--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভাৰ মজিয়াত আজি প্ৰথমৰে পৰাই আক্ৰমণাত্মক হৈ পৰিল  বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। বিশেষকৈ হিন্দুত্বৰ প্ৰশ্নক লৈ সংসদত ৰাহুল গান্ধীয়ে পোনপটীয়াকৈ মোদীৰ চৰকাৰক আক্ৰমণ কৰে। হাতত শিৱৰ ফটো লৈ ৰাহুলে  লোকসভাত ভাষণ আৰম্ভ কৰাৰ লগে লগে শাসকীয় পক্ষৰ মাজত হাহাকাৰ লাগে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৰাহুলে সংসদত শিৱৰ ফটো প্ৰদৰ্শন কৰাৰ বিৰোধিতা কৰি কয় যে সংসদত কোনো প্লেকাৰ্ড প্ৰদৰ্শন কৰিব নালাগে। ৰাহুলে কয় যে একাংশই এতিয়া দেশতেই ধৰ্মৰ নামত বিভাজন আনিবলৈ চেষ্টা কৰি আছে। বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে  হিন্দুসকলে কেতিয়াও হিংসা বিয়পাই নিদিয়ে। 

কিন্তু বিজেপিয়ে সমগ্ৰ দেশতে হিংসা আৰু ঘৃণা বিয়পাইছে। কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাহুলৰ মন্তব্যৰ বিৰোধিতা কৰি   কয় যে সমগ্ৰ হিন্দু সমাজক এনেদৰে দোষ দিব নোৱাৰি। ৰাহুলে হিন্দুসকলক অপমান কৰিছে। মোদীৰ মন্তব্যৰ প্ৰত্যুত্তৰত ৰাহুলে কয়-  আমি মনত ৰাখিব লাগিব যে বিজেপি আৰু আৰএছএছেৰেই সমগ্ৰ হিন্দু সম্প্ৰদায় গঠিত নহয়।  ৰাহুলে NEETৰ  প্ৰশ্ন ফাদিল কেলেংকাৰী আৰু কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰক লৈ সংসদত প্ৰস্তাৱ আগবঢ়ায়। কংগ্ৰেছ নেতাগৰাকীয়ে মন্তব্য কৰে যে চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে  প্ৰশ্ন উত্থাপন কৰিলে প্ৰতিশোধৰ সন্মুখীন হ’ব লাগে। তেনে কৰাৰ বাবেই কাৰাগাৰলৈ  নিক্ষেপ কৰা হৈছে বহু বিৰোধী দলৰ নেতাক। মোকো আক্ৰমণ কৰা হৈছিল। মোৰ ঘৰটো কাঢ়ি লৈ গৈছিল। ৫৫ ঘণ্টা ধৰি জেৰা কৰিছিল  ইডিয়ে। এনেবোৰ বক্তব্যৰ জড়িয়তে লোকসভাৰ  অধিৱেশনত আজি ৰাহুলে বুজাই দিলে যে তেওঁ বিৰোধীৰ এজন শক্তিশালী নেতা। আনহাতে ইটোৰ পিছত সিটোকৈ অভিযোগেৰে ৰাহুলে কৰা  বক্তব্যত অস্বস্তিত পৰে চৰকাৰ।

শিৱৰ ছবিৰে সংসদত ভাষণ দিবলৈ আৰম্ভ কৰি  ৰাহুলে হিন্দুকলৈ এচামে ভণ্ডামী কৰি থকা বুলি কয়। ৰাহুলৰ এনে  মন্তব্যৰ বাবেই সংসদত হুলস্থুল আৰম্ভ হয় । বিৰোধী নেতাৰ ভাষণৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে  ৰাহুলৰ হিন্দু মন্তব্যৰ বিৰোধিতা কৰে। বিজেপিৰ বিৰুদ্ধে ঘৃণা বিয়পাই দিয়াৰ অভিযোগৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদ সাব্যস্ত কৰে। এনেদৰে কোনো দলক দোষাৰোপ কৰিব নোৱাৰি বুলিও তেওঁ কয়। মন কৰিবলগীয়া যে আজিৰ দিনটোতে ৰাহুলে অযোধ্যাত বিজেপিৰ পৰাজয়কো উপহাস কৰে। তেওঁ অভিযোগ কৰে যে ৰাম জন্মভূমিৰ পৰা দৰিদ্ৰ লোকক উচ্ছেদ কৰি বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। সাধাৰণ মানুহক তাৰ বিনিময়ত তেওঁলোকৰ প্ৰাপ্যখিনি দিয়া হোৱা নাই। ইয়াৰ পিছত মোদীয়ে থিয় হয় ।  বিৰোধী দলৰ  নেতা ৰাহুলে আজিও পুনৰ মাইক বন্ধ কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ