--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৈ খাকিলে যেন ওৰকে নপৰে বিকি-কেটৰিনাৰ কথা৷ বিকি-কেটৰ বিয়াৰ দিন দিন ওচৰ চাপি অহাৰ লগে-লগে নতুন নতুন খবৰে গৰম কৰি ৰাখিছে অনুৰাগীৰ মাজত৷ বিয়াখনক লৈ ভিন্ন বিষয়ত লৈ খেলি মেলি আছিল, কেতিয়াবা বিয়াৰ তাৰিখক লৈ যদি বিতণ্ডা, কেতিয়াবা বিবাহৰ স্থানক লৈ যদি আন কেতিয়াবা বিবাহৰ পঞ্জীয়নৰ তাৰিখক লৈ মত বিৰোধ।

সকলো শেষত এতিয়া দুয়োৰে মাজত অন্ত পৰিল বাক-বিতণ্ডা৷ অহা ৭ ৰ পৰা ৯ ডিচেম্বৰৰ ভিতৰত হোমৰ গুৰিত বহিবই বহিব কেটৰিনা কাঈফ আৰু বিকি কৌশল। ৰাজস্থানৰ জয়পুৰৰ ছৱাই মাধোপুৰ জিলাত থকা ৭০০ বছৰ পুৰণি ‘বাৰৱাৰ’ নামৰ দুৰ্গত অনুষ্ঠিত হ’ব বলীউডৰ এই বহু চৰ্চিত বিয়াখন৷ ইতিমধ্যে বিয়াখনৰ বাবে বলীউডৰ বহু নামী-দামী তাৰকাই নিমন্ত্ৰণ লাভ কৰিছে৷


শেহতীয়া খবৰ অনুসৰি, বিকি-কেটৰ বিয়াত অতিথিসকলে বিভিন্ন নিয়ম মানিহে বিয়া মণ্ডপত প্ৰৱেশ কৰিব পাৰিব৷ বিয়াত নিমন্ত্ৰিত অতিথিসকলক কেটৰ ফালৰ পৰা এটা গোপন কোড দিয়া হ’ব আৰু সেই কোড জানিলেহে তাৰকা দম্পতীৰ বিয়াত প্ৰৱেশ কৰিব পাৰিব।


নিয়মাৱলীৰ তালিকাখন ইমানতে শেষ হোৱা নাই। অতিথিসকলক ফটো নলোৱাৰ চুক্তিত স্বাক্ষৰ কৰিব লাগিব। বিয়াখনত ইতিমধ্যে মবাইল ফোন নিষিদ্ধ কৰা হৈছে লগতে তাত কোনা সংবাদ মাধ্যমৰ লোক নাথাকিব। ৰাজস্থানৰ বিলাসী প্ৰাসাদৰ বাহিৰত একাধিক আৰক্ষী মোতায়েন কৰা হ'ব আৰু তাত নিৰাপত্তাৰক্ষীৰ এটা দলও মোতায়েন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু