--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • নাগালেণ্ডৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে ৰাজ্যখনত আগৰ কাঠৰ খেতি বৃদ্ধি আৰু নিয়ন্ত্ৰণৰ বাবে যোৰহাটস্থিত ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

নাগালেণ্ডত আগৰ কাঠৰ খেতিৰ ব্যৱস্থাপনা অধিক সুসংহত কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগে যোৰহাটস্থিত ইণ্ডিয়ান কাউন্সিল অৱ ফৰেষ্ট্ৰী ৰিচাৰ্চ এণ্ড এডুকেচন–ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট (আইচিএফআৰই-আৰএফআৰআই)ৰ সৈতে এক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰিছে। ডিমাগপুৰৰ বন কাৰ্যালয় চৌহদত ১ আগষ্টত এই চুক্তি স্বাক্ষৰ কৰা হয়।

নাগালেণ্ড চৰকাৰৰ হৈ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ প্ৰধান সচিব ৱাই কিকিহেটো ছেমাই চুক্তিত স্বাক্ষৰ কৰে। আনহাতে, আইচিএফআৰই-আৰএফআৰআইৰ হৈ ইয়াৰ সঞ্চালক ড০ নিতিন কুলকাৰ্ণীয়ে স্বাক্ষৰ কৰে। এই চুক্তিখনক ৰাজ্যখনত আগৰ কাঠৰ উৎপাদন আৰু ব্যৱস্থাপনাৰ বাবে এক সুপৰিকল্পিত ব্যৱস্থা গঢ়ি তোলাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।

প্ৰধান সচিব ৱাই কিকিহেটো ছেমাই উল্লেখ কৰে যে প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে থকা স্বত্বেও আগৰ কাঠৰ ক্ষেত্ৰত ৰাজ্যখনত কোনো আনুষ্ঠানিক নীতি নাছিল। ইয়াৰ অভাৱত অসমৰ পৰা অহা লোকে নাগালেণ্ডৰ আগৰ কাঠ লৈ গুচি গৈছিল। এই চুক্তিৰ জৰিয়তে আগৰ কাঠৰ খেতি আৰু ইয়াৰ সম্পদৰ সঠিক ব্যৱস্থাপনাত সহায় হ'ব বুলি আশা কৰা হৈছে, যাৰ ফলত ৰাজ্যৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পৰিব।

এই বুজাবুজি চুক্তিখনে নাগালেণ্ডত আগৰ কাঠৰ বৈজ্ঞানিক খেতি, গৱেষণা আৰু প্ৰশিক্ষণৰ পথ প্ৰশস্ত কৰিব। ই স্থানীয় কৃষকসকলক লাভান্বিত কৰাৰ লগতে ৰাজ্যৰ বন সম্পদৰ বহনক্ষম ব্যৱস্থাপনাতো এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক