--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০২৪ৰ ভোটগণনা আৰম্ভ হৈছে আৰু ট্ৰেণ্ডৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে। এইবাৰ দেশৰ ১৮ সংখ্যক লোক সভাৰ নির্বাচন ৭টা ভিন্ন পর্যায়ত সম্পূর্ণ হয়৷ আজি অৰ্থাৎ ২০২৪ চনৰ ৪ জুনত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। ইয়াৰ বাবে ভোট গণনাও আৰম্ভ হৈছে। ভোটগণনা কেন্দ্ৰসমূহত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। প্ৰথমে ডাক বেলটৰ ভোট গণনা কৰা হ’ল। এতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ভোট গণনা কৰা হৈছে। প্ৰাৰম্ভিক ধাৰাত শাসকীয় এন ডি এয়ে অগ্ৰগতি লাভ কৰিছে।

চুৰাট লোকসভাৰ আসন নিৰ্বাচনৰ ফলাফল এতিয়াও অহা নাই যদিও অমিত শ্বাহ গান্ধী নগৰৰ পৰা ৩ লাখ ৬০ হাজাৰ ভোটত আগবাঢ়ি আছে, আনহাতে ৰাজনাথ সিং লক্ষ্ণৌৰ পৰা ১৯৩৭২ টাতকৈ অধিক ভোটত আগবাঢ়ি আছে। আনহাতে উত্তৰ প্ৰদেশৰ আমেথিৰ স্মৃতি ইৰাণী এতিয়াও ৪৫০০০টা ভোটত পিছ পৰি আছে। নাগপুৰৰ পৰা অগ্ৰগতি লাভ কৰিছে নীতিন গাডকাৰী আৰু হামিৰপুৰ আসনৰ পৰা অগ্ৰগতি লাভ কৰিছে অনুৰাগ ঠাকুৰে।

ভোটগণনা আৰম্ভ হোৱাৰ পিছৰে পৰা এন ডি এ আৰু ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ মাজত কঠোৰ যুঁজ চলি আছে। এতিয়া ভাল অগ্ৰগতি লাভ কৰি আছে প্ৰধানমন্ত্ৰী মোদীয়ে।

ভাৰতৰ ৫৪৩খন লোকসভা আসনৰ প্ৰতিখন আসনত বিজয় সাব্যস্ত কৰিবলৈ বিভিন্ন ৰাজনৈতিক দলে সমস্ত শক্তি প্ৰয়োগ কৰিছিল। আৰু আজি তেওঁলোকৰ কষ্টৰ ফল দেখা গৈছে। এফালে বিজেপি নেতৃত্বাধীন এন ডি এয়ে একেৰাহে তৃতীয়বাৰৰ বাবে কেন্দ্ৰত চৰকাৰ গঠনৰ চেষ্টা চলাইছে, আনফালে কংগ্ৰেছ নেতৃত্বাধীন আই.এন.ডি.আই.এ. মোডী চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰাৰ চেষ্টা চলাইছে।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত গুজৰাটৰ চুৰাট লোকসভাৰ আসনখনেই একমাত্ৰ আসন য’ত নিৰ্বাচনৰ পূৰ্বেও বিজেপি প্ৰাৰ্থী মুকেশ দলালক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰা হৈছিল। গুজৰাটৰ নির্বাচনী ইতিহাসত প্রথমবাৰৰ বাবে এই ঘটনা সংঘটিত হৈছে৷ এই আসনৰ বাবে মূল বিজেপিৰ মুকেশ দলালকে ধৰি মুঠ ১১জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই আটাইকেইজন প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰিছিল যদিও মনোনয়ন প্ৰত্যাহাৰৰ দিনা ৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। যিহেতু কংগ্ৰেছ দলৰ প্ৰাৰ্থী নীলেশ কুম্ভনীৰ মনোনয়ন কাৰিকৰী ভিত্তিত নাকচ কৰা হৈছিল, তাৰ পিছতহে মুকেশ দলালক বিৰোধী ঘোষণা কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement