--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও ক্ষান্ত হোৱা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধ৷ ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইজৰাইলত উপস্থিত হৈছে এক্স এণ্ড টেছলাৰ চিইঅ’ ইলন মাস্ক।মাস্কে ইজৰাইলত প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটান্যাহুক সাক্ষাৎ কৰি এই সংঘাত সন্দৰ্ভত ইজৰাইলক সমৰ্থন কৰে।

ইলন মাস্কে ইজৰাইলক সমৰ্থন কৰি কয় যে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ শেষ হোৱাৰ পাছত তেওঁ গাজা পুনৰ নিৰ্মাণত সহায় কৰিব বিচাৰিব, কিন্তু পেলেষ্টাইনৰ অঞ্চলসমূহক উগ্ৰবাদৰ পৰা মুক্ত কৰাটো গুৰুত্বপূৰ্ণ।

হামাছৰ আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কিবুটজ কাফ্ৰ আজা ভ্ৰমণলৈও নেটান্যাহুৰ সৈতে যায় মাস্ক। এই ভ্ৰমণৰ ফটো শ্বেয়াৰ কৰি নেটান্যাহুৱে ছ’চিয়েল মিডিয়া এক্সত লিখিছে, “মই ইলন মাস্কৰ সৈতে কিবুটজ কাফ্ৰ আজা ভ্ৰমণ কৰিছিলোঁ যাতে তেওঁক হামাছে মানৱতাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বিষয়ে ওচৰৰ পৰা দেখুৱাব পাৰোঁ।”

অৱশ্যে ইজৰাইল আৰু হামাছৰ মাজত হোৱা চুক্তি অনুসৰি শুকুৰবাৰৰ পৰা (২৪ নৱেম্বৰ) চাৰিদিনীয়া যুদ্ধবিৰতি আৰম্ভ হৈছে। ইয়াৰ অধীনত ইজৰাইলত বন্দী আৰু পেলেষ্টাইন আৰু গাজাত পণবন্দী কৰি ৰখা কেইবাডজন লোকক বিনিময় কৰা হৈছে।

এই চুক্তিৰ অধীনত ইজৰাইলে ৩৯ জন পেলেষ্টাইনী বন্দীক মুকলি কৰি দিয়াৰ বিপৰীতে হামাছে ১৩ জন পণবন্দীক মুকলি কৰি দিয়ে। ৭ অক্টোবৰৰ পৰা যুদ্ধ আৰম্ভ হোৱাৰ পাছত এয়া প্ৰথম যুদ্ধবিৰতি।

গাজা ষ্ট্ৰিপত শাসন কৰা হামাছে ৭ অক্টোবৰৰ পুৱা ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ চলাই অনুপ্ৰৱেশ আৰম্ভ কৰিছিল। এই বিষয়ে নেটান্যাহুৱে কৈছিল যে আমি যুদ্ধত আছোঁ আৰু জয়ী হ’ম। আল-জাজিৰাৰ প্ৰতিবেদন অনুসৰি এই যুদ্ধত ১২০০ ইজৰাইলী লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে পেলেষ্টাইনৰ ১৪ হাজাৰ ৮৫৪ জন লোকে প্ৰাণ হেৰুৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক