--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্থনৈতিক সংকটে গা কৰি উঠা শ্ৰীলংকাত বিক্ষুদ্ধ জনতাই মন্ত্ৰী, সাংসদৰ ঘৰ আক্ৰমণ কৰাৰ ঘটনাই বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰাৰ সময়তে ভাৰতৰ এখন ৰাজ্যতো শ্ৰীলংকা সদৃশ পৰিস্থিতিৰেই সৃষ্টি হৈছে৷ জনতাৰ প্ৰতিবাদত উত্তাল হৈ পৰা ৰাজ্যখন হৈছে অন্ধ্ৰ প্ৰদেশ৷ ৰাজ্যখনত কালিৰে পৰা জ্বলি আছে হিংসাৰ দাবানল৷ উন্মত্ত জনতাই জ্বলাই ভষ্মীভূত কৰিছে মন্ত্ৰীৰ লগতে বিধায়কৰো ঘৰ৷ ৰাজপথত টায়াৰ জ্বলোৱাৰ ফলত বহু ঠাইত বন্ধ হৈ পৰিছে যাতায়াত৷ কিন্তু কিহৰ বাবে জ্বলিছে অন্ধ্ৰপ্ৰদেশ? দৰাচলতে দক্ষিণৰ ৰাজ্যখনৰ এখন জিলাৰ নাম চৰকাৰে সলনি কৰিব বিচৰাৰ বাবেই এতিয়া জিলাখনত জ্বলি উঠিছে হিংসাৰ দাবানল৷ 

অন্ধ্ৰপ্ৰদেশৰ কোনাসীমা নামৰ জিলাখনৰ নাম ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ নামেৰে ৰাখিবলৈ গ্ৰহণ কৰা চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাগি উঠিছে জনতা৷চৰকাৰী সিদ্ধান্ত বাতিল কৰাৰ দাবীত হিংসাত্মক কাৰ্যত লিপ্ত হৈ পৰিছে বহু লোক৷ প্ৰতিবাদী লোকসকলে আনকি অন্ধ্ৰপ্ৰদেশৰ পৰিবহণ মন্ত্ৰী পিনিপে বিশ্বৰূপ আৰু বিধায়ক পি সতীশৰ ঘৰত অগ্নিসংযোগ কৰি পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলে৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে বিৰোধী দলসমূহে চৰকাৰক কঠোৰ ভাষাৰে  সমালোচনা কৰিছে৷ 

ৰাজ্যখনৰ অমলাপুৰম চহৰত আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে৷ পৰিস্থিতি নিয়ন্ত্ৰণত "সম্পূৰ্ণ বিফলতা"ৰ বাবে শাসনাধিষ্ঠিত ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিক বিৰোধীয়ে সমালোচনাৰে থকা-সৰকা কৰিছে৷ ইফালে ৰাজ্য চৰকাৰে কিছুমান দল আৰু অসামাজিক উপাদানে হিংসাত উচটনি দিয়া বুলি মন্তব্য কৰিছে৷ জিলাখনৰ নাম সলনিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰা লোকসকলৰ ওপৰত আৰক্ষীয়ে লাঠী চালনা কৰাত বহু প্ৰতিবাদকাৰী আহত হৈছে৷ প্ৰতিবাদকাৰীসকলে আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ ঘটনাও ঘটিছে৷

প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাহন আৰু বাছতো জুই লগাই দিয়ে৷ ফলত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ খবৰ আহিছে। অমলাপুৰমত ১৪৪ ধাৰা জাৰি কৰি প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও জিলা খনত এতিয়াও চেপা উত্তেজনা বিৰাজ কৰি আছে৷কোণাসীমা পৰিৰক্ষণ সমিতি, কোনাসীমা সাধনা সমিতি আৰু কোনাসীমা উদয়মা সমিতি আদিৰ দৰে সংস্থাসমূহে  পৰ্যটকক আকৰ্ষণ কৰি অহা কোনাসীমা জিলাৰ  "পৰম্পৰাগত নাম" বাহাল ৰখাৰ দাবী জনাইছে। তেলেগু দেশমৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে এক বিবৃতিত কয়, "শান্তিৰ বাবে জনাজাত কোনাসীমাত সংঘটিত অগ্নিসংযোগৰ ঘটনা দুৰ্ভাগ্যজনক৷ এয়া চৰকাৰ আৰু আৰক্ষীৰ সম্পূৰ্ণ বিফলতা।" 

জনসেনাৰ মুৰব্বী কে পৱন কল্যাণে অমলাপুৰমৰ ঘটনাক লৈ বিৰোধী দলসমূহক দোষাৰোপ কৰাৰ বাবে ৰাজ্যৰ গৃহ মন্ত্ৰীক তীব্ৰ সমালোচনা কৰিছে৷ ৰাজ্যিক বিজেপিৰ সভাপতি সোমু বীৰৰাজুই  অন্ধ্ৰপ্ৰদেশৰ শেহতীয়া ঘটনাৱলীক তীব্ৰ গৰিহণা দিয়াৰ লগতে শান্তি বজাই ৰখাত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰক সমালোচনা কৰিছে৷ অন্ধ্ৰপ্ৰদেশ কংগ্ৰেছৰ সভাপতি চাকে চাইলাজনথেও শেহতীয়া হিংসাৰ  বাবে চৰকাৰকে দোষাৰোপ কৰিছে। 

ইপিনে  অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক সুনীল দেওধৰ আৰু সত্য কুমাৰকে ধৰি কেইবাজনো বিজেপি নেতাক আটক কৰে৷ জিলাৰ নাম সলনিকলৈ উত্তেজনা অব্যাহত থকাৰ সময়তে বিজেপি নেতাসকলে গুন্টুৰৰ মহাত্মা গান্ধী ৰোডত থকা জিন্না টাৱাৰৰ নাম সলনি কৰি  প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ নামেৰে দাবীত এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিছিল।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই