--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ কাৰ্যসুচীত বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপি আৰ এছ এছক   আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিজেপি আৰ এছ এছৰ ফেছচিবাদী তথা জন বিৰোধী চৰিত্ৰ উদঙাই দিয়াত কোনো খুত ৰখা নাই লোকসভাৰ বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ধাৰবাহিক ভৱে সমালোচনাৰে থকা সৰকা কৰিছে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু আৰ এছ এছক৷  

প্ৰাপ্ত তথ্য অনুসৰি ১০ ছেপ্টেম্বৰত ৰাহুল গান্ধী ৱাশ্বিংটন ডি চিস্থিত জৰ্জটাউন বিশ্ববিদ্যালয়ত উপস্থিত হয়। আৰু ছাত্ৰ-ছাত্ৰীৰসকলৰ সৈতে মত বিনিময় কৰে৷ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বিজেপি-আৰএছএছৰ লগতে নিৰ্বাচন আয়োগৰ ওপৰত আক্ৰমণাত্মক বাক্যবাণেৰে থকা সৰকা কৰে৷ বিৰোধী কংগ্ৰেছ নেতাগৰাকীয়ে লোকসভা নিৰ্বাচন নিকাভাবে অনুষ্ঠিত নহ’ল বুলি মত প্ৰকাশ কৰে৷ লগতে কয় যে ‘নিৰ্বাচন আয়োগে বিজেপি য়ে বিচৰা ধৰণে কাম কৰিছিল৷ নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে নিজৰ কাম কৰিব পাৰে সেই অনুসাৰে নিৰ্বাচনি প্ৰচাৰ চলাইছিল।’ আৰু এই নিৰ্বাচন নিয়ন্ত্ৰিত নিৰ্বাচন বুলিও অভিযোগ উত্থাপন কৰে। নিৰ্বাচন নিকা হোৱা হ’লে বিজেপিয়ে ২৪০ খন আসনৰ ওচৰতো উপনীত হ’ব নোহাৰিলে হেতেন। তেওঁৰ অৰ্থনৈতিক লাভৰ বিশাল। 

বিৰোধী নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে ‘ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহ আৰ এছ এছে দখল কৰিছে শিক্ষা ব্যৱস্থাৰ ওপৰতো আৰ এছ এছে দখল কৰি লৈছে। সংবাদ মাধ্যম আৰু তদন্তকাৰী সংস্থাৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ স্থাপন কৰিছে।’ সাধাৰণ জনতাই বুজি উঠিছিল এইখন সংবিধান ৰক্ষা কৰা আৰু ধ্বংস কৰা সকলৰ মাজৰ যুঁজ বুলিও উল্লেখ কৰে৷ দলিত, অ’বিচি আৰু আদিবাসীয়ে নিজৰ অধিকাৰ লাভ কৰাৰ পৰা বঞ্চিত হৈছে বুলিও অভিযোগ উত্থাপন কৰে বিৰোধী নেতা গৰাকীয়ে৷ সমান্তৰাল ভৱে বিজেপি আৰ এছ এছো ৰাহুল গান্ধীৰ মন্তব্যৰ বাবে সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ