--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ দেশৰ ৰাজনৈতিক পৰিস্থিতি এতিয়া উত্তপ্ত হৈ পৰিছে। ব্যাপক চৰ্চা চলিছে উত্তৰ প্ৰদেশ, গোৱা, পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ডৰ সমাগত নিৰ্বাচনক লৈ। শাসক-বিৰোধী উভয়েই ৰণদুন্দুভী বজাই নিজৰ নিজৰ সমৰ প্ৰস্তুতিৰ উমান দিছে। কাৰ হাতত থাকিব শাসনৰ বাঘজৰী, কোনে এই মৰণপণ যুঁজত ধৰাশায়ী হ’ব তাক লৈ চলিছে নানা চৰ্চা। শাসকে নিজৰ গাদী সুৰক্ষিত ৰাখিবলৈ সক্ষম হ’ব নে বিৰোধীয়ে নিজৰ হাতৰ মুঠিলৈ আনিবলৈ সক্ষম হ’ব শাসনৰ বাঘজৰী তাক লৈও চলিছে চৰ্চা। এনে পৰিপ্ৰেক্ষিতত ‘এবিপি নিউজ’-এ, ‘চি ভোটাৰ’ৰ সৈতে মিলি চলোৱা ‘প্ৰাক নিৰ্বাচনী সমীক্ষা’ বা ‘অপিনিয়ন প’ল’ক লৈ ব্যাপক চৰ্চা চলিছে। এই দুই সংবাদ মাধ্যমে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ৰণত সম্ভাৱ্য বিজয়ীৰ তালিকা প্ৰস্তুত কৰিছে। গ্ৰাউণ্ড জিৰ’ পৰ্যায়ত চলোৱা সমীক্ষাৰ তথ্যৰ আধৰত সম্ভাব্য বিজয়ী দলৰ তালিকা প্ৰস্তুত কৰিছে এবিপি নিউজ আৰু চি ভোটাৰে।


এইবাৰ বিভিন্ন কাৰণত পঞ্জাবৰ ৰাজনীতিয়ে দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে। কৃষক বিদ্ৰোহৰ উত্তপ্ত সময়ত পঞ্জাবৰ পূৰ্বৰ শাসকীয় দল শিৰোমণি আকালী দলে বিজেপিৰে তেওঁলোকৰ পুৰণি মিত্ৰতা ত্যাগ কৰিবলৈ বাধ্য হৈছিল। তাৰ পাছত কংগ্ৰেছৰ অন্তঃকলহে লাভ কৰিছিল ব্যাপক চৰ্চা। সিদ্ধু বনাম অমৰিন্দৰ সিঙৰ বিদ্ৰোহৰ পৰিণতিস্বৰূপে কংগ্ৰেছ চৰকাৰৰ খুঁটি লৰা দেখিবলৈ পোৱা গৈছিল। তাৰ পাছত মুখ্য মন্ত্ৰীৰ আসন এৰি নতুন দল গঠন কৰিছিল কেপ্টেইন অমৰিন্দৰ সিঙে। কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দলৰ সুবিধা ল’বলৈ উঠি পৰি লাগিছিল আম আদমী পাৰ্টী। ইফালে অমৰিন্দৰ সিঙে বিজেপিৰ কাষ চাপিছে আৰু কৃষকসকলে তেওঁলোকৰ ৰণ জয় কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষকৰ সন্মিলিত দল ‘সংযুক্ত সমাজ মৰ্চা’ আপৰ কাষ চপাৰো খবৰ ওলাইছে। এনে পৰিপ্ৰেক্ষিতত পঞ্জাবৰ নিৰ্বাচনী যুঁজে আকৰ্ষণীয় ৰূপ লোৱাৰ সম্ভাৱনা আছে। তাৰ ইংগিত পোৱা গৈছে এই প্ৰাক নিৰ্বাচনী সমীক্ষাতো। পঞ্জাবৰ ১১৭খন আসনৰ ভিতৰত সৰ্বাধিক ৫২-৫৮খন আসন আপে পোৱাৰ সম্ভাৱনা আছে বুলি সমীক্ষাত প্ৰকাশ পাইছে। কংগ্ৰেছে ৩৭-৪৩খন আসন, অকালী দলে ১৭ৰপৰা ২৩খন বিজেপিয়ে ১ৰপৰা ৩খন আৰু অন্যই এখন আসন লাভৰ সম্ভৱনা দেখুওৱা গৈছে। অৰ্থাৎ কোনো দলেই একক সংখ্যা গৰিষ্ঠতা পোৱাৰ সম্ভাৱনা নাই বুলি ধাৰণা কৰা হৈছে।
একেদৰে উত্তৰাখণ্ডৰ ৭০খন আসনৰ ভিতৰত বিজেপিয়ে ৩১-৩৭খন আসন লাভৰ বিপৰীতে কংগ্ৰেছে ৩০-৩৬ আৰু আম আদমী পাৰ্টীয়ে ২-৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে বুলি অনুমান কৰা হৈছে। তাতো এটা দলে একক সংখ্যাগৰিষ্ঠতা পোৱাৰ সম্ভাৱনা দেখুওৱা হোৱা নাই।


গোৱাৰ ৪০খন আসনৰ ভিতৰত বিজেপিয়ে ১৯-২৩খন আসন লাভ কৰি শাসনৰ গাদী দখলৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। কংগ্ৰেছে ৪ৰপৰা ৮খন আসন লাভ কৰাৰ সম্ভাৱনা থকাৰ কথা কোৱা হৈছে। আপে গোৱাত সৰ্বতোপ্ৰকাৰে চেষ্টা চলাইছে যদিও তেওঁলোকে তাত এখনো আসন পোৱাৰ সম্ভাৱনা প্ৰকট হোৱা নাই সমীক্ষাত। মণিপুৰৰ ৬০খন আসনৰ ভিতৰত বিজেপিয়ে ২৩-২৭খন আসন, কংগ্ৰেছে ২২-২৬খন আসন আৰু অন্যই ৫-৯খন আসন লাভ কৰিব বুলি ধাৰণা কৰা হৈছে।


এই নিৰ্বাচনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশত শাসকীয় দল বিজেপিয়েই ক্ষমতা দখল কৰিব বুলি সমীক্ষাত দেখুওৱা হৈছে। বিজেপিয়ে ২২৩-২৩৫খন আসন লাভৰ সম্ভাৱনাৰ কথা কোৱা হৈছে। আনহাতে বিৰোধী দল সমাজবাদীয়ে ১৪৫-১৫৭খন আসন লাভ কৰিব বুলি কোৱা হৈছে। বিএছপিয়ে ৪-১৬খন আসনতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰাৰ বিপৰীতে কংগ্ৰেছৰ অৱস্থাও অতি শোচনীয় হৈ ৰোৱাটো স্পষ্ট হৈ পৰিছে। আপাততঃ বিজেপি তথা যোগী আদিত্যনাথৰ বিৰুদ্ধে অধিষ্ঠানিবিৰোধী ঢৌ থকা বুলি ধাৰণা কৰিলেও এইবাৰো ৰাজ্যখনৰ সৰহসংখ্যক বাসিন্দাই যোগীকে মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ