--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন ২০২৪ৰ ভোটগণনা আৰম্ভ হৈছে আৰু ট্ৰেণ্ডৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে। এইবাৰ দেশৰ ১৮ সংখ্যক লোক সভাৰ নির্বাচন ৭টা ভিন্ন পর্যায়ত সম্পূর্ণ হয়৷ আজি অৰ্থাৎ ২০২৪ চনৰ ৪ জুনত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল। ভোটগণনা কেন্দ্ৰসমূহত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। প্ৰথমে ডাক বেলটৰ ভোট গণনা কৰা হ’ল। এতিয়া ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ ভোট গণনা কৰা হৈছে। প্ৰাৰম্ভিক ধাৰাত শাসকীয় এন ডি এয়ে অগ্ৰগতি লাভ কৰিছে।


গুৱাহাটীত আকৰ্ষণীয় হৈ পৰে বিজুলী-মীৰাৰ যুঁজ। ৫ নং গুৱাহাটী লোকসভা সমষ্টিত নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ মীৰা বৰঠাকুৰতকৈ বহুখিনি আগবাঢ়ি গৈছে বিজুলী কলিতা মেধি। দুয়োগৰাকী প্ৰাৰ্থী অতি শক্তিশালী। 


মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত বিজুলী কলিতা মেধি ৫ লাখ ভোটৰ ব্যৱধানত জিকিব বুলি আগতীয়াকৈ মন্তব্য কৰিছিল।

শেহতীয়াকৈ বিজুলী কলিতা মেধিৰ বিষয়ে জানিবলৈ অধিক আগ্ৰহী হৈ পৰিছে অসমবাসী। 

প্ৰকৃততে কোন হয় বিজুলী কলিতা মেধি? কিয় বিজেপিয়ে টিকট প্ৰদান কৰিলে বিজুলী কলিতা মেধিক?

প্ৰাৰ্থী তালিকা ঘোষণাৰ পূৰ্বৰে পৰা চৰ্চাত আছিল গুৱাহাটী সমষ্টি। কিন্তু সকলো আচৰিত কৰি গুৱাহাটীৰ পূৰ্বৰ সাংসদ কুইন ওজাৰ স্থানত নতুন মুখ বিজুলী কলিতা মেধিক প্ৰক্ষেপ কৰিলে বিজেপিয়ে। 

একালত এখন ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল বিজুলী কলিতা মেধি।। বিজুলী কলিতা মেধি স্বামী টীকেন মেধিও বহু পুৰণি বিজেপি কৰ্মী। জ্যোতিনগৰত ‘দুখীয়া ষ্টোৰ’ নামৰ এখন গেলামালৰ দোকানৰ গৰাকী টীকেন মেধি।নিম্ন মধ্যবিত্ত পৰিয়ালৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি। বিজুলী কলিতা মেধিৰ পিতৃও আছিল বিজেপি কৰ্মী। 

গুৱাহাটীৰ হলিচাইল্ড স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে বিজুলী কলিতা মেধিয়ে। সন্দিকৈ মহাবিদ্যালয়ত কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল। সন্দিকৈ মহাবিদ্যালয়ৰ পৰাই দৰ্শন বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে


১৯৯৮চনত BJPৰ সাধাৰণ কৰ্মকৰ্তা হিচাপে যোগদান কৰিছিল বিজুলী কলিতা মেধিয়েই। ২০১৩ চনত গুৱাহাটীৰ তেতিয়া ২৩নং ৱাৰ্ডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ কাউঞ্চিলৰ হিচাপে নিৰ্বাচিত হৈছিল। ২০১৪ চনত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত। পুনৰ ২০১৬ চনত ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল বিজুলী কলিতা মেধি। ২০১৬ চনত ডেপুটী মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিজুলী কলিতা মেধিয়েই।

২০১৯ চনত ৰঞ্জিত কুমাৰ দাস ৰাজ্যিক BJPৰ সভাপতি হিচাপে নিৰ্বাচিত হওঁতে ৰাজ্যিক BJPৰ উপ সভানেত্ৰী নিৰ্বাচিত হৈছিল মেধি। ২০২২ চনত ভৱেশ কলিতা ৰাজ্যিক BJPৰ সভাপতি হিচাপে নিৰ্বাচিত হওঁতে পুনৰ ৰাজ্যিক BJPৰ উপ সভানেত্ৰী নিৰ্বাচিত হৈছিল বিজুলী কলিতা মেধি। কৰ কমিটীৰ এগৰাকী সক্ৰিয় সদস্য বিজুলী কলিতা মেধি। বিভিন্ন জিলাত প্রভাৰী হিচাপেও দায়িত্ব পালন কৰিছিল বিজুলী কলিতা মেধিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement