধাগ্ৰস্ত নেটিজেন।

মূৰত পাগুৰী, মুখত বগা দাড়ি, চকুত ঘূৰণীয়া ফ্ৰেমযুক্ত চছমা – ছবিখন দেখি অমিতাভ বচ্চন বুলি নেটিজেনে ভুল কৰাটোৱে স্বাভাৱিক। এনে লাগিছে যেন বিগ বিয়ে নিজকে নতুন ছবি এখনৰ বাবে এইদৰে সজাই তুলিছে। এয়াই তেওঁৰ পৰৱৰ্তী ছবিৰ ৰূপ! কিন্তু নহয়। 

মন কৰিবলগীয়া যে, এই ছবিখনৰ সৈতে অমিতাভ বচ্চন বা বচ্চন পৰিয়ালৰ কোনো সম্পৰ্ক নাই। আফগানিস্তানৰ পৰা পাকিস্তানলৈ গৈ আশ্ৰয় লোৱা এগৰাকী বৃদ্ধাৰ ছবি এইখন। তেওঁৰ নাম শ্বাবুজৰ বয়স ৬৮ বছৰ। আফগানিস্তানৰ পৰিৱেশ-পৰিস্থিতি সহ্য কৰিব নোৱাৰি দেশ ত্যাগ কৰিছিল বৃদ্ধাগৰাকীয়ে। খবৰ অনুসৰি, বৰ্তমান পাকিস্তানত আশ্ৰয় লৈছে এইগৰাকী বৃদ্ধাই।

শ্বাবুজৰ এই ছবিখন ২০১৮ চনত তোলা। অমিতাভ বচ্চনৰ মুখৰ সৈতে তেওঁৰ মুখৰ এনে  সাদৃশ্য দেখি স্বাভাৱিকতে হতবাক বলীউডৰ অনুৰাগী। একাংশই আকৌ  তেওঁ যে বিগ বি নহয় তাক বিশ্বাসে কৰিব বিচৰা নাই। ২০১৮ চনতো ভাইৰেল হৈছিল এই ছবিখন। সেই সময়ত ভবা হৈছিল যে ‘থাগছ অৱ হিন্দুস্তান’ ছবিখনৰ বাবেই বিগ বিৰ এই লুক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ