--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পত্নীপ্ৰেমত মচগুল ৰণবীৰ সিং। তাৰকা পত্নী দীপিকা পাদুকনৰ প্ৰেমে তেওঁক ইমানেই মচগুল কৰিছে যে এইবাৰ তেওঁ সন্তানো বিচাৰিছে সাইলাখ দীপিকাৰ দৰে। হয়, ৰণবীৰৰ মুখত ওলাইছে সন্তানৰ কথা। টেলিভিচনৰ পৰ্দাত ছুপাৰষ্টাৰগৰাকীয়ে অকপটে কৈছে সন্তানৰ প্ৰতি তেওঁৰ হাবিয়াসৰ কথা। কেনে সন্তান লাগিব সেয়াও কৈ দিছে ৰণবীৰে। ৰণবীৰে পত্নী ডিম্পল কুইন দীপিকাৰ দৰে এজনী কন্যা সন্তান বিচাৰিছে৷

কালাৰ্চ টিভিৰ 'দা বিগ পিকচাৰ' নামৰ এটা কুইজ অনুষ্ঠানটোৰ মজিয়াৰপৰা এই ঘোষণা কৰিলে ৰণবীৰে৷ ৰণবীৰ এই বাৰ্তাৰ পাছতে এতিয়া বলীউডৰ এই তাৰকা দম্পতীৰ নতুন অতিথি সম্পৰ্কত অনুৰাগীৰ মাজত সৃষ্টি হৈছে কৌতূহলৰ৷
এগৰাকী প্ৰতিযোগীৰ সৈতে কৰা ধেমালিৰ মাজতে ৰণবীৰে কয়, ‘আপোনালোকেতো জানেই যে মই বিয়া পাতিলো আৰু এতিয়া ২, ৩বছৰৰ ভিতৰত সন্তানো জন্ম হ'ব৷ বন্ধু আপোনাৰ বৌৱেৰা (দীপিকা পাডুকন) ইমান মৰমলগা কেঁচুৱা আছিল যে মই সদায় তেওঁৰ শৈশৱৰ ফটো চাওঁ আৰু তেওঁক কওঁ সাইলাখ তেওঁৰ দৰে এটি কেঁচুৱা মোক দিলেই মোৰ জীৱন ধন্য হৈ যাব৷’


উল্লেখ্য যে, ৰণবীৰ দীপিকাই ২০১৮ চনৰ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হৈছিল৷ তাৰকা দম্পতীটোৱে 'ৰাম-লীলা', 'বাজৰাও মাস্তানী', পদ্মাৱত' আদিৰ দৰে ছুপাৰহিট ছবিত একেলগে কাম কৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ