--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে সংবিধান সংকটত পৰিছে বুলি ভুৱা বাতৰি প্ৰচাৰ কৰি ভোট লৈ সংৰক্ষণ ব্যৱস্থাৰ অন্ত পেলোৱাৰ পোষকতা কৰিছে বুলি অভিযোগ উত্থাপন কৰি উত্তেজিত হৈ পৰে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক সঞ্জয় গাইকৱাড়। ৰাহুল গান্ধীৰ প্ৰতি আক্ৰমণাত্মক হৈ বিধায়ক গৰাকীয়ে ৰাহুল গান্ধীৰ জিভা কাটিলে ১১ লাখ টকাৰ পুৰস্কাৰ দিব বুলি কৰা আপত্তিজনক মন্তব্যৰ বাবে উত্তেজনাৰ সৃষ্টি হৈছে ৰাজনৈতক ক্ষেত্ৰখনত৷

কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি শিৱসেনাৰ বিধায়কগৰাকীয়ে কয় ‘তেঁওলোকে পিছপৰা লোক তথা জনজাতীয় লোকৰ সংৰক্ষণৰ ব্যৱস্থাৰ বিলুপ্তি ঘটোৱাৰ কথা কৈছে৷ কংগ্ৰেছ দলে সংৰক্ষণৰ অন্ত পেলোৱাৰ যি হেঁপাহ দেখুৱাইছে তাৰ পৰা কংগ্ৰেছৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে বুলি কোৱাৰ লগতে কয় ৰাহুল গান্ধীয়ে সংবিধান ধ্বংশ কৰাৰ কথা কৈছে, পিছপৰা লোকৰ মুখৰ ভাত কাঢ়ি নিয়াৰ কথা কৈছে তেওঁক মই প্ৰত্যাহবান জনাই ৰাহুল গান্ধীৰ জিভা কাটিলে ১১ লাখ টকা দিম বুলিও মন্তব্য কৰে৷’ 

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা ৰৱনীত সিং বিট্টুৱে ৰাহুল গান্ধীক কটাক্ষ কৰি দেশৰ এক নম্বৰ সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছে।সম্প্ৰতি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ ওপৰত এনে দৰে উপৰ্যুপৰি আক্ৰমাণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে বিপক্ষৰ নেতা সকল৷ প্ৰশ্ন হয় যে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটোৱে কি সূচায়? ৰাহুল গান্ধীক লৈ শংকিত হৈছে নেকি বিপক্ষ!

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক