--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ নিৰ্বাচন আয়োগে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছতে এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ ওপৰতে সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ হৈ ৰৈছে। পঞ্জাবৰ শাসকীয় কংগ্ৰেছ দলক আভ্যন্তৰীণ কলহে জৰ্জৰিত কৰাৰ সময়তে শেহতীয়াকৈ এটা সকাহৰ খবৰ আহিছে। পঞ্জাব কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগুৱাই আহিছে এগৰাকী বিশেষ নেত্ৰী। তেওঁক লৈ পঞ্জাব কংগ্ৰেছত এতিয়া উৎসাহ পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলত যোগদান কৰিছে প্ৰখ্যাত অভিনেতা ছনু ছুডৰ ভগ্নী মালৱিকা ছুডে।

কংগ্ৰেছৰ বাবে মালৱিকা ছুডৰ যোগদানৰ গুৰুত্ব কিমান তাৰ প্ৰমাণ দিয়ে মুখ্যমন্ত্ৰী চন্নী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি নৱজ্যোৎ সিং সিদ্ধু দুয়ো ছুডৰ ঘৰলৈ গৈ তেওঁক কংগ্ৰেছলৈ আদৰণি জনোৱাটোৱে। ক’ভিডকালীন পৰিস্থিতিত অভিনেতা ছনু ছুডে ৰাজপথত আলাই-আথানি হোৱা প্ৰব্ৰজিত শ্ৰমিকসকলক সৰ্বতোপ্ৰকাৰৰ সহায়-সহযোগিতাৰে ব্যাপক চৰ্চা লাভ কৰিছিল। ছনুৱে নিৰ্বাচনী ৰাজনীতিত জড়িত হোৱা সম্পৰ্কীয় জল্পনা-কল্পনা নস্যাৎ কৰিছিল যদিও তাৰ পাছতে চৰ্চালৈ আহিছিল তেওঁৰ ভগ্নী সমাজকৰ্মী মালৱিকা ছুডৰ নাম। এতিয়া কংগ্ৰেছৰ টিকটত তেওঁ পঞ্জাব বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হ’ল। ছনুৱে তেওঁৰ ভগ্নীৰ এই ৰাজনৈতিক যাত্ৰাক সমৰ্থন জনাব বুলি প্ৰকাশ কৰিছে, যিটো কংগ্ৰেছৰ বাবে অতি ইতিবাচক কথা হ’ব পাৰে। কিয়নো বিগত সময়ছোৱাত সমাজ হিতৈষী কাম-কাজেৰে, বিশেষকৈ তেওঁ লকডাউনৰ সময়ত বিভিন্ন ঠাইত আবদ্ধ হৈ পৰা প্ৰব্ৰজিত শ্ৰমিকসকলৰ কল্যাণৰ বাবে যিবোৰ কাম কৰিছিল তাৰ বাবে ছনু ছুড দেশৰ মানসৰ হিৰোত পৰিণত হৈছিল। তেওঁক সাধাৰণ মানুহে একপ্ৰকাৰ ভগৱানৰ শাৰীলৈ উত্তৰণ ঘটাইছিল। এতিয়া ৰাজনৈতিক পথাৰত তেওঁৰ এই ইমেজে কংগ্ৰেছক পৰোক্ষভাৱে নিশ্চয় সহায় কৰিব পাৰে।

পঞ্জাব কংগ্ৰেছৰ মুৰব্বী সিদ্ধুৱে এই পদক্ষেপক আখ্যা দিছে ‘গেম চেঞ্জাৰ’ হিচাপে। তেওঁ কয়, ‘মুখ্যমন্ত্ৰী আৰু দলৰ সভাপতি দুয়ো এগৰাকী ব্যক্তিৰ ঘৰলৈ গৈ তেওঁক এনেদৰে দললৈ আদৰণি জনোৱাটো এটা বিৰল ঘটনা। তেওঁ সেই সন্মানৰ যোগ্য। মালৱিকা ছুদে কংগ্ৰেছত যোগ দিয়াটোক ক্ৰিকেটীয় ভাষাত আখ্যা দিব পাৰি ‘গেম চেঞ্জাৰ’ হিচাপে।’ সিদ্ধু আৰু চন্নী দুয়োৰে উপস্থিতিত কংগ্ৰেছত যোগদান কৰি মালৱিকা ছুডে কয় যে, ৰাজ্যখনৰ জনগণক সেৱাৰ কৰাৰ বাবেই তেওঁ ৰাজনীতিত ভৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পঞ্জাবৰ মোগা জিলাত থকা ছুড পৰিয়ালৰ ঘৰতে এই যোগদান অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে, বিগত নৱেম্বৰ মাহতে ছনু ছুডে তেওঁৰ ভগ্নীয়ে কংগ্ৰেছত যোগদান কৰিব বুলি ঘোষণা কৰিছিল। পঞ্জাবত অহা ১৪ ফেব্ৰুৱাৰীত একেটা পৰ্যায়তে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। ভোট গণনা হ’ব ১০ মাৰ্চত।

ইফালে সিদ্ধু, ছনু ছুড আৰু তেওঁৰ ভগ্নীৰ আলোকচিত্ৰ টুইট কৰি পঞ্জাব যুৱ কংগ্ৰেছে ব্যাপক উৎসাহপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পঞ্জাব যুৱ কংগ্ৰেছে ঘোষণা কৰিছে যে, পঞ্জাবৰ ভৱিষ্যৎ এতিয়া সাজু। উল্লেখ্য যে, উচ্চ শিক্ষিত মালৱিকা ছুড সমাজকৰ্মী হিচাপে অতি জনপ্ৰিয়। তেওঁৰ জনপ্ৰিয়তাই কংগ্ৰেছক উপকৃত কৰিব বুলি ভাবিয়েই কংগ্ৰেছ শিবিৰ উৎসাহিত হৈ পৰা দেখা গৈছে। তদুপৰি ছনু ছুডৰ জনপ্ৰিয়তাৰ ছিটিকনিও যে এতিয়া কিছু হ’লেও কংগ্ৰেছৰ ফালে আহিব সেয়া নিশ্চিত বুলিব পাৰি। এনে পৰিপ্ৰেক্ষিতত নিৰ্বাচনৰ পূৰ্বে অন্তৰকন্দলত জৰ্জৰিত হোৱা কংগ্ৰেছে কিছু হ’লেও আত্মবিশ্বাস ঘূৰাই পোৱাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?