--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিধ্বংসী ভূমিকম্পই মৃত্যু উপত্যকাত পৰিণত কৰিলে আফগানিস্তানক। দেশ খনত মৃত্যুৰ সংখ্যা ইতিমধ্যে ২,০০০ অতিক্ৰম কৰিছে। শনিবাৰে 'কাবুলিৱালাৰ দেশ' আফগানিস্তাক কেইবাটাও শক্তিশালী  ভূমিকম্পই  জোকাৰি গৈছিল। দুটা শক্তিশালী ভূমিকম্পৰ সৰ্বাধিক প্ৰাৱল্য  ৰিখটাৰ স্কেলত ৬.৩ আছিল।

 ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল হেৰাট চহৰৰ পৰা ৪০ কিলোমিটাৰ উত্তৰ-পশ্চিমত ।ভূমিকম্পৰ ফলত হেৰাট প্ৰদেশত  মৃত্যুৰ সংখ্যাই ২,০০০ৰ ঘৰ অতিক্ৰম কৰিছে। আফগানিস্তানৰ তালিবানৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ভূমিকম্পত নিহত ২০৫৩ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ধ্বংসস্তুপৰ মাজত এতিয়াও বহু লোক আবদ্ধ হৈ থকা বুলি সন্দেহ কৰা হৈছে। শনিবাৰে হোৱা ভূমিকম্পৰ পিছতে কমেও সাতটা আফটাৰশ্বকৰ খবৰ পোৱা গৈছে।পিছত হোৱা  ভূমিকম্পবোৰৰ  সৰ্বনিম্ন প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.৩। 

 হেৰাটৰ দুৰ্যোগ সঁহাৰি বাহিনীৰ মুৰব্বী মোছা আছাৰীয়ে কয় "এতিয়ালৈকে, আমাৰ ওচৰত ৯,০০০ ৰো অধিক মহিলা, শিশু আৰু বৃদ্ধ লোকৰ আঘাতপ্ৰাপ্ত হোৱাৰ  খবৰ আহি পৰিছে।’’শেহতীয়াকৈ আফগানিস্তানে বহু কেইটা  প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈছে।  ২০২২ চনৰ জুন মাহতো দেশ খনত  বিধ্বংসী ভূমিকম্পই যথেষ্ট ক্ষতি সাধন কৰিছিল। সেই সময়ত দেশ খনত ভূমিকম্পত ১,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।

 লাখ লাখ লোক গৃহহীন হৈছিল। চলিত  বছৰৰ মাৰ্চ মাহত আফগানিস্তান আৰু পাকিস্তানত হোৱা ভূমিকম্পত ১৩ জন লোকৰ মৃত্যু হৈছিল। এতিয়া আকৌ দেশ খনত আৰম্ভ হৈছে আন এক  ধ্বংসলীলা।  ২০২১ চনত তালিবানে কাবুলৰ নিয়ন্ত্ৰণ পুনৰ দখল কৰাৰ পিছৰে পৰা দেশ খনত অসামৰিক লোকৰ জীৱন অতি সংকটত পৰিছে। দৰিদ্ৰতা আৰু তালিবানৰ সন্ত্ৰাসৰ  মাজত প্ৰাকৃতিক দুৰ্যোগে পৰিস্থিতিটো অধিক  অসহনীয় কৰি তুলিছে।

 হেৰাট প্ৰদেশ ইৰাণ সীমান্তৰ পৰা ১২০  কিলোমিটাৰ (৭৫  মাইল) পূবত অৱস্থিত আৰু ইয়াক আফগানিস্তানৰ সাংস্কৃতিক ৰাজধানী বুলি গণ্য কৰা হয়। আনুমানিক ১.৯ নিযুত লোকে এই  প্ৰদেশত বাস কৰি আহিছে। 

আফগানিস্তান সঘনাই ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হয় ,  বিশেষকৈ হিন্দুকুশ পৰ্বতমালাত অৱস্থিত আফগানিস্তান  ইউৰেচিয়ান আৰু ভাৰতীয় টেকটনিক প্লেটৰ সংযোগস্থলৰ ওচৰত অৱস্থিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল