--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন’ৰ বিৰুদ্ধে আজিও উত্তৰ-পূৱৰ নানা প্ৰান্তত অব্যাহত প্ৰতিবাদ। আজি নগালেণ্ডৰ পৰা এই আইনখন প্ৰত্যাহাৰৰ দাবীৰ প্ৰায় ১০০ নগা লোকে ডিমাপুৰৰ পৰা ৰাজধানী ক’হিমালৈ পদযাত্ৰা আৰম্ভ কৰিছে।


উত্তৰ-পূৱৰ পৰা এই ক’লা আইনখন প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক জনসাধাৰণে তীব্ৰ দাবী জনোৱাৰ উপৰি কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’কে ধৰি কেইবাজনো প্ৰভাৱশালী ৰাজনৈতিক নেতাই দাবী উত্থাপন কৰিছিল। কেৱল এয়াই নহয়, এই ক’লা আইনৰ বিৰুদ্ধে সদনত ঠিয় দিছিল লোকসভাৰ বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী, আছাদুদ্দিন ওৱেছিৰ দৰে নেতাও। কিন্তু জনসাধাৰণৰ তীব্ৰ প্ৰতিবাদ, বিৰোধী দলৰ সমালোচনাকো কৰ্ণপাত নকৰি কেন্দ্ৰীয় চৰকাৰে বলৱৎ ৰাখিছে উত্তৰ-পূৱত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন।


নাগালেণ্ডৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন তাৎক্ষণিকভাৱে বাতিল কৰাৰ দাবীত সোমবাৰে পুৱা ডিমাপুৰৰ ছুপাৰমাৰ্কেটৰ পৰা ক’হিমালৈ আৰম্ভ কৰা হৈছে পদযাত্ৰা। সোমবাৰে পিফেমালৈ যোৱাৰ পথত নিশা ৰৈ প্ৰতিবাদকাৰীসকল মঙলবাৰে কোহিমাত উপস্থিত হ'ব। কহিমাত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ যোগেদি ৰাজ্যখনৰ পৰা আইনখন তাৎক্ষণিকভাৱে আঁতৰাবলৈ অনুৰোধ জনাই কেন্দ্ৰলৈ এখন স্মাৰকপত্ৰ দাখিল কৰিব। ডিমাপুৰৰ উপায়ুক্ত ৰাজেশ সৌন্দৰৰাজনে দেওবাৰে চৰ্তসাপেক্ষে এই পদযাত্ৰা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰে। প্ৰতিবাদকাৰী সকলে সকলো কোভিড-১৯ এছঅ'পি আৰু প্ৰট’কল মানি চলিব লাগিব।


উল্লেখযোগ্য যে যোৱা বছৰৰ ৪ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাৰ ওটিঙত সেনাৰ নিৰ্বিচাৰ গুলী চালনাৰ ফলত ১৩ জনকৈ নীৰিহ নাগৰিকে প্ৰাণ হেৰুৱাব লগা হৈছিল। কেন্দ্ৰই বলপূৰ্বকভাৱে উত্তৰ-পূৱত জাপি দিয়া সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বাবেই এনে নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উঠিছিল। যি আইনে দিয়া অবাধ স্বাধীনতাৰ জোৰত সেনা বাহিনীয়ে সন্দেহৰ ভিত্তিত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ লগতে গুলীচালনা পৰ্যন্তও কৰিব পাৰে। এই আইনখন বিশেষকৈ অশান্ত জৰ্জৰ অঞ্চলবোৰত জাৰী কৰা হয় যিবোৰ ঠাইত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দ্বাৰা দেশ আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি থাকে। কিন্তু লক্ষণীয়ভাৱে দেশৰ কেৰেলা, মহাৰাষ্ট্ৰ, বিহাৰকে আদি কৰি কেইবাখনো ৰাজ্যত মাওবাদীকে ধৰি বিভিন্ন বিচ্ছিন্নতাবাদী আৰু উগ্ৰবাদী সংগঠনৰ কাৰ্যকলাপ দেখিবলৈ পোৱা যায় যদিও সেই ৰাজ্য সমূহ এই আইনৰ পৰা মুক্ত। কিন্তু উত্তৰ-পূৱৰ প্ৰভাৱশালী ৰাজনৈতিক নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত এতিয়া শান্তিৰ বাতাবৰণ ঘূৰি আহিছে বুলি দাবী কৰা পাছতো কিয় অসম তথা উত্তৰ-পূৱৰ পৰা এই ক’আইনখন প্ৰত্যাহাৰৰ দাবী কেন্দ্ৰ চৰকাৰক ডনোৱা নাই সেয়া লক্ষণীয় কথা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক