--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন’ৰ বিৰুদ্ধে আজিও উত্তৰ-পূৱৰ নানা প্ৰান্তত অব্যাহত প্ৰতিবাদ। আজি নগালেণ্ডৰ পৰা এই আইনখন প্ৰত্যাহাৰৰ দাবীৰ প্ৰায় ১০০ নগা লোকে ডিমাপুৰৰ পৰা ৰাজধানী ক’হিমালৈ পদযাত্ৰা আৰম্ভ কৰিছে।


উত্তৰ-পূৱৰ পৰা এই ক’লা আইনখন প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক জনসাধাৰণে তীব্ৰ দাবী জনোৱাৰ উপৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’কে ধৰি কেইবাজনো প্ৰভাৱশালী ৰাজনৈতিক নেতাই দাবী উত্থাপন কৰিছিল। কেৱল এয়াই নহয়, এই ক’লা আইনৰ বিৰুদ্ধে সদনত ঠিয় দিছিল লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী, আছাদুদ্দিন ওৱেছিৰ দৰে নেতাও। কিন্তু জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদ, বিৰোধী দলৰ সমালোচনাকো কৰ্ণপাত নকৰি কেন্দ্ৰীয় চৰকাৰে বলৱৎ ৰাখিছে উত্তৰ-পূৱত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন।


নাগালেণ্ডৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবীত সোমবাৰে পুৱা ডিমাপুৰৰ ছুপাৰমাৰ্কেটৰ পৰা ক’হিমালৈ আৰম্ভ কৰা হৈছে পদযাত্ৰা। সোমবাৰে পিফেমালৈ যোৱাৰ পথত নিশা ৰৈ প্ৰতিবাদকাৰীসকল মঙলবাৰে কোহিমাত উপস্থিত হ'ব। কহিমাত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ যোগেদি ৰাজ্যখনৰ পৰা আইনখন তাৎক্ষণিকভাৱে আঁতৰাবলৈ অনুৰোধ জনাই কেন্দ্ৰলৈ এখন স্মাৰকপত্ৰ দাখিল কৰিব। ডিমাপুৰৰ উপায়ুক্ত ৰাজেশ সৌন্দৰৰাজনে দেওবাৰে চৰ্তসাপেক্ষে এই পদযাত্ৰা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে। প্ৰতিবাদকাৰী সকলে সকলো কোভিড-১৯ এছঅ'পি আৰু প্ৰট’কল মানি চলিব লাগিব।


উল্লেখযোগ্য যে যোৱা বছৰৰ ৪ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাৰ ওটিঙত সেনাৰ নিৰ্বিচাৰ গুলী চালনাৰ ফলত ১৩ জনকৈ নীৰিহ নাগৰিকে প্ৰাণ হেৰুৱাব লগা হৈছিল। কেন্দ্ৰই বলপূৰ্বকভাৱে উত্তৰ-পূৱত জাপি দিয়া সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বাবেই এনে নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উঠিছিল। যি আইনে দিয়া অবাধ স্বাধীনতাৰ জোৰত সেনা বাহিনীয়ে সন্দেহৰ ভিত্তিত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে গুলীচালনা পৰ্যন্তও কৰিব পাৰে। এই আইনখন বিশেষকৈ অশান্ত জৰ্জৰ অঞ্চলবোৰত জাৰী কৰা হয় যিবোৰ ঠাইত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দ্বাৰা দেশ আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি থাকে। কিন্তু লক্ষণীয়ভাৱে দেশৰ কেৰেলা, মহাৰাষ্ট্ৰ, বিহাৰকে আদি কৰি কেইবাখনো ৰাজ্যত মাওবাদীকে ধৰি বিভিন্ন বিচ্ছিন্নতাবাদী আৰু উগ্ৰবাদী সংগঠনৰ কাৰ্যকলাপ দেখিবলৈ পোৱা যায় যদিও সেই ৰাজ্য সমূহ এই আইনৰ পৰা মুক্ত। কিন্তু উত্তৰ-পূৱৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এতিয়া শান্তিৰ বাতাবৰণ ঘূৰি আহিছে বুলি দাবী কৰা পাছতো কিয় অসম তথা উত্তৰ-পূৱৰ পৰা এই ক’আইনখন প্ৰত্যাহাৰৰ দাবী কেন্দ্ৰ চৰকাৰক ডনোৱা নাই সেয়া লক্ষণীয় কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?