--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীলংকান নৌসেনাই আজি ভাৰতৰ মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে৷ ইতিমধ্যে ষ্টেলিনে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগিতামূলক প্ৰচেষ্টাৰ জৰিয়তে এই দীৰ্ঘম্যাদী সমস্যাৰ স্থায়ী সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তামিলৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আজি প্ৰধানমন্ত্ৰী মোদীলৈ চিঠি লিখি শ্ৰীলংকাৰ নৌসেনাৰ দ্বাৰা ১২জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে। ক্ষোভ প্ৰকাশ কৰি ষ্টেলিনে কয় যে শ্ৰীলংকান নৌসেনাই ধাৰাবাহিকভাৱে কৰা এনে গ্ৰেপ্তাৰে তামিলনাডুবাসীৰ বাবে গভীৰ আশংকাৰ সৃষ্টি কৰিছে। ষ্টেলিনে লিখিছে, গ্ৰেপ্তাৰ আৰু নিৰ্যাতনৰ বাৰে বাৰে সংঘটিত ঘটনাই তামিলনাডুৰ মাছমৰীয়া সম্প্ৰদায় বিশেষকৈ পালক উপসাগৰীয় অঞ্চলত নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু তেওঁলোকৰ জীৱন- জীৱিকাত বিৰূপ প্ৰভাৱ পেলাইছে। প্ৰাথমিক পদক্ষেপ হিচাপে ষ্টেলিনে দুয়োখন ৰাষ্ট্ৰৰ মাজত দ্বিপাক্ষিক আলোচনাৰ আহ্বান জনায়। লক্ষ্যণীয়ভাৱে, মাছমৰীয়াৰ বিষয়টো দুয়োখন দেশৰ মাজত চলি থকা এক বিতৰ্কিত বিষয়। প্ৰধানমন্ত্ৰীলৈ পত্ৰযোগে তেওঁ আৰু লিখিছে, ‘ক’ভিড পৰিস্থিতি স্তিমিত হোৱাৰ লগে লগে মই আপোনাক যুটীয়া কাৰ্যকৰী গোটৰ বৈঠকৰ (জেডব্লিউজি) জৰিয়তে আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে তৎক্ষণাৎ জোৰ দিবলৈ অনুৰোধ জনাইছোঁ। লগতে, অঞ্চলটোৰ উত্তেজনা হ্ৰাস কৰিবলৈ দুয়োখন দেশৰ মাছমৰীয়াৰ মাজত আলোচনাৰ সুবিধাও হ’ব পাৰে৷’ উল্লেখযোগ্য যে, আজি শ্ৰীলংকাৰ নৌসেনাই ১২জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু দেশৰ জলসীমাত চোৰাং চিকাৰ কৰাৰ অভিযোগত দুখন মাছ ধৰা ট্ৰলাৰ জব্দ কৰিছে বুলি আজি এক চৰকাৰী বিবৃতিত কোৱা হৈছে। তালাইমান্নাৰৰ উত্তৰে থকা সাগৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম