--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ভাৰতীয় ন্যায় সংহিতা বলৱৎ হ’ল। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশবাসীক শুভেচ্ছা জনায় । ন্যায় সংহিতা কাৰ্যকৰী হোৱাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি শ্বাহে  কয় যে ন্যায় সংহিতা কাৰ্যকৰী হোৱাৰ পাছত দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থা সঁচা অৰ্থত স্বাধীন হৈ পৰিল। দেশৰ স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈ গ’ল৷ এইবাৰ ন্যায়িক ব্যৱস্থা সম্পূৰ্ণ থলুৱা হৈ পৰিল। সোমবাৰে সংসদৰ পুথিভঁৰাল ভৱনত শ্বাহে সাংবাদিকসকলক ন্যায় সংহতিৰ বিষয়ে অৱগত কৰে। তেওঁ কয়, ‘স্বাধীনতাৰ ৭৭ বছৰৰ পাছত দেশৰ অপৰাধমূলক ন্যায় ব্যৱস্থা থলুৱা হৈ পৰিছে। এই ন্যায় সংহিতা সমগ্ৰ ভাৰতীয় নীতিৰ ওপৰত আধাৰিত। আজি যেতিয়া এই নতুন নিয়ম কাৰ্যকৰী হ’ল, তেতিয়াই ঔপনিৱেশিক আইন বাতিল কৰা হ’ল।” শ্বাহে কয় যে নতুন আইনে শাস্তি নহয়,  ন্যায় প্ৰতিষ্ঠা কৰিব। এই আইনখন কাৰ্যকৰী হ’লে ন্যায় ব্যৱস্থা ক্ষিপ্ৰ হ’ব।

শ্বাহে  লগতে কয় যে এই নতুন আইনত মহিলা আৰু শিশুৰ ওপৰত হোৱা অন্যায়ক সৰ্বাধিক গুৰুত্ব দিয়া হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  অনুভৱ কৰিছে যে এনে আইন আগতেই প্ৰণয়ন কৰিব লাগিছিল। শ্বাহে তেওঁৰ মন্তব্যত ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও অংশৰ  বিষয়তো আলোকপাত কৰে। দলবদ্ধ ধৰ্ষণৰ বাবে যাৱজ্জীৱন কাৰাদণ্ড, নাবালিকা ধৰ্ষণৰ বাবে মৃত্যুদণ্ডৰ কথা এই নতুন আইনত উল্লেখ কৰা হৈছে বুলি তেওঁ কয়। মন কৰিবলগীয়া যে নতুন আইন কাৰ্যকৰী হোৱাৰ এঘণ্টাৰ ভিতৰতে প্ৰথম এফআইআৰ দাখিল কৰা হৈছে। দিল্লীৰ কমলা মাৰ্কেট থানাত এজন হকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। 

অভিযোগ অনুসৰি নতুন দিল্লী ৰে’লৱে ষ্টেচনৰ ফুটব্ৰিজৰ সন্মুখৰ ঠাইখিনি দখল কৰি তেওঁ সামগ্ৰী বিক্ৰী কৰি আছিল। মন কৰিবলগীয়া যে দেশৰ ঔপনিৱেশিক আইন বিলোপ  কৰিবলৈ নতুন আইন ৰূপায়ণৰ এই যাত্ৰা মোদী চৰকাৰে বহু আগতেই আৰম্ভ কৰিছিল। সংসদৰ যোৱা অধিৱেশনত ভাৰতীয় দণ্ডবিধিৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা, ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ ঠাইত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS) আৰু ভাৰতীয় প্ৰমাণ আইন বা আই ই চিৰ ঠাইত ভাৰতীয় প্ৰমাণ আইন (বি এছ এ) – এই তিনিখন বিকল্প আইন সংসদত উত্থাপন  কৰা হৈছিল। তাৰ পিছৰ শীতকালীন অধিৱেশনত বিৰোধীৰ আপত্তিৰ পিছতো  তিনিখন নতুন আইন গৃহীত কৰা হৈছিল। অৰ্থাৎ লোকসভা নিৰ্বাচনৰ পূৰ্বে স্পষ্ট হৈ পৰিছিল যে মোদীৰ চৰকাৰে যে অপৰাধ সম্পৰ্কীয় ব্ৰিটিছ যুগৰ আইন বাতিল কৰিবলৈ গৈ আছে। কেন্দ্ৰীয় চৰকাৰে এই নতুন নিয়ম ১ জুলাইৰ পৰা কাৰ্যকৰী হ’ল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা