--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ মাণ্ডীৰ সাংসদ কংগনা ৰানাৱটে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এক অদ্ভুত অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, মই ভাবো ৰাহুল গান্ধীয়ে ড্ৰাগছ সেৱন কৰে, তেওঁৰ পৰীক্ষা কৰা উচিত। সংসদত ৰাহুল গান্ধীয়ে দিয়া এক বক্তব্যক লৈ কংগনাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

কংগনাই কয়, দেশত গণতন্ত্ৰ আছে। ইয়াত প্ৰধানমন্ত্ৰীক গণতান্ত্ৰিকভাৱে নিৰ্বাচিত কৰা হয়। তেওঁ প্ৰশ্ন কৰে, লিংগ, বয়স, জাতি আৰু শ্ৰেণীৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা হয় নেকি? কংগনাই কয়, ৰাহুলে এনেদৰে কথা পাতি প্ৰতিদিনে সংবিধানক আঘাত কৰে।

বিজেপিৰ সাংসদ কংগনাই ৰাহুল গান্ধীয়ে গণতন্ত্ৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, বয়স আৰু লিংগৰ ভিত্তিত এতিয়া প্ৰধানমন্ত্ৰী বাছনি কৰা হ’বনে? কাইলৈ ​​তেওঁ ক’ব যে ছালৰ ৰঙৰ ভিত্তিত প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰা হ’ব। তেওঁলোকে গণতন্ত্ৰক সন্মান কৰেনে?

ৰাহুল গান্ধীক লক্ষ্য কৰি কংগনাই কয়, কালি সংসদত এটা কমেডী শ্ব’ও কৰা হৈছিল, তেওঁৰ কোনো মৰ্যাদা নাই। কালি তেওঁ চক্ৰব্যুহক লৈ কথা কৈছিল। মই ভাবো তেওঁ ড্ৰাগছ সেৱন কৰে নেকি পৰীক্ষা কৰি চাব লাগে।

কংগনাই ক’লে, সংসদত উপস্থিত হোৱাৰ পিছত তেওঁলোকে যি অৱস্থাত অভদ্ৰভাৱে কথা পাতে, সেই অৱস্থা দেখি মই আচৰিত হ’লোঁ৷ মই ভাবো তেওঁৰ পৰীক্ষা কৰা উচিত, হয় তেওঁ মদ্যপান কৰিছিল নহয় ড্ৰাগছৰ প্ৰভাৱত আছিল।

কি কৈছিল ৰাহুল গান্ধীয়ে?

আচলতে সংসদত বাজেটৰ আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে মহাভাৰতৰ কথা উল্লেখ কৰিছিল। ৰাহুল গান্ধীয়ে কৈছিল, হাজাৰ হাজাৰ বছৰৰ আগতে চক্ৰব্যুহত আবদ্ধ হৈ অভিমন্যুক হত্যা কৰা হৈছিল। একেধৰণৰ চক্ৰব্যুহ এতিয়া প্ৰস্তুত কৰা হৈছে। ইয়াৰ লগত কৃষক আৰু যুৱক-যুৱতীক জড়িত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ