--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ হৰৰ-কমেডী ছবি ‘স্ত্ৰী-২’ বক্স অফিচত জিলিকি আছে। ইয়াৰ উপাৰ্জনৰ গতি বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই। 'স্ত্ৰী-২' এ বক্স অফিচত প্ৰতিদিনে বিপুল সঁহাৰি লাভ কৰাৰ লগতে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰি আছে। এই ছবিখন ছবিগৃহত মানুহে এতিয়াও উপভোগ কৰি আছে। এতিয়া ‘স্ত্ৰী-২’  বিশ্বজুৰি উপাৰ্জনৰ ক্ষেত্ৰত আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

শ্ৰদ্ধা কাপুৰ আৰু ৰাজকুমাৰ ৰাওৰ ছবি ‘স্ত্ৰী-২’য়ে কেৱল দেশতে নহয় বিদেশতো জিলিকি উঠিছে। ভয়ানকতাৰ লগতে ইয়াত হাস্যৰসৰ এক প্ৰবল স্পৰ্শও আছে, যিটো দৰ্শকে ভাল পাইছে। এতিয়া ছবিখনৰ বিশ্বব্যাপী উপাৰ্জনৰ শেহতীয়া পৰিসংখ্যা ওলাইছে। এক প্ৰতিবেদন অনুসৰি ‘স্ত্ৰী-২’এ আজিৰ পৰ্যন্ত বিশ্বজুৰি মুঠ ৭০৩.২৫ কোটি টকা ব্যৱসায় কৰিছে, যিটো এক বৃহৎ অভিলেখ। ১৯ দিনত এই কৃতিত্ব অৰ্জন কৰিছে এই ছবিখনে।

হৰৰ-ক’মেডী ছবি ‘স্ত্ৰী-২’ ৱে ৭০৩.২৫ কোটি টকা সংগ্ৰহ কৰি উপাৰ্জনৰ ক্ষেত্ৰত বছৰৰ দ্বিতীয় সৰ্বাধিক ভাৰতীয় ছবিৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। এইবাৰ বিশ্বজুৰি ১০৪২.১৫ কোটি টকা সংগ্ৰহ কৰা প্ৰভাসৰ ছবি ‘কলকী ২৮৯৮ এ ডি’ এতিয়াও প্ৰথম স্থানত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ