--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাহুল গান্ধীৰ ইংলেণ্ড ভ্ৰমণে শেহতীকৈ সংবাদ শিৰোনাম দখল কৰি আহিছে। কংগ্ৰেছ নেতাগৰাকীয়ে কেম্বব্ৰিজৰ একাধিক কাৰ্যসূচীত ভাগ লৈ ভাৰতৰ শেহতীয়া স্থিতি তথা বিজেপিৰ শাসনক লৈ কৰা মন্তব্যক লৈ ব্যাপক চৰ্চা চলি আছে। দেশ এতিয়া ‘দীপ ষ্টেট’ থকা তথা বিজেপিয়ে দেশথত কেৰাচিন ছটিয়াই থকা বুলি কৰা মন্তব্যক লৈ শাসকীয় বিজেপি দলে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ৰাহুলক তীক্ষ্ণ প্ৰত্যুত্তৰ দিয়া দেখা গৈছে। তাৰ মাজতে ৰাহুলৰ এখন আলোকচিত্ৰক লৈও চলিছে ব্যাপক চৰ্চা।

ৰাহুলে ছেম পিট্ৰ’ডা আৰু বিতৰ্কিত বৃটিছ সাংসদ জেৰেমী ক’ৰবিনৰ সৈতে উঠা এখন আলোকচিত্ৰক কেন্দ্ৰ কৰি ৰাহুলক সমালোচনাৰে থকা-সৰকা কৰিছে। বিতৰ্কিত বৃটিছ সাংসদগৰাকীয়ে বিভিন্ন সময়ত ভাৰতবিৰোধী তথা হিন্দুবিৰোধী স্থিতি গ্ৰহণ কৰি অহা বুলি অভিযোগ কৰি বিজেপি প্ৰশ্ন কৰিছে যে, তেওঁৰ সৈতে ৰাহুলৰ কাম কি? তেৱোঁ দেশৰ বিৰুদ্ধে থিয় দিয়া বুলি অভিযোগ কৰিছে বিজেপিয়ে।

বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই ৰাহুলৰ একাধিক আলোকচিত্ৰ সংলগ্ন কৰি টুইটযোগে আক্ৰমণ কৰে ৰাহুলক। তেওঁ লিখিছে, ‘জেৰেমী ক’ৰবিয়নৰ দৰে ভাৰতবিৰোধী লোকক সাক্ষাৎ কৰা, যিয়ে কাশ্মীৰ প্ৰসংগত পাকিস্তানৰ স্বাৰ্থৰ অনুকূল অপপ্ৰচাৰ চলাই আহিছে, অথবা চীনৰ সৈত বুজাবুজি চুক্তি কৰা আৰু ৰাজীৱ গান্ধী ফাউণ্ডেচনৰ কাৰণে চীনৰ পৰা অৰ্থ সাহায্য গ্ৰহণ কৰা, ডোকলাম কাণ্ডৰ মাজতে চীনৰ প্ৰতিনিধিক সাক্ষাৎ কৰা আদিৰ জৰিয়তে ৰাহুল গান্ধীয়ে ভাৰতবিৰোধী শক্তিৰ সৈতে অবিচলভাৱে সম্পৰ্ক ৰক্ষা কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰোধিতা কৰিবলৈ গৈ কিয় দেশৰে বিৰোধ কৰি থকা হৈছে?


পুনাৱালাই বৃটিছ সাংসদগৰাকীয়ে জম্মু-কাশ্মীৰত মানৱ অধিকাৰ হৰণ হোৱা বুলি অভিযোগ কৰি কৰা টুইট আৰু ৰাহুলে চীনৰ একাংশ লোকৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰি থকা আলোকচিত্ৰও শ্বেয়াৰ কৰে। বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱিয়াইও ৰাহুলক এই আলোকচিত্ৰখনক লৈ সমালোচনা কৰিছে। তেওঁ টুইটত লিখিছে, ‘ৰাহুল গান্ধীয়ে ইংলেণ্ডৰ বৃটিছ সাংসদ জেৰেমী ক’ৰবিনৰ সৈতে ফটো উঠিছে। এইজন জেৰেমী ক’ৰবিন ভাৰতৰ প্ৰতি তীব্ৰ ঘৃণাৰ কাৰণে জনাজাত। তেওঁ কাশ্মীৰৰ বিচ্ছিন্নতাৰ সমৰ্থক আৰু দ্ব্যৰ্থহীনভাৱে হিন্দুবিৰোধী। ৰাহুল গান্ধীয়ে অৱশেষত তেওঁৰ বিদেশী সহযোগী বিচাৰি পালে যিয়ে তেওঁৰ দৰে নিষ্ঠাৰে ভাৰতৰ বদনাম কৰি আহিছে।

এতিয়া কথা হ’ল কিহৰ বাবে জেৰেমী ক’ৰবিনৰ সৈতে সাক্ষাতৰ বাবে সমালোচনাৰ পাত্ৰ হৈ পৰিছে ৰাহুল গান্ধী। তাৰ আগেয়ে এই প্ৰশ্নৰ উত্তৰ বিচৰা ভাল যে, জেৰেমীনো কোন? এই প্রশ্নৰ উত্তৰ হৈছে যে, জেৰেমী ক’ৰবিন হৈছে ব্ৰিটিছ ৰাজনীতি আৰু লেবাৰ পাৰ্টীৰ এগৰাকী নেতা। তেওঁ ২০১৫ চনৰ পৰা ২০২০ চনলৈ বিৰোধী দলপতিৰ দায়িত্ব পালন কৰিছিল। কিন্তু কিহৰ বাবে তেওঁক বিজেপিয়ে অস্পৃশ্য বুলি গণ্য কৰিব বিচাৰিছে? কাশ্মীৰ সমস্যাক লৈ তেওঁ কৰা এটা মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছিল আৰু স্বাভাৱিকতে এই চৰ্চা আছিল নেতিবাচক। পাকিস্তানৰ সুৰতে সুৰ মিলাই তেওঁ টুইটাৰত লিখিছিল—

জম্মু-কাশ্মীৰৰ পৰিস্থিতি গভীৰভাৱে উদ্বেগজনক। তাত যিদৰে মানৱ অধিকাৰ ভংগ হৈছে সেয়া গ্ৰহণযোগ্য নহয়। জম্মু-কাশ্মীৰৰ জনগণৰ অধিকাৰক সন্মান কৰিবই লাগিব আৰু ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ বলৱৎ কৰিব লাগে। ২০১৯ চনৰ ১১ আগষ্টত তেওঁ এই টুইট কৰিছিল। তাৎপৰ্যপূৰ্ণভাৱে সেই বছৰৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰা হৈছিল।
তেওঁৰ এই টুইটক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দেশত। পাকিস্তানৰ সুৰতে সুৰ মিলাই তেওঁ এই মন্তব্য কৰা বুলি অভিযোগ কৰা হৈছিল। কেৱল এয়াই নহয় তেওঁ ভাৰতবিৰোধী আৰু হিন্দুবিৰোধী বুলিও সমালোচিত হৈ আহিছে। 

আনহাতে ৰাহুলৰ সৈতে থকা আনগৰাকী নেতা হৈছ চেম পিট্ৰ’ডা। ৰাহুল গান্ধী তথা গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠ চেম পিট্ৰ’ডাই ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক ভাৰতৰ কম্পিউটাৰ আৰু আই টি বিপ্লৱৰ পিতৃ পুৰুষ বুলি গণ্য কৰা হয়। কাৰণ ৰাজীৱ গান্ধীয়ে এই পদক্ষেপ গ্ৰহণৰ সময়ত তেওঁ আঁৰত থাকি দিশ নিৰ্দেশনা দিছিল তথা সহায় কৰিছিল। তেওঁ মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকা সময়তো আছিল প্ৰধানমন্ত্ৰীৰ পৰামৰ্শদাতা। ওড়িশাৰ তিথিয়াগড়ত জন্ম হোৱা পিট্ৰ’ডা টেলিকমিউিকেচন ইঞ্জিনীয়াৰ হোৱাৰ লগতে এগৰাকী উদ্ভাৱক আৰু উদ্যোগপতি হিচাপেও বিখ্যাত। ২০১৭ চনত তেওঁক ইণ্ডিয়ান অ’ভাৰছীজ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ