--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত প্ৰতি মাহৰ অমাৱস্যা আৰু পূৰ্ণিমাৰ তাৰিখ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰে কিছুমান অমাৱস্যা আৰু পূৰ্ণিমাক বিশেষ মৰ্যাদা দিয়া হৈছে। বৈশাখ পূৰ্ণিমাও ইয়াৰে অন্যতম। এই দিনটোক বুদ্ধ পূৰ্ণিমা বুলিও কোৱা হয় কাৰণ ভগৱান বুদ্ধৰ জন্ম বৈশাখ পূৰ্ণিমাৰ দিনা হৈছিল। এইবাৰ ৫ মে' শুকুৰবাৰে বৈশাখ পূৰ্ণিমা আৰু বুদ্ধ পূৰ্ণিমা উদযাপন কৰা হ'ব। বৈশাখ পূৰ্ণিমা তিথিত গংগাত স্নান কৰা আৰু দান-বৰঙণি কৰাৰ বিশেষ তাৎপৰ্য আছে। এইবাৰ বৈশাখ পূৰ্ণিমা বা বুদ্ধ পূৰ্ণিমাত এক বিৰল কাকতলীয়া সংযোগ গঠিত হ’ব।

বুদ্ধ পূৰ্ণিমা ২০২৩

হিন্দু পঞ্জিকাৰ ভিত্তিত এইবাৰ ৪ মে’ৰ নিশা ১১.৩৫ বজাৰ পৰা আৰম্ভ হ’ব বুদ্ধ পূৰ্ণিমা তিথি। আনহাতে ৫ মে’ৰ নিশা ১১.০২ বজাত বুদ্ধ পূৰ্ণিমা তিথিৰ অন্ত পৰিব। উদয়া তিথিৰ মতে অহা ৫ মে’ অৰ্থাৎ শুকুৰবাৰে বুদ্ধ পূৰ্ণিমা পালন কৰা হ’ব। এই পূৰ্ণিমাত গা ধোৱাৰ আটাইতকৈ শুভ সময় পুৱা ৪.১১ বজাৰ পৰা আৰম্ভ হ’ব আৰু পুৱা ৪.৫৫ বজালৈকে থাকিব। যদি আপুনি পৱিত্ৰ নদীত গা ধুব নোৱাৰে তেন্তে ঘৰতে গা ধোৱা পানীত গংগা পানী মিহলাই স্নান কৰিলে খুবেই উপকাৰ হব। আনহাতে বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধিয়া ৫.৫৮ বজাত চন্দ্ৰ উদয় হ’ব আৰু এই সময়ত চন্দ্ৰক অৰ্ঘ্য আগবঢ়াব পাৰিব।

বুদ্ধ পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ

এইবাৰ বুদ্ধ পূৰ্ণিমাৰ দিনটোত চন্দ্ৰগ্ৰহণ হ’ব, যিটো এক বিৰল কাকতলীয়া ঘটনা। এই চন্দ্ৰগ্ৰহণ তুলা ৰাশি আৰু স্বাতী নক্ষত্ৰত সংঘটিত হৈছে। ধৰ্মগ্ৰন্থত গ্ৰহণক অশুভ বুলি গণ্য কৰা হয়, গতিকে গ্ৰহণৰ পিছত স্নান আৰু দান কৰা হয়। বুদ্ধ পূৰ্ণিমাৰ দিনা নিশা ৮ বজাৰ পিছত আৰম্ভ হোৱা চন্দ্ৰগ্ৰহণ মাজনিশা পুৱা ১ বজালৈকে চলিব। গতিকে ইয়াৰ আগত চন্দ্ৰক অৰ্ঘ্য অৰ্পণ কৰা উচিত হ'ব। যিহেতু ভাৰতত এই চন্দ্ৰগ্ৰহণ দৃশ্যমান নহ’ব, গতিকে ইয়াৰ সুতক সময়ো বৈধ নহ’ব। বুদ্ধ পূৰ্ণিমাত সত্য বিনায়ক ব্ৰত পালন কৰা হয় আৰু এই ব্ৰত ৰাখিলে দৰিদ্ৰতা দূৰ হয় বুলি বিশ্বাস কৰা হয়।












FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ