--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছৰ যুটিটো সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়। তেওঁলোকৰ পাৰভঙা মৰম দেখি অনুৰাগীসকল বৰকৈ উৎসাহী হৈ পৰে। শেহতীয়াকৈ এই দম্পতী এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হৈ উঠাৰ পাছত সংসাৰখনৰ ৰং দুগুণে চৰিছে। কিন্তু নিক আৰু প্ৰিয়ংকাই মাত্ৰ এটি কন্যা সন্তানৰ মাতৃ হৈ সন্তুষ্ট থাকিব বিচৰা নাই। জোনাছ দম্পতীৰ পৰিকল্পনা শুনিলে আপুনিও স্তম্ভিত হৈ পৰিব। চলিত বৰ্ষৰ জানুৱাৰী মাহত নিক আৰু প্ৰিয়ংকাৰ ঘৰলৈ এটা ভাল খবৰ আহিল। চেৰ’গেচিৰ জৰিয়তে এই দম্পতী পিতৃ-মাতৃ হ’ল। তেওঁলোকে কন্যা সন্তানটিৰ নাম ৰাখিলে মালতী মেৰী চোপ্ৰা জোনাছ। কিন্তু নিকৰ ইচ্ছা বহুত সন্তানৰ পিতৃ হোৱাৰ।
 নিক জোনাছে এটা সাক্ষাৎকাৰত কৈছিল যে প্ৰিয়ংকা চোপ্ৰা তেওঁৰ জীৱনৰ এক অতি সুন্দৰ অংশ আৰু তেওঁৰ সৈতে নিকে এটা ডাঙৰ পৰিয়াল গঢ়িবলৈ পৰিকল্পনা কৰিছে। নিকে লগতে কৈছিল ''সন্তানৰ সৈতে আমাৰ এক অতি সুন্দৰ যাত্ৰা হ’ব। মই প্ৰিয়ংকাৰ পৰা আৰু বহুতো সন্তান বিচাৰো।'' আনহাতে প্ৰিয়ংকা চোপ্ৰাইও এক সাক্ষাৎকাৰত কৈছিল যে তেওঁক ১১টা সন্তান লাগে। এই উত্তৰ দিয়াৰ পাছতেই অভিনেত্ৰীগৰাকীয়ে জোৰেৰে হাঁহি দিছিল। প্ৰিয়ংকাই কয় যে ''মই এটা সম্পূৰ্ণ ক্ৰিকেট দল বনাব বিচাৰো আৰু এটা ক্ৰিকেট দল বনাবলৈ ১১টা শিশুৰ প্ৰয়োজন। নিকেও বহু সন্তানৰ পিতৃ হোৱাটো বিচাৰে। গতিকে মই ১১টা সন্তানৰ মাতৃ হ'বলৈ সাজু।''
 উল্লেখ্য যে ২০১৮ চনত প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছ বিবাহপাশত আবদ্ধ হৈছিল। নিক জোনাছৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইল চালেই বুজিব যে নিক’ৰ প্ৰিয়ংকাৰ প্ৰতি থকা আবেগ আৰু মৰম কেতিয়াও কম হোৱা নাই। ভাৰতৰ ৰাজস্থানত অৱস্থিত উমৈদ ভৱনত হিন্দু ৰীতি-নীতি আৰু খ্ৰীষ্টান ৰীতি-নীতি অনুসৰি দুয়োৰে বিয়া হৈছিল। সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমে তেওঁলোকৰ বিবাহৰ প্ৰচাৰ কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু