--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটন : ‘প্ৰতিশোধ লোৱা হ’ব।’ কাবুল বিমানবন্দৰত বৃহস্পতিবাৰে সংঘটিত আত্মঘাতী আক্ৰমণৰ পাছতে এই হুংকাৰ দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। ১৩জনকৈ কৰ্তব্যৰত মাৰ্কিন সেনা জোৱানসহ শতাধিক লোকৰ প্ৰাণ কাঢ়ি নিয়া এই আক্ৰমণ সংঘটিত কৰিছিল আই এছ সন্ত্ৰাসবাদীয়ে। তাৰ পাছতে তৎপৰ হৈ পৰিছে আমেৰিকা। আফগান ভূমিৰ পৰা নিজৰ নাগৰিক আৰু দেশ ত্যাগ কৰিব বিচৰা লোকসকলক উদ্ধাৰ অভিযান চলাই থকা মাৰ্কিন সেনাৰ ওপৰত হোৱা আক্ৰমণৰ মূল্য ভৰিব লাগিব বুলি বাইডেনে হুংকাৰ দিয়াৰ পাছতে মাৰ্কিন সেনাই ড্ৰোন আক্ৰমণ সংঘটিত কৰিছে আই এছৰ ঘাটীত।

ইছলামিক ষ্টেট-খোৰাচান নামেৰে পৰিচিত মৌলবাদী সন্ত্ৰাসবাদীৰ দলটোৱে এই আক্ৰমণ সংঘটিত কৰিছিল আৰু এই আক্ৰমণৰ পৰিকল্পনাকাৰীৰ ওপৰত শুকুৰবাৰে ড্ৰোন আক্ৰমণ চলোৱাৰ কথা প্ৰকাশ কৰিছে মাৰ্কিন সেনাই। আফগানিস্তানৰ নানগাৰহাৰ প্ৰদেশত এই এয়াৰ ষ্ট্ৰাইক কৰা হৈছে আৰু ‘লক্ষ্য’ক নিহত কৰা হৈছে বুলি মাৰ্কিন সেনাৰ এজন বিষয়াই দাবী কৰিছে।

এই আক্ৰমণৰ ফলত কোনো অসামৰিক লোক হতাহত হোৱা নাই বুলিও সদৰি কৰে মাৰ্কিন সেনাৰ চেণ্ট্ৰেল কমাণ্ডৰ কেপ্টেইন বিল আৰবানে। এনে প্ৰত্যাক্ৰমণে আমেৰিকাৰ প্ৰতিশোধৰ হুংকাৰৰ পূৰণ কৰিলেও ই দেশখনত পুনৰ যুদ্ধৰ সূত্ৰপাত ঘটোৱাৰ আশংকাও পুনৰ গাঢ় হৈ পৰিছে। তালিবানৰ ত্ৰাসে জৰ্জৰিত কৰি ৰখা দেশখনত এইবাৰ আই এছৰ এনে উত্থানো ভয়ংকৰ ভৱিষ্যতৰ ইংগিত বুলি চিহ্নিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ