--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পুনৰ উত্তপ্ত হৈছে মণিপুৰ৷ মণিপুৰৰ চুৰাচান্দপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা৷ আনকি, হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিবলৈ বাধ্য হৈছে৷ মণিপুৰৰ চুৰাচান্দপুৰত আজি বৃহৎসংখ্যক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছিল আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল৷ মণিপুৰস্থিত মানৱ অধিকাৰ কৰ্মী ড° মাৰ্ক থাংমাং হাওকিপক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ দাবীৰে ৰাজপথ কঁপাইছিল প্ৰতিবাদকাৰীসকলে৷ উল্লেখযোগ্য যে, মানৱ অধিকাৰ কৰ্মী ড° মাৰ্ক থাংমাং হাওকিপক মঙলবাৰে নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল। 

 

মণিপুৰৰ চুৰাচান্দপুৰত প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয়ৰ ফালে যাত্ৰা কৰাত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰাত নিৰাপত্তা বাহিনীৰ ওপৰত শিলাবৰ্ষণ কৰিছিল প্ৰতিবাদকাৰীয়ে৷

 পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। ইফালে, মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ আৰক্ষীয়ে জনোৱামতে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন৷ 

 

আনহাতে, পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত মণিপুৰৰ চুৰাচান্দপুৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ড° মাৰ্ক থাংমাং হাওকিপক মঙলবাৰে নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল যেতিয়া তেওঁ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে তেওঁক জাৰি কৰা চমনৰ সঁহাৰি দিয়াত বিফল হৈছিল। 

 

আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থাৰ মণিপুৰ সমিতিৰ সভাপতি ড° মাৰ্ক থাংমাং হাওকিপক মঙলবাৰে আবেলি নতুন দিল্লীৰ কিষাণগড়ত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। 

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ১৫৩-এ/৫০৫(২)ৰ অধীনত এজাহাৰ দাখিল কৰে৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন