--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ যুটিটো সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। তেওঁলোকৰ পাৰভঙা মৰম দেখি অনুৰাগীসকল বৰকৈ উৎসাহী হৈ পৰে। শেহতীয়াকৈ এই দম্পতী এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হৈ উঠাৰ পাছত সংসাৰখনৰ ৰং দুগুণে চৰিছে। কিন্তু নিক আৰু প্ৰিয়ংকাই মাত্ৰ এটি কন্যা সন্তানৰ মাতৃ হৈ সন্তুষ্ট থাকিব বিচৰা নাই। জোনাছ দম্পতীৰ পৰিকল্পনা শুনিলে আপুনিও স্তম্ভিত হৈ পৰিব। চলিত বৰ্ষৰ জানুৱাৰী মাহত নিক আৰু প্ৰিয়ংকাৰ ঘৰলৈ এটা ভাল খবৰ আহিল। চেৰ’গেচিৰ জৰিয়তে এই দম্পতী পিতৃ-মাতৃ হ’ল। তেওঁলোকে কন্যা সন্তানটিৰ নাম ৰাখিলে মালতী মেৰী চোপ্ৰা জোনাছ। কিন্তু নিকৰ ইচ্ছা বহুত সন্তানৰ পিতৃ হোৱাৰ।
 নিক জোনাছে এটা সাক্ষাৎকাৰত কৈছিল যে প্ৰিয়ংকা চোপ্ৰা তেওঁৰ জীৱনৰ এক অতি সুন্দৰ অংশ আৰু তেওঁৰ সৈতে নিকে এটা ডাঙৰ পৰিয়াল গঢ়িবলৈ পৰিকল্পনা কৰিছে। নিকে লগতে কৈছিল ''সন্তানৰ সৈতে আমাৰ এক অতি সুন্দৰ যাত্ৰা হ’ব। মই প্ৰিয়ংকাৰ পৰা আৰু বহুতো সন্তান বিচাৰো।'' আনহাতে প্ৰিয়ংকা চোপ্ৰাইও এক সাক্ষাৎকাৰত কৈছিল যে তেওঁক ১১টা সন্তান লাগে। এই উত্তৰ দিয়াৰ পাছতেই অভিনেত্ৰীগৰাকীয়ে জোৰেৰে হাঁহি দিছিল। প্ৰিয়ংকাই কয় যে ''মই এটা সম্পূৰ্ণ ক্ৰিকেট দল বনাব বিচাৰো আৰু এটা ক্ৰিকেট দল বনাবলৈ ১১টা শিশুৰ প্ৰয়োজন। নিকেও বহু সন্তানৰ পিতৃ হোৱাটো বিচাৰে। গতিকে মই ১১টা সন্তানৰ মাতৃ হ'বলৈ সাজু।''
 উল্লেখ্য যে ২০১৮ চনত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ বিবাহপাশত আবদ্ধ হৈছিল। নিক জোনাছৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইল চালেই বুজিব যে নিক’ৰ প্ৰিয়ংকাৰ প্ৰতি থকা আবেগ আৰু মৰম কেতিয়াও কম হোৱা নাই। ভাৰতৰ ৰাজস্থানত অৱস্থিত উমৈদ ভৱনত হিন্দু ৰীতি-নীতি আৰু খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি দুয়োৰে বিয়া হৈছিল। সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমে তেওঁলোকৰ বিবাহৰ প্ৰচাৰ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ