--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গো-সুৰক্ষাৰ নামত বিগত সময়ছোৱাত দেশত ভালেমান অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। তথাকথিত গো-ৰক্ষকৰ আক্ৰমণত মৃত্যু হৈছে ভালেমান সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ। গোমাংস খোৱা বা গোধনৰ সৰবৰাহৰ অভিযোগত এনেদৰে নিৰ্বিচাৰ আক্ৰমণৰ বলি হৈছে সমাজৰ একাংশ লোক। উত্তৰপ্ৰদেশ, গুজৰাট, অসমকে ধৰি বিজেপিশাসিত বিভিন্ন ৰাজ্যত গোৰক্ষাৰ কঠোৰ আইন প্ৰণয়ন কৰা হৈছে। কিন্তু বিজেপিৰ এনে প্ৰচাৰ আৰু তথাকথিত কঠোৰ আইনে গোধনক সুৰক্ষিত কৰি তোলাত সফল হৈছেনে? শেহতীয়াকৈ পোহৰলৈ অহা ভালেমান বা-বাতৰিয়ে এই সম্পৰ্কত সৃষ্টি কৰিছে ডাঙৰ প্ৰশ্নবোধকৰ। শেহতীয়াকৈ গোধনৰ প্ৰতি অমানৱীয় আচৰণৰ কেইবাটাও ঘটনা পোহৰলৈ আহিছে।

কেইবাখনো বিজেপিশাসিত ৰাজ্যত গোধনৰ কি বিলাই বিপত্তি হৈছে সেয়া দেখিলে কোনো সংবেদনশীল লোকৰে অন্তৰত অভিঘাতৰ সৃষ্টি নোহোৱাকৈ নাথাকে। গোধনৰ এনে বিলাই বিপত্তিৰ ভালেমান উদাহৰণ দাঙি ধৰি কংগ্ৰেছ দলে বিজেপিৰ প্ৰতি তীব্ৰ বিষোদগাৰ কৰিছে। দলটোৱে অভিযোগ কৰিছে যে, গোধনৰ সুৰক্ষাৰ শ্লোগান বিজেপিৰ কাৰণে কেৱল মানুহক দেখুৱাবলৈহে। বিজেপিশাসিত একাধিক ৰাজ্যত গোধন অৱস্থা অতি শোচনীয় হৈ পৰিছে। গো সুৰক্ষাৰ নামত ব্যাপক পৰিমাণৰ ধন আৱণ্টন কৰাৰ পাছতো গোধনৰ অৱস্থাৰ পৰিৱৰ্তন হোৱা নাই বৰং একপ্ৰকাৰ নাৰকীয় পৰিস্থিতিত দেশৰ বিভিন্ন গোশালা পৰিচালিত হৈছে।


এটা অতি শিহৰণকাৰী ঘটনাত পোহৰলৈ আহিছে যে, উত্তৰ প্ৰদেশৰ বান্দা জিলাত ভালেসংখ্যক অসুস্থ গাইগৰুক জীৱন্তে সমাধিস্থ কৰা হৈছিল। এই ঘটনাৰ ভিডিঅ’ই দুটামান দিনৰ আগতে তীব্ৰ চৰ্চা লাভ কৰে। শেহতীয়াকৈ শাসকীয় দলৰ বিধায়কৰ নেতৃত্বতে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। কংগ্ৰেছে এই ঘটনাৰ উদ্ধৃতিৰে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰু তেওঁলোকৰ গোৰক্ষাৰ শ্লোগানক মানুহক দেখুৱাবলৈহে বুলি অভিযোগ কৰিছে। ছ’চিয়েল মিডিয়াত দলটোৱে প্ৰচাৰ কৰা এলানি অভিযোগৰ ভিতৰত অন্যতম হৈছে হাৰিয়ানাৰ গোশালাত গোবধৰ অভিযোগো।


লকডাউনৰ সময়ত হাৰিয়ানৰ এটা গোশালাত ৮০টাকৈ গোধনৰ ভোকতে মৃত্যু হোৱা বুলি অভিযোগ কৰিছে কংগ্ৰেছ দলে। কেৱল এয়াই নহয়, ১১০০গৰু ৰাখিব পৰা গোশালাটোত অতি অস্বাস্থ্যকৰ পৰিস্থিতিত ১৮৫০টা গোধন ৰখাৰো অভিযোগ আনিছে কংগ্ৰেছ দলে। ইয়াৰ উপৰি মধ্যপ্ৰদেত সংঘটিত আন এক শোকাৱহ ঘটনাৰো উদাহৰণ দাঙি ধৰিছে কংগ্ৰেছ দলে। বিজেপিশাসিত মধ্যপ্ৰদেশত ৰীৱা নামৰ ঠাইখনত ১৫০টাকৈ গোধনক অতি নিষ্ঠুৰভাৱে মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ ঘটনা অলপতে পোহৰলৈ আহিছিল। এই গোধনবোৰক হাজাৰ ফুট গভীৰ খাদলৈ ঠেলি পেলাই দিয়াৰ অভিযোগ উঠিছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে ইয়াৰে ৩০টা গোধনৰ শোকাৱহ মৃত্যু হয় আৰু ৫০টাই অতি শোচনীয় অৱস্থাত মৃত্যুৰ সৈতে যুঁজ কৰি থাকিবলগীয়া হৈছে। এই গোধনবোৰৰ হাড়-মূৰ ভাঙি চূচুৰ্মৈ হোৱা বুলি অভিযোগ উঠিছিল। বিজেপিশাসিত ৰাজ্যতে গোধনৰ এনে দুৰ্দশাৰ কথা পোহৰলৈ অহাৰ পাছতে বিজেপিৰ গোসুৰক্ষাৰ শ্লোগান যে কেৱল এটা চমকহে বুলি অভিযোগ উঠিছে।
এনে দুষ্কাৰ্যবোৰক কংগ্ৰেছ দলে ৰাজনৈতিক ইছ্যু তুলি ধৰাৰ চেষ্টা কৰিছে আৰু বিজেপিক প্ৰতিহত কৰাৰ জৰিয়তে গোধনৰ সুৰক্ষা নিশ্চিত কৰাৰ শ্লোগান দিয়া দেখা গৈছে। গোসুৰক্ষাৰ বাবে নানা আইন প্ৰণয়ন তথা গোধনৰ বাবে এম্বুলেঞ্চৰো ব্যৱস্থা কৰাৰ দৰে চমকৰ মাজতে বিজেপিশাসিত ৰাজ্যত গোধনৰ দুৰ্দশাৰ এনে মৰ্মান্তিক খবৰে সকলোকে চকিত কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম