--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেস ডেস্কঃ ২০১৪ চনৰ বিশ্বকাপত ইটালীৰ জৰ্জিঅ’ চিয়েলিনিক খেলপথাৰতে কান্ধত কামোৰ মাৰি দিছিল উৰুগুৱেৰ লুই ছুৱেৰেজে। এইবাৰ কোপা আমেৰিকাতো বৃহস্পতিবাৰে কলম্বিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত ছুৱেৰেজে বিপক্ষ ফুটবলাৰ এজনৰ ডিঙিৰ ফালে মুখখন আগুৱাই নিয়ে। সেই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ছুৱেৰেজে কামুৰিব ওলাইছিল নেকি?

বৃহস্পতিবাৰে কলম্বিয়াৰ বিৰুদ্ধে কোপা আমেৰিকাৰ ছেমি ফাইনেলত পৰাস্ত হয় উৰুগুৱে। খেলৰ পাছত ফুটবলাৰসকলে ইজনে সিজনৰ লগত হাত মিলাই আছিল। সেই সময়ত ছুৱেৰেজে কলম্বিয়াৰ এজন ফুটবলাৰৰ ডিঙিৰ ওচৰত মুখখন ৰাখিছিল। তেওঁ কিবা ক’বলৈ নে কামোৰিব গৈছিল, বুজা হোৱা নাই। কিন্তু ছুৱেৰেজৰ এই কাণ্ডই ১০ বছৰৰ আগৰ স্মৃতিবোৰ ঘূৰাই আনে।

বিপক্ষৰ ফুটবলাৰক এবাৰতকৈ অধিক কামোৰ মাৰিছে ছুৱেৰেজে। ২০১০ চনত আজাক্সৰ হৈ খেলি থাকোঁতে তেওঁ অটমান বাক্কালক কামুৰিছিল। ৭খন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ২০১৩ চনত লিভাৰপুলৰ হৈ খেলি থকাৰ সময়তে ছুৱেৰেজে ব্ৰানিস্লাভ ইভানোভিচক কামুৰিছিল। ইয়াৰ পিছত ছুয়াৰেজক ১০খন মেচৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হয়।

২৩ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়া। উৰুগুৱেৰ বিৰুদ্ধে দ্বিতীয়াৰ্ধত ১০ জন খেলুৱৈৰ সৈতে খেলিছিল। প্ৰথমাৰ্ধৰ শেষৰ ফালে ডেনিয়েল মুনোজে ৰঙা কাৰ্ড দেখা পায়। অৱশ্যে ৩৯ মিনিটত জেফাৰচন লেৰ্মাই এটা গ’ল দি দলটোক নেতৃত্ব দিয়ে। সেই গ’লটোৰে কলম্বিয়াই মেচখনত জয়লাভ কৰে। ছুৱেৰেজে গোটেই মেচখন খেলা নাছিল। ৬৬ মিনিটত তেওঁক টেক অফ কৰা হয়। কিন্তু গ’ল দিব নোৱাৰিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ