--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে উপ-ৰাজ্যপাল ভি কে ছাক্সেনাক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ পাছতে মুকলি হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাৰ পথ৷ অৰবিন্দ কেজৰিৱালে মঙলবাৰে আম আদমি পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিছাপে শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ নাম ঘোষনা কৰিছে৷শীঘ্ৰেই আতিশী মাৰ্লেনাৰ নাম ঘোষণা কৰা হ'ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে৷

প্ৰাপ্ত তথ্য অনুসাৰি মুখ্যমন্ত্ৰী কেজৰিৱালে সন্ধিয়া ৪:৩০ বজাত উপ ৰাজ্যপাল বিনয় ছাক্সেনাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব।চলিত সপ্তাহতে নতুন মুখ্যমন্ত্ৰী তথা কেবিনেটৰ শপথ গ্ৰহণ কাৰ্যসূচী সমাপন হ’ব। ২৬ পৰা ২৭ ছেপ্টেম্বৰলৈ দুদিনীয়া বিধানসভাৰ অধিৱেশন আহ্বান কৰা হৈছে।
 
আতিশী মাৰ্লেনা মুখ্যমন্ত্ৰী ভাৰ গ্ৰহণ কৰা দিল্লীৰ তৃতীয় গৰাকী মহিলা মুখ্যমন্ত্ৰী হিছাপে পৰিগণিত হ’ব। ইয়াৰ পূৰ্বে প্ৰয়াত সুষমা স্বৰাজ আৰু শীলা দীক্ষিতে দিল্লীৰ মুখ্যমন্ত্ৰী ভাৰ গ্ৰহণ কৰিগৈছে।

থোৰতে জানো আহক আতিশী মাৰ্লেনাৰ বিষয়ে-
জন্ম-৮ জুন ১৯৮১
জন্মস্থান-দিল্লী
শিক্ষা- অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ইতিহাস বিষয়ত স্নাতকোত্তৰ,
ৰাজনৈতিক জীৱন-
২০১৩ চনত আম আদমী দলত যোগদান৷আৰু ইস্তাহাৰ খচৰা সমিতিৰ সদস্য পদ লাভ৷
২০১৫ চনত মধ্যপ্ৰদেশৰ খণ্ডৱাত জল সত্যাগ্ৰহত অংশগ্ৰহণ আৰু খণ্ডৱাৰ পৰা আপৰ নেতা আলোক আগৰৱালক সমৰ্থন। 
২০১৫ পৰা ২০১৮ চনলৈ পূৰ্বৰ উপমুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াৰ উপদেষ্টা আছিল৷
২০২০ চনত কালকাজী বিধানসভাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত।
২০২৩ চনত মনীষ ছিচোদিয়াৰ গ্ৰেপ্তাৰৰ পিছত দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ।
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, শক্তি বিভাগ, পৰ্যটন, কলা-সংস্কৃতি আৰু পি.ডব্লিউ.ডি. বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ।

উল্লেখযোগ্য যে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আতিশী মাৰ্লেনাৰ নাম ঘোষণা কৰি দিল্লীৰ পৰিবহণ মন্ত্ৰী গোপাল ৰায়ে কয় যে ‘কঠিন পৰিস্থিতিত পৰি আমি এই সিদ্ধান্ত লৈছো। কেজৰিৱালৰ সততাৰ ওপৰত দাগ লগোৱা হ’ল সেয়ে জনসাধাৰণে তেওঁক পুনৰ নির্বাচন নকৰালৈকে তেওঁ মুখ্যমন্ত্রীৰ চকীত নবহে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত আতিশী মাৰ্লেনাই কয় 'মোক এই গধুৰ দায়িত্ব পালন কৰাৰ বাবে মোৰ গুৰু অৰবিন্দ কেজৰিৱাল দেৱক ধন্যবাদ জনাইছো।' লগতে কয় মোৰ আৰু দিল্লীবাসীৰ বাবে এয়া এক দুখৰ মুহূৰ্ত প্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক