--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: পুনৰ উত্তপ্ত হৈছে মণিপুৰ৷ মণিপুৰৰ চুৰাচান্দপুৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা৷ আনকি, হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিবলৈ বাধ্য হৈছে৷ মণিপুৰৰ চুৰাচান্দপুৰত আজি বৃহৎসংখ্যক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহিছিল আৰু আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল৷ মণিপুৰস্থিত মানৱ অধিকাৰ কৰ্মী ড° মাৰ্ক থাংমাং হাওকিপক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ দাবীৰে ৰাজপথ কঁপাইছিল প্ৰতিবাদকাৰীসকলে৷ উল্লেখযোগ্য যে, মানৱ অধিকাৰ কৰ্মী ড° মাৰ্ক থাংমাং হাওকিপক মঙলবাৰে নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল। 

 

মণিপুৰৰ চুৰাচান্দপুৰত প্ৰতিবাদকাৰীসকলে উপায়ুক্তৰ কাৰ্যালয়ৰ ফালে যাত্ৰা কৰাত নিৰাপত্তা বাহিনীয়ে বাধা আৰোপ কৰাত নিৰাপত্তা বাহিনীৰ ওপৰত শিলাবৰ্ষণ কৰিছিল প্ৰতিবাদকাৰীয়ে৷

 পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। ইফালে, মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ আৰক্ষীয়ে জনোৱামতে, বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন৷ 

 

আনহাতে, পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত মণিপুৰৰ চুৰাচান্দপুৰত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ড° মাৰ্ক থাংমাং হাওকিপক মঙলবাৰে নতুন দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছিল যেতিয়া তেওঁ তেওঁৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে তেওঁক জাৰি কৰা চমনৰ সঁহাৰি দিয়াত বিফল হৈছিল। 

 

আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থাৰ মণিপুৰ সমিতিৰ সভাপতি ড° মাৰ্ক থাংমাং হাওকিপক মঙলবাৰে আবেলি নতুন দিল্লীৰ কিষাণগড়ত থকা তেওঁৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। 

মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ১৫৩-এ/৫০৫(২)ৰ অধীনত এজাহাৰ দাখিল কৰে৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ