--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্থনৈতিক সংকটে গা কৰি উঠা শ্ৰীলংকাত বিক্ষুদ্ধ জনতাই মন্ত্ৰী, সাংসদৰ ঘৰ আক্ৰমণ কৰাৰ ঘটনাই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে ভাৰতৰ এখন ৰাজ্যতো শ্ৰীলংকা সদৃশ পৰিস্থিতিৰেই সৃষ্টি হৈছে৷ জনতাৰ প্ৰতিবাদত উত্তাল হৈ পৰা ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ৷ ৰাজ্যখনত কালিৰে পৰা জ্বলি আছে হিংসাৰ দাবানল৷ উন্মত্ত জনতাই জ্বলাই ভষ্মীভূত কৰিছে মন্ত্ৰীৰ লগতে বিধায়কৰো ঘৰ৷ ৰাজপথত টায়াৰ জ্বলোৱাৰ ফলত বহু ঠাইত বন্ধ হৈ পৰিছে যাতায়াত৷ কিন্তু কিহৰ বাবে জ্বলিছে অন্ধ্ৰপ্ৰদেশ? দৰাচলতে দক্ষিণৰ ৰাজ্যখনৰ এখন জিলাৰ নাম চৰকাৰে সলনি কৰিব বিচৰাৰ বাবেই এতিয়া জিলাখনত জ্বলি উঠিছে হিংসাৰ দাবানল৷ 

অন্ধ্ৰপ্ৰদেশৰ কোনাসীমা নামৰ জিলাখনৰ নাম ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ নামেৰে ৰাখিবলৈ গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাগি উঠিছে জনতা৷চৰকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবীত হিংসাত্মক কাৰ্যত লিপ্ত হৈ পৰিছে বহু লোক৷ প্ৰতিবাদী লোকসকলে আনকি অন্ধ্ৰপ্ৰদেশৰ পৰিবহণ মন্ত্ৰী পিনিপে বিশ্বৰূপ আৰু বিধায়ক পি সতীশৰ ঘৰত অগ্নিসংযোগ কৰি পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে বিৰোধী দলসমূহে চৰকাৰক কঠোৰ ভাষাৰে  সমালোচনা কৰিছে৷ 

ৰাজ্যখনৰ অমলাপুৰম চহৰত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে৷ পৰিস্থিতি নিয়ন্ত্ৰণত "সম্পূৰ্ণ বিফলতা"ৰ বাবে শাসনাধিষ্ঠিত ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিক বিৰোধীয়ে সমালোচনাৰে থকা-সৰকা কৰিছে৷ ইফালে ৰাজ্য চৰকাৰে কিছুমান দল আৰু অসামাজিক উপাদানে হিংসাত উচটনি দিয়া বুলি মন্তব্য কৰিছে৷ জিলাখনৰ নাম সলনিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা লোকসকলৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰাত বহু প্ৰতিবাদকাৰী আহত হৈছে৷ প্ৰতিবাদকাৰীসকলে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ ঘটনাও ঘটিছে৷

প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহন আৰু বাছতো জুই লগাই দিয়ে৷ ফলত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ খবৰ আহিছে। অমলাপুৰমত ১৪৪ ধাৰা জাৰি কৰি প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও জিলা খনত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে৷কোণাসীমা পৰিৰক্ষণ সমিতি, কোনাসীমা সাধনা সমিতি আৰু কোনাসীমা উদয়মা সমিতি আদিৰ দৰে সংস্থাসমূহে  পৰ্যটকক আকৰ্ষণ কৰি অহা কোনাসীমা জিলাৰ  "পৰম্পৰাগত নাম" বাহাল ৰখাৰ দাবী জনাইছে। তেলেগু দেশমৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে এক বিবৃতিত কয়, "শান্তিৰ বাবে জনাজাত কোনাসীমাত সংঘটিত অগ্নিসংযোগৰ ঘটনা দুৰ্ভাগ্যজনক৷ এয়া চৰকাৰ আৰু আৰক্ষীৰ সম্পূৰ্ণ বিফলতা।" 

জনসেনাৰ মুৰব্বী কে পৱন কল্যাণে অমলাপুৰমৰ ঘটনাক লৈ বিৰোধী দলসমূহক দোষাৰোপ কৰাৰ বাবে ৰাজ্যৰ গৃহ মন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি সোমু বীৰৰাজুই  অন্ধ্ৰপ্ৰদেশৰ শেহতীয়া ঘটনাৱলীক তীব্ৰ গৰিহণা দিয়াৰ লগতে শান্তি বজাই ৰখাত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰক সমালোচনা কৰিছে৷ অন্ধ্ৰপ্ৰদেশ কংগ্ৰেছৰ সভাপতি চাকে চাইলাজনথেও শেহতীয়া হিংসাৰ  বাবে চৰকাৰকে দোষাৰোপ কৰিছে। 

ইপিনে  অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধৰ আৰু সত্য কুমাৰকে ধৰি কেইবাজনো বিজেপি নেতাক আটক কৰে৷ জিলাৰ নাম সলনিকলৈ উত্তেজনা অব্যাহত থকাৰ সময়তে বিজেপি নেতাসকলে গুন্টুৰৰ মহাত্মা গান্ধী ৰোডত থকা জিন্না টাৱাৰৰ নাম সলনি কৰি  প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ নামেৰে দাবীত এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিল।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement