--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীলংকান নৌসেনাই আজি ভাৰতৰ মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে৷ ইতিমধ্যে ষ্টেলিনে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে এই দীৰ্ঘম্যাদী সমস্যাৰ স্থায়ী সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তামিলৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আজি প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি লিখি শ্ৰীলংকাৰ নৌসেনাৰ দ্বাৰা ১২জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে। ক্ষোভ প্ৰকাশ কৰি ষ্টেলিনে কয় যে শ্ৰীলংকান নৌসেনাই ধাৰাবাহিকভাৱে কৰা এনে গ্ৰেপ্তাৰে তামিলনাডুবাসীৰ বাবে গভীৰ আশংকাৰ সৃষ্টি কৰিছে। ষ্টেলিনে লিখিছে, গ্ৰেপ্তাৰ আৰু নিৰ্যাতনৰ বাৰে বাৰে সংঘটিত ঘটনাই তামিলনাডুৰ মাছমৰীয়া সম্প্ৰদায় বিশেষকৈ পালক উপসাগৰীয় অঞ্চলত নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ জীৱন- জীৱিকাত বিৰূপ প্ৰভাৱ পেলাইছে। প্ৰাথমিক পদক্ষেপ হিচাপে ষ্টেলিনে দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক আলোচনাৰ আহ্বান জনায়। লক্ষ্যণীয়ভাৱে, মাছমৰীয়াৰ বিষয়টো দুয়োখন দেশৰ মাজত চলি থকা এক বিতৰ্কিত বিষয়। প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে তেওঁ আৰু লিখিছে, ‘ক’ভিড পৰিস্থিতি স্তিমিত হোৱাৰ লগে লগে মই আপোনাক যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ (জেডব্লিউজি) জৰিয়তে আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে তৎক্ষণাৎ জোৰ দিবলৈ অনুৰোধ জনাইছোঁ। লগতে, অঞ্চলটোৰ উত্তেজনা হ্ৰাস কৰিবলৈ দুয়োখন দেশৰ মাছমৰীয়াৰ মাজত আলোচনাৰ সুবিধাও হ’ব পাৰে৷’ উল্লেখযোগ্য যে, আজি শ্ৰীলংকাৰ নৌসেনাই ১২জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু দেশৰ জলসীমাত চোৰাং চিকাৰ কৰাৰ অভিযোগত দুখন মাছ ধৰা ট্ৰলাৰ জব্দ কৰিছে বুলি আজি এক চৰকাৰী বিবৃতিত কোৱা হৈছে। তালাইমান্নাৰৰ উত্তৰে থকা সাগৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক