--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিধ্বংসী ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰিলে আফগানিস্তানক। দেশ খনত মৃত্যুৰ সংখ্যা ইতিমধ্যে ২,০০০ অতিক্ৰম কৰিছে। শনিবাৰে 'কাবুলিৱালাৰ দেশ' আফগানিস্তাক কেইবাটাও শক্তিশালী  ভূমিকম্পই  জোকাৰি গৈছিল। দুটা শক্তিশালী ভূমিকম্পৰ সৰ্বাধিক প্ৰাৱল্য  ৰিখটাৰ স্কেলত ৬.৩ আছিল।

 ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল হেৰাট চহৰৰ পৰা ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমত ।ভূমিকম্পৰ ফলত হেৰাট প্ৰদেশত  মৃত্যুৰ সংখ্যাই ২,০০০ৰ ঘৰ অতিক্ৰম কৰিছে। আফগানিস্তানৰ তালিবানৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ভূমিকম্পত নিহত ২০৫৩ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ধ্বংসস্তুপৰ মাজত এতিয়াও বহু লোক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে। শনিবাৰে হোৱা ভূমিকম্পৰ পিছতে কমেও সাতটা আফটাৰশ্বকৰ খবৰ পোৱা গৈছে।পিছত হোৱা  ভূমিকম্পবোৰৰ  সৰ্বনিম্ন প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৩। 

 হেৰাটৰ দুৰ্যোগ সঁহাৰি বাহিনীৰ মুৰব্বী মোছা আছাৰীয়ে কয় "এতিয়ালৈকে, আমাৰ ওচৰত ৯,০০০ ৰো অধিক মহিলা, শিশু আৰু বৃদ্ধ লোকৰ আঘাতপ্ৰাপ্ত হোৱাৰ  খবৰ আহি পৰিছে।’’শেহতীয়াকৈ আফগানিস্তানে বহু কেইটা  প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে।  ২০২২ চনৰ জুন মাহতো দেশ খনত  বিধ্বংসী ভূমিকম্পই যথেষ্ট ক্ষতি সাধন কৰিছিল। সেই সময়ত দেশ খনত ভূমিকম্পত ১,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।

 লাখ লাখ লোক গৃহহীন হৈছিল। চলিত  বছৰৰ মাৰ্চ মাহত আফগানিস্তান আৰু পাকিস্তানত হোৱা ভূমিকম্পত ১৩ জন লোকৰ মৃত্যু হৈছিল। এতিয়া আকৌ দেশ খনত আৰম্ভ হৈছে আন এক  ধ্বংসলীলা।  ২০২১ চনত তালিবানে কাবুলৰ নিয়ন্ত্ৰণ পুনৰ দখল কৰাৰ পিছৰে পৰা দেশ খনত অসামৰিক লোকৰ জীৱন অতি সংকটত পৰিছে। দৰিদ্ৰতা আৰু তালিবানৰ সন্ত্ৰাসৰ  মাজত প্ৰাকৃতিক দুৰ্যোগে পৰিস্থিতিটো অধিক  অসহনীয় কৰি তুলিছে।

 হেৰাট প্ৰদেশ ইৰাণ সীমান্তৰ পৰা ১২০  কিলোমিটাৰ (৭৫  মাইল) পূবত অৱস্থিত আৰু ইয়াক আফগানিস্তানৰ সাংস্কৃতিক ৰাজধানী বুলি গণ্য কৰা হয়। আনুমানিক ১.৯ নিযুত লোকে এই  প্ৰদেশত বাস কৰি আহিছে। 

আফগানিস্তান সঘনাই ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হয় ,  বিশেষকৈ হিন্দুকুশ পৰ্বতমালাত অৱস্থিত আফগানিস্তান  ইউৰেচিয়ান আৰু ভাৰতীয় টেকটনিক প্লেটৰ সংযোগস্থলৰ ওচৰত অৱস্থিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি