--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামন্ত ৰুথ প্ৰভু আৰু নাগা চৈতন্যৰ সম্পৰ্কক লৈ চৰ্চাৰ শেষ নাই। প্ৰেম, বিবাহ, বিবাহ বিচ্ছেদৰ বাহিৰেও এই দুই দক্ষিণৰ তাৰকা শিৰোনামত আহিছে বিভিন্ন কাৰণত।  নাগা চৈতন্যই নতুনকৈ প্ৰেমত পৰাৰ গুঞ্জন উঠিছে এইবাৰ।

উল্লেখ্য যে, ২০১৭ চনত সামন্থা ৰুথ প্ৰভুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নাগা চৈতন্য। বিবাহৰ চাৰি বছৰ একেলগে কটাইছে দুয়ো, আক্কিনেনী পৰিয়াল পোহৰাই তুলিছিল ‘পুষ্পা’ৰ আইটেম গাৰ্ল সামান্থাই। কিন্তু হঠাত্‍ তেওঁৰ সুখৰ সংসাৰত ফাঁট মেলিবলৈ লয় আৰু ২০২১ চনত নাগা আৰু সামন্থাই যৌথ বিবৃতিযোগে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। স্বা‌ভাৱিকতে, এই খবৰ জোকাৰি গৈছিল মনোৰঞ্জন জগত। বিষয়টো আজিও চৰ্চিত হৈ থকা দেখা যায়।

পিছে সময়ৰ লগে লগে দুয়ো নিজৰ ব্যক্তিগত জীৱনৰ কথাবোৰ আৰু অধিক দকৈ ভাবিবলৈ লৈছে। নাগা চৈতন্যৰ বাবে  সামন্থা এতিয়া অতীত, নাগা চৈতন্যই নতুনকৈ প্ৰেমৰ ৰাৰ উঠিছে গুঞ্জন। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, মডেল-অভিনেত্ৰী ছোভিতা ধুলিপালাৰ  প্ৰেমত পৰিছে হেনো নাগা চৈতন্য। দুয়োকে কেইবাবাৰো একেলগে দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত।

নতুন সম্পৰ্কৰ গুঞ্জনক লৈ অৱশ্যে নাগা বা ছোভিতা কোনেও মুখ খোলা নাই।  নাগা চৈতন্যৰ নতুন ঘৰত প্ৰায়ে ছোভিতাক দেখিবলৈ পোৱা বুলিও প্ৰকাশ পাইছে। তথাপি, দুয়োৰে পৰা এই সম্পৰ্কৰ আনুষ্ঠানিক অনুমোদন নোপোৱালৈকে এই গুঞ্জনৰ যে মোখনি নপৰে, সেয়া ধুৰূপ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ