--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘‘হম তৌ ফকীৰ হ্যে, ঝোলা লেকে নিকল পৰে…’’-এই বাক্যশাৰীৰেই নিজৰ জোলোঙাত ভৰাই গ’ল জনতাৰ আস্থা। দখল কৰি গ’ল ইখনৰ পাছত সিখন ৰাজ্য। ভ্ৰমণ কৰি গৈছে ইখনৰ পাছত সিখন দেশ। লোভ-মোহ বৰ বেছি নাই যদিও ভাল গাড়ী এখন লাগে! এদিনীয়া ভ্ৰমণত ৫-৬ যোৰ পোছাক সলোৱা ফকীৰে এইবাৰ ঘূৰিব ১২ কোটিৰ মাৰ্চিডিজত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোছাক আৰু ফটোৰ চখ সৰ্বজনবিদিত। প্ৰধানমন্ত্ৰী হোৱাৰে পৰা মোদীয়ে ব্যৱহাৰ কৰিছে ইখনৰ পাছত সিখন বিলাসী গাড়ী। এইবাৰ মোদীজী ঘূৰিব ১২ কোটিটকীয়া মাৰ্চিডিজ-মে’বেচ এছ৬৫০ত। এইখন মোদীৰ ৰেঞ্জ ৰোভাৰ ভগ আৰু টয়’টা লেণ্ড ক্ৰুজাৰতকৈও উন্নতমানৰ। মাৰ্চিডিজ-মে’বেচ এছ৬৫০-এ সৰ্বোত্তম সুৰক্ষা প্ৰদান কৰে। গাড়ীখনৰ উন্নীত খিৰিকী তথা বডীয়ে একে-৪৭ ৰাইফলৰ গুলীবৰ্ষণ প্ৰতিহত কৰিব পাৰে। ইয়াৰ খিৰিকীত থকা পলীকাৰ্বনেটৰ প্ৰলেপে শক্তিশালী বুলেট প্ৰতিহত কৰিব পাৰে। শক্তিশালী বিস্ফোৰণৰ পৰাও সুৰক্ষা দিব পৰা ক্ষমতা আছে মোদীলৈ আগবঢ়োৱা এইখন গাড়ীত। গেছ আক্ৰমণৰ সময়ত পৃথক বায়ু যোগানকাৰী ব্যৱস্থাও উপলব্ধ গাড়ীখনৰ কেবিনত।

মাৰ্চিডিজ-মে’বেচ এছ৬৫০ৰ দাম ১২ কোটি হ’লেও প্ৰধানমন্ত্ৰী মোদীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা গাড়ীখনৰ সম্পূৰ্ণ খৰচ জানিব পৰা হোৱা নাই। ইয়াৰ উপৰি মোদীৰ বহুকেইখন গাড়ী আছে। গুজৰাটৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে মোদীয়ে ব্যৱহাৰ কৰিছিল এখন বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰপিঅ’। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মোদীয়ে এখন হাই ছিকিউৰিটী বিএমডব্লিউ ৭ ব্যৱহাৰ কৰে। পৰৱৰ্তী সময়ত মোদীৰ কনভয়ত লেণ্ড ৰোভাৰ, ৰেঞ্জ ৰোভাৰ ভগ আৰু টয়’টা লেণ্ড ক্ৰুজাৰ সংযোজিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি