--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে প্ৰাক্তন বিত্তমন্ত্ৰী তথা কংগ্ৰেছৰ জেষ্ঠ নেতা পি.চিদাম্বৰমে এক সংবাদমেল সম্বোধন কৰি কংগ্ৰছৰ আগন্তুক পৰিকল্পনাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিজেপি চৰকাৰৰ কাৰ্যকলাপ তথা নীতিৰ ওপৰত কঠোৰ সমালোচনা কৰে৷ কংগ্ৰেছৰ জেষ্ঠ নেতা গৰাকীয়ে বিজেপি নেতৃত্বাধীন এন.ডি.এক কটাক্ষ কৰি কয় যে সম্প্ৰতি ভাৰতীয় সংবিধানৰ অধীনত ভাৰতত এক দেশ এক নিৰ্বাচন অসম্ভৱ৷ এই নীতি কাৰ্যকৰী কৰিবলৈ প্ৰয়োজন হ’ব পাঁচটাকৈ সংবিধান সংশোধনীৰ৷ 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে কয় যে সম্প্ৰতি ভাৰতীয় সংবিধানৰ অধীনত এক দেশ এক নিৰ্বাচন সম্ভৱ নহয় তাৰ বাবে প্ৰয়োজন হ’ব পাঁচটাকৈ সংবিধান সংশোধনী৷ ইয়াৰ বাবে বৰ্তমানৰ কাৰ্যকালৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত সেই সাংবিধানিক সংশোধনীসমূহ আনিবৰ বাবে ৰাজ্যসভা বা লোকসভাত এনডিএৰ একক সংখ্যাগৰিষ্ঠতা নাই৷

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ মোদীয়ে উল্লেখ কৰিছিল যে ‘সঘনাই নিৰ্বাচন অনুষ্ঠিত কৰি থকাৰ বাবে দেশৰ বিকাশত বাধাৰ সৃষ্টি কৰিছে৷ সেয়ে এক দেশ এক নিৰ্বাচন পোষকতা কৰা হৈছে’৷ মোদী চৰকাৰৰ এই নীতি ৰূপায়ন সাংবিধানিক ভৱে অসম্ভৱ বুলি মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা পি.চিদাম্বৰমে৷ আৰু ইণ্ডিয়া গোটবন্ধনে এক দেশ এক নিৰ্বাচন সম্পূৰ্ণৰূপে নাকচ কৰিছে৷আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ দলে সংৰক্ষণ ব্যৱস্থাক অস্বীকাৰ কৰিব বিছাৰে বুলি কৰা আভিযোগ নাকচ কৰি, ‘আমি  ৫০ শতাংশ সংৰক্ষণৰ সীমা আঁতৰ কৰাৰ লগতে  জাতিৰ লোকপিয়লৰ দাবী জনাই আহিছো। সংৰক্ষণ জনসংখ্যা অনুযায়ী হ'ব লাগে বুলি হে দাবী কৰি আহিছো৷’কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে৷ 

উল্লেখযোগ্য যে মোদী চৰকাৰৰ এই নীতিৰ প্ৰতি ৪৭ টা ৰাজনৈতিক দলে সহাৰি জনোৱাৰ পৰিৱৰ্তে ৩২ টা ৰাজনৈতিক দলে সমৰ্থন আগবঢ়াইছিল আৰু ১৫ টা ৰাজনৈতিক দলে এই নীতিৰ বিৰোধীতা কৰিছিল৷বিৰোধীয়ে এই নীতি ৰাজনৈতিক লাভালাভৰ বাবে আনিব বিচাৰা হৈছে বুলি বিৰোধীসকলে সমালোচনা কৰিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক