--°C
Loading...
Listen to Article
2 min read
80%

ইস্তানবুলঃ তুৰ্কীৰ ৰাষ্ট্ৰপতি তায়িপ এৰ্ডোগানে বিশ্বজুৰি মুছলমানসকলৰ ওপৰত দিয়া অপবাদ আৰু অন্যায়ৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনাইছে। ইস্তানবুলত ইছলামিক কৰ্পোৰেচন য়ুথ ফ'ৰামৰ চতুৰ্থ সাধাৰণ সভাত এৰ্ডোগানে এটা ভিডিঅ’ বাৰ্তাত এই আহ্বান জনায়। মুছলমানসকলৰ প্ৰতি যিকোনো অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদৰ আহ্বান জনাই এৰ্ডোগানে কয় যে, ‘চিৰিয়া, আফগানিস্তানৰ পৰা বিশ্বব্যাপী মুছলমানসকলে আজি সংঘৰ্ষ, প্ৰব্ৰজন, দৰিদ্ৰতা আৰু ৰোগৰ সন্মুখীন হৈছে। মুছলমানসকলে তেওঁলোকৰ শান্তি আৰু কল্যাণৰ দায়িত্ব ল’ব লাগিব। আমি গোলকীয় সুৰক্ষা আৰু মানৱজাতিৰ ভৱিষ্যতৰ বাবে অন্যায়ৰ বিৰুদ্ধে থিয় দিব লাগিব।’


তুৰ্কীৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সদৰী কৰে যে, ‘বিশ্বই এতিয়া মানৱ ইতিহাসৰ ইতিহাসত আটাইতকৈ অস্থিৰ সময় অতিবাহিত কৰিছে। নিৰাপত্তাজনিত সমস্যা, সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু কৰ’না ভাইৰাছে মানুহৰ সুখ-শান্তি কাঢ়ি নিছে।’ বিশ্বজুৰি, বিশেষকৈ পশ্চিমীয়া সমাজত ইছলাম ভীতি বৃদ্ধি পাইছে বুলি উল্লেখ কৰি এৰ্ডোগানে কয় যে, তুৰ্কীয়ে যেতিয়াই সুযোগ পায় তেতিয়াই বিশ্বব্যাপী হোৱা অন্যায়ৰ ওপৰত আলোকপাত কৰে। তেওঁ যুৱসকলক ৰাজনীতি, শিক্ষা, ক্ৰীড়া, ব্যৱসায় আৰু সামাজিক জীৱনত সক্ৰিয় ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ