--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘‘হম তৌ ফকীৰ হ্যে, ঝোলা লেকে নিকল পৰে…’’-এই বাক্যশাৰীৰেই নিজৰ জোলোঙাত ভৰাই গ’ল জনতাৰ আস্থা। দখল কৰি গ’ল ইখনৰ পাছত সিখন ৰাজ্য। ভ্ৰমণ কৰি গৈছে ইখনৰ পাছত সিখন দেশ। লোভ-মোহ বৰ বেছি নাই যদিও ভাল গাড়ী এখন লাগে! এদিনীয়া ভ্ৰমণত ৫-৬ যোৰ পোছাক সলোৱা ফকীৰে এইবাৰ ঘূৰিব ১২ কোটিৰ মাৰ্চিডিজত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোছাক আৰু ফটোৰ চখ সৰ্বজনবিদিত। প্ৰধানমন্ত্ৰী হোৱাৰে পৰা মোদীয়ে ব্যৱহাৰ কৰিছে ইখনৰ পাছত সিখন বিলাসী গাড়ী। এইবাৰ মোদীজী ঘূৰিব ১২ কোটিটকীয়া মাৰ্চিডিজ-মে’বেচ এছ৬৫০ত। এইখন মোদীৰ ৰেঞ্জ ৰোভাৰ ভগ আৰু টয়’টা লেণ্ড ক্ৰুজাৰতকৈও উন্নতমানৰ। মাৰ্চিডিজ-মে’বেচ এছ৬৫০-এ সৰ্বোত্তম সুৰক্ষা প্ৰদান কৰে। গাড়ীখনৰ উন্নীত খিৰিকী তথা বডীয়ে একে-৪৭ ৰাইফলৰ গুলীবৰ্ষণ প্ৰতিহত কৰিব পাৰে। ইয়াৰ খিৰিকীত থকা পলীকাৰ্বনেটৰ প্ৰলেপে শক্তিশালী বুলেট প্ৰতিহত কৰিব পাৰে। শক্তিশালী বিস্ফোৰণৰ পৰাও সুৰক্ষা দিব পৰা ক্ষমতা আছে মোদীলৈ আগবঢ়োৱা এইখন গাড়ীত। গেছ আক্ৰমণৰ সময়ত পৃথক বায়ু যোগানকাৰী ব্যৱস্থাও উপলব্ধ গাড়ীখনৰ কেবিনত।

মাৰ্চিডিজ-মে’বেচ এছ৬৫০ৰ দাম ১২ কোটি হ’লেও প্ৰধানমন্ত্ৰী মোদীৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা গাড়ীখনৰ সম্পূৰ্ণ খৰচ জানিব পৰা হোৱা নাই। ইয়াৰ উপৰি মোদীৰ বহুকেইখন গাড়ী আছে। গুজৰাটৰ প্ৰধানমন্ত্ৰী হৈ থাকোতে মোদীয়ে ব্যৱহাৰ কৰিছিল এখন বুলেটপ্ৰুফ মহিন্দ্ৰা স্কৰপিঅ’। ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ লগে লগে মোদীয়ে এখন হাই ছিকিউৰিটী বিএমডব্লিউ ৭ ব্যৱহাৰ কৰে। পৰৱৰ্তী সময়ত মোদীৰ কনভয়ত লেণ্ড ৰোভাৰ, ৰেঞ্জ ৰোভাৰ ভগ আৰু টয়’টা লেণ্ড ক্ৰুজাৰ সংযোজিত হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক