--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটেইনত ছোৱাইন ফ্লুৰ নতুন প্ৰজাতিত আক্ৰান্ত ৰোগী পোৱা গৈছে। এই কথা নিশ্চিত কৰি ৰোগীজনৰ তদন্ত আৰম্ভ কৰিছে স্বাস্থ্য বিষয়াসকলে। ৰোগীজন ইংলেণ্ডৰ নৰ্থ ইয়ৰ্কশ্বাৰৰ বুলি জানিব পৰা গৈছে। তেওঁ গাহৰিৰ মাজত চলাচল কৰা ভাইৰাছৰ দৰে ফ্লুৰ প্ৰজাতিৰ দ্বাৰা আক্ৰান্ত হৈছে।

ৰুটিন ফ্লু স্ক্ৰীনিং টেষ্টত A(H1N2)vৰ এই সংক্ৰমণ ধৰা পৰিছিল। ব্ৰিটেইনৰ স্বাস্থ্য সুৰক্ষা সংস্থাই জনোৱা মতে, ব্যক্তিজনৰ শ্বাস-প্ৰশ্বাসজনিত লক্ষণ, সামান্য ৰোগ আৰু সংক্ৰমণৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠিছে। তদন্তত এই সংক্ৰমণ ক’ৰ পৰা আহিছে আৰু মানৱ স্বাস্থ্যৰ প্ৰতি ইয়াৰ বিপদৰ ওপৰত চকু দিয়া হ’ব।

স্বাস্থ্য বিষয়াসকলে জনোৱা মতে, ব্ৰিটেইনত পোৱা সংক্ৰমণ বিশ্বজুৰি শেহতীয়াকৈ মানুহৰ ছোৱাইন ফ্লুৰ সংক্ৰমণৰ তুলনাত কিছু পৃথক যদিও ব্ৰিটেইনৰ গাহৰিৰ ভাইৰাছৰ সৈতে একে। গাহৰিপালকসকলে তেওঁলোকৰ পোহনিয়া গাহৰিৰ গাত ছোৱাইন ফ্লুৰ যিকোনো লক্ষণ দেখা পালেই স্থানীয় পশু চিকিৎসকক জনাই দিব লাগিব বুলিও কয় স্বাস্থ্য বিষয়াসকলে।

ফ্লুৰ দৰে লক্ষণ থকা লোকসকলক আনৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়, বিশেষকৈ যিসকল বৃদ্ধ বা দুৰ্বল, অন্যান্য স্বাস্থ্যজনিত অৱস্থাৰ সৈতে সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হয়।

উল্লেখ্য যে ২০০৯ চনত গাহৰি, চৰাই আৰু মানুহৰ মাজত বিয়পি পৰা ভাইৰাছৰ ফলত মানুহৰ শৰীৰত ছোৱাইন ফ্লুৰ মহামাৰী দেখা দিছিল। ছোৱাইন ফ্লু ভাইৰাছৰ দ্বাৰা মানুহৰ সংক্ৰমণ যে সঁচাকৈয়ে ঘটে - যোৱা ২০ বছৰত বিশ্বজুৰি A(H1N2)v ৰ ৫০টা ৰোগীৰ ৰিপৰ্ট পোৱা গৈছে। আগষ্ট মাহতো আমেৰিকাত এনেধৰণৰ খবৰ পোৱা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ