--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও ক্ষান্ত হোৱা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধ৷ ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইজৰাইলত উপস্থিত হৈছে এক্স এণ্ড টেছলাৰ চিইঅ’ ইলন মাস্ক।মাস্কে ইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুক সাক্ষাৎ কৰি এই সংঘাত সন্দৰ্ভত ইজৰাইলক সমৰ্থন কৰে।

ইলন মাস্কে ইজৰাইলক সমৰ্থন কৰি কয় যে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ গাজা পুনৰ নিৰ্মাণত সহায় কৰিব বিচাৰিব, কিন্তু পেলেষ্টাইনৰ অঞ্চলসমূহক উগ্ৰবাদৰ পৰা মুক্ত কৰাটো গুৰুত্বপূৰ্ণ।

হামাছৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কিবুটজ কাফ্ৰ আজা ভ্ৰমণলৈও নেটান্যাহুৰ সৈতে যায় মাস্ক। এই ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰি নেটান্যাহুৱে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “মই ইলন মাস্কৰ সৈতে কিবুটজ কাফ্ৰ আজা ভ্ৰমণ কৰিছিলোঁ যাতে তেওঁক হামাছে মানৱতাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বিষয়ে ওচৰৰ পৰা দেখুৱাব পাৰোঁ।”

অৱশ্যে ইজৰাইল আৰু হামাছৰ মাজত হোৱা চুক্তি অনুসৰি শুকুৰবাৰৰ পৰা (২৪ নৱেম্বৰ) চাৰিদিনীয়া যুদ্ধবিৰতি আৰম্ভ হৈছে। ইয়াৰ অধীনত ইজৰাইলত বন্দী আৰু পেলেষ্টাইন আৰু গাজাত পণবন্দী কৰি ৰখা কেইবাডজন লোকক বিনিময় কৰা হৈছে।

এই চুক্তিৰ অধীনত ইজৰাইলে ৩৯ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ বিপৰীতে হামাছে ১৩ জন পণবন্দীক মুকলি কৰি দিয়ে। ৭ অক্টোবৰৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পাছত এয়া প্ৰথম যুদ্ধবিৰতি।

গাজা ষ্ট্ৰিপত শাসন কৰা হামাছে ৭ অক্টোবৰৰ পুৱা ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ চলাই অনুপ্ৰৱেশ আৰম্ভ কৰিছিল। এই বিষয়ে নেটান্যাহুৱে কৈছিল যে আমি যুদ্ধত আছোঁ আৰু জয়ী হ’ম। আল-জাজিৰাৰ প্ৰতিবেদন অনুসৰি এই যুদ্ধত ১২০০ ইজৰাইলী লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে পেলেষ্টাইনৰ ১৪ হাজাৰ ৮৫৪ জন লোকে প্ৰাণ হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ