--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ নতুন দিল্লীত আজি দিল্লী চৰকাৰে জাৰি কৰিলে হালধীয়া সতৰ্কতা৷ হালধীয়া সতৰ্কতাৰ সময়ত দিল্লীত বিদ্যালয়সমূহ বন্ধ থাকিব৷ দিল্লী নগৰত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত গ্ৰেডেড ৰেচপন্স একচন প্লেন (জিআৰএপি)ৰ অধীনত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সদৰী কৰিছে৷


মুখ্যমন্ত্ৰীয়ে এক উচ্চ পৰ্যায়ৰ বৈঠকত ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত কয় যে, দিল্লীত ক’ভিডৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে কিন্তু বেছিভাগ লোকৰ মৃদু লক্ষণ থকাৰ বাবে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। এই সময়ছোৱাত দিল্লীত নাইট কাৰ্ফিউ অব্যাহত থাকিব৷ অপ্ৰয়োজনীয়ভাৱে দোকান-পোহাৰ খোলাত বাধা আৰোপ কৰাৰ লগতে মেট্ৰ’ ৰে’ল আৰু বাছত ৫০% আসনতহে বহাৰ সুবিধা থাকিব৷ মুখ্যমন্ত্ৰীয়ে ক’ভিড বিধি কঠোৰভাৱে মোকাবিলা কৰিবলৈ নিৰ্দেশ দিছে।

লক্ষ্যণীয়ভাৱে, দিল্লী চৰকাৰে নতুন বছৰ উপলক্ষে নৱবৰ্ষ উদযাপন নিষিদ্ধ কৰিছে। কালি দিল্লীত নৈশ-সান্ধ্যআইন জাৰি কৰা হৈছিল৷ দিল্লী চৰকাৰে নাইট কাৰ্ফিউ আৰু নৱবৰ্ষ উদযাপনৰ নিষেধাজ্ঞাত ৩১ ডিচেম্বৰ দিনটোকো ৰেহাই দিয়া নাই৷ অথচ, তাৰ বিপৰীতে অসমত দেখা গৈছে এখন পৃথক ছবি৷ অসমতো কৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ২৬ ডিচেম্বৰৰ পৰা জাৰি কৰা হৈছে নাইট কাৰ্ফিউ৷ কিন্তু, আশ্চৰ্যজনকভাৱে অসমত কাৰ্ফিউৰ পৰা ৰেহাই দিয়া হৈছে ৩১ ডিচেম্বৰৰ নৱবৰ্ষ উদযাপনক৷ অসম চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া৷ কিয়নো, ইয়াৰ পূৰ্বেও ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত ব’হাগ বিহু উদযাপন কৰাত বাধা নাই বুলি কৈছিল তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ এইবেলিও মুখ্যমন্ত্ৰী শৰ্মাই ৩১ ডিচেম্বৰৰ উদযাপনৰ পৰা ৰাজ্যবাসীক বঞ্চিত কৰিব খোজা নাই বুলি মন্তব্য কৰিছে৷

ব’হাগ বিহুৰ সময়ৰ পৰাই অসমত ক’ভিডৰ সংক্ৰমণ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছিল৷ এতিয়া প্ৰশ্ন উঠিছে, অসম চৰকাৰে ৩১ ডিচেম্বৰৰ দিনটো ৰেহাই দি সেই দিনটোক ক’ভিডৰ ছুপাৰস্প্ৰেডাৰ কৰিব খুজিছে নেকি? কিয়নো, এই পৰ্যন্ত ৩১ ডিচেম্বৰক লৈ কোনোধৰণৰ কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰা নাই অসম চৰকাৰে৷ যিসময়ত ভাৰতৰ প্ৰায়বোৰ ৰাজ্যই নৱবৰ্ষ উদযাপন নিষিদ্ধ কৰিছে, সেই সময়ত অসমত ৩১ ডিচেম্বৰ দিনটো ৰেহাই দিয়াক লৈ সৃষ্টি হৈছে ৰহস্যৰ৷

অসমত দেখা গৈছে জনসাধাৰণৰ পৰা আৰম্ভ কৰি মন্ত্ৰী, বিধায়ক পৰ্যন্ত কোনেও ক’ভিড বিধি মানি চলা পৰিলক্ষিত হোৱা নাই৷ মুখত মাস্ক নোহোৱাকৈয়ে পাৰ হৈ গ’ল অসম বিধানসভাৰ অধিৱেশন৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়েও ক’ভিডৰ বিধি পাহৰি হাজাৰ হাজৰ জনতাক সমবেত কৰি অনুষ্ঠিত কৰি গৈছে সভা৷ এনে পৰিপ্ৰেক্ষিতত অসম তথা ভাৰতত ক’ভিডৰ তৃতীয় ঢৌৱে ভয়ংকৰ ৰূপ পৰিগ্ৰহণ কৰাতো প্ৰায় নিশ্চিত৷ আৰু, সেয়াই যদি হ’বলৈ হয়, পুনৰবাৰ দুৰ্ভোগ ভুগিবলৈ সাজু হ’বৰ হ’ল সাধাৰণ জনতা৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি