--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৈ খাকিলে যেন ওৰকে নপৰে বিকি-কেটৰিনাৰ কথা৷ বিকি-কেটৰ বিয়াৰ দিন দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীৰ মাজত৷ বিয়াখনক লৈ ভিন্ন বিষয়ত লৈ খেলি মেলি আছিল, কেতিয়াবা বিয়াৰ তাৰিখক লৈ যদি বিতণ্ডা, কেতিয়াবা বিবাহৰ স্থানক লৈ যদি আন কেতিয়াবা বিবাহৰ পঞ্জীয়নৰ তাৰিখক লৈ মত বিৰোধ।

সকলো শেষত এতিয়া দুয়োৰে মাজত অন্ত পৰিল বাক-বিতণ্ডা৷ অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিবই বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি ‘বাৰৱাৰ’ নামৰ দুৰ্গত অনুষ্ঠিত হ’ব বলীউডৰ এই বহু চৰ্চিত বিয়াখন৷ ইতিমধ্যে বিয়াখনৰ বাবে বলীউডৰ বহু নামী-দামী তাৰকাই নিমন্ত্ৰণ লাভ কৰিছে৷


শেহতীয়া খবৰ অনুসৰি, বিকি-কেটৰ বিয়াত অতিথিসকলে বিভিন্ন নিয়ম মানিহে বিয়া মণ্ডপত প্ৰৱেশ কৰিব পাৰিব৷ বিয়াত নিমন্ত্ৰিত অতিথিসকলক কেটৰ ফালৰ পৰা এটা গোপন কোড দিয়া হ’ব আৰু সেই কোড জানিলেহে তাৰকা দম্পতীৰ বিয়াত প্ৰৱেশ কৰিব পাৰিব।


নিয়মাৱলীৰ তালিকাখন ইমানতে শেষ হোৱা নাই। অতিথিসকলক ফটো নলোৱাৰ চুক্তিত স্বাক্ষৰ কৰিব লাগিব। বিয়াখনত ইতিমধ্যে মবাইল ফোন নিষিদ্ধ কৰা হৈছে লগতে তাত কোনা সংবাদ মাধ্যমৰ লোক নাথাকিব। ৰাজস্থানৰ বিলাসী প্ৰাসাদৰ বাহিৰত একাধিক আৰক্ষী মোতায়েন কৰা হ'ব আৰু তাত নিৰাপত্তাৰক্ষীৰ এটা দলও মোতায়েন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ