--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সঘনাই জলবায়ু পৰিৱৰ্তন হোৱাৰ বাবে মানৱ জীৱনত পৰিছে বিৰূপ প্ৰভাৱ৷ তাপমাত্ৰা বৃদ্ধি, ধাৰাসাৰ বৰষুণৰ লগতে বৃদ্ধি পাইছে অন্যান্য প্ৰাকিতিক দুৰ্যোগ, বিপৰ্যয় ঘটিছে মানুহৰ জীৱন-জীৱিকাৰ ক্ষেত্ৰতো।

শেহতীয়াকৈ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি দেশৰ জনসাধাৰণে অত্যাধিক গৰম আৰু প্ৰচণ্ড বৰষুণৰ পাছত তীব্ৰ ঠাণ্ডাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত লা নীনাৰ আৰম্ভণিৰ কথা সদৰি কৰিছে যাৰ বাবে সমগ্ৰ দেশতে উষ্ণতা যথেষ্ট হ্ৰাস পোৱাৰ লগতে বৰষুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

সাধাৰণতে এপ্ৰিলৰ পৰা জুন মাহৰ ভিতৰত লা নীনা আৰম্ভ হয়। অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত লা নীনা আটাইতকৈ শক্তিশালী হয় আৰু ন মাহৰ পৰা দুবছৰলৈকে থাকিব পাৰে। লা নিনাৰ সময়ত গ্রীষ্মমণ্ডলৰ প্রশান্ত মহাসাগৰীয় অঞ্চলত সমুদ্ৰপৃষ্ঠৰ উষ্ণতা স্বাভাৱিক অৱস্থাতকৈ তললৈ নামি যায়৷পূবৰ পৰা অহা বতাহ তীব্ৰতৰ হৈ পৰে, ফলস্বৰূপে দক্ষিণ আমেৰিকাৰ বিষুৱৰেখাত অধিক ঠাণ্ডা পানী জমা হয়। আৰু তাৰ প্ৰভাৱে বায়ুমণ্ডলত শীতল কৰি তোলে। লা নীনাৰ সময়ত কিছু অঞ্চল ধুমুহাময় হৈ পৰে আৰু কিছুমান অঞ্চল শুকান হৈ পৰে আৰু বহু অঞ্চল তীব্ৰ শীতৰ কৱলত পৰে। ভৰতীয় বতৰ বিজ্ঞান বিভাগে লা নিনাৰ প্ৰভাৱৰ বাবে ভাৰতটো তীব্ৰ শীত অনুভূত হ’ব বুলি অনুমান কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ