--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: একপ্ৰকাৰে সফল হৈছে টিম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ কন্যা ছানা গাংগুলী। লাখ টকাৰ পেকেজ লৈ এমএনচি কোম্পানী এটাত কাম কৰি আছে ছানাই।  ইংলেণ্ডৰ ইউনিভাৰ্চিটি কলেজ লণ্ডন (UCL)ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ছানাৰ পাঠ্যক্ৰম চলিত বৰ্ষত সম্পূৰ্ণ হ’ব। কিন্তু, তাৰ আগতেই তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছে। উল্লেখযোগ্য যে ইউচিএল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ প্ৰতিষ্ঠান। কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত ইউনিভাৰ্চিটি কলেজ লণ্ডন চমুকৈ ইউএছএল সপ্তম স্থানত আছে। ২০২০ চনৰ পৰা এই ২০০ বছৰীয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে ছানাই। এই বছৰতে তেওঁৰ স্নাতক ডিগ্ৰী সম্পূৰ্ণ হ’ব।

কলকাতাৰ প্ৰতিষ্ঠিত লৰেটো হাউচ স্কুলৰ পৰা ২০২০ চনত ১২ নম্বৰ লাভ কৰাৰ পিছত ছানা স্নাতক ডিগ্ৰী লাভৰ বাবে লণ্ডনলৈ যায়। ছানা পঢ়া-শুনাত বহুত ভাল। দ্বাদশত তেওঁ আইচিএছই ব’ৰ্ডৰ পৰা ৯৮ শতাংশ নম্বৰ লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ বাবে নিৰ্বাচিত হয়।

ছানায়ে লিংকডইন প্ৰফাইলত নিজৰ বায়'ডাটা আপলোড কৰিছে। সেই অনুসৰি ছানা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি আছে। এইটো তিনি বছৰীয়া পাঠ্যক্ৰম। এই সময়ছোৱাত ব্যৱহাৰিক অভিজ্ঞতাৰ বাবেও বহু ঠাইত কাম কৰি আছে। ছানাই নিজৰ প্ৰফাইলত জনাইছে যে তেওঁ স্কুলত পঢ়ি থকাৰ সময়তে অক্সফৰ্ড ছামাৰ স্কুলৰ বাবে নিৰ্বাচিত হৈছিল। সেই সময়ছোৱাত তাই অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ চৌহদতো কেইমাহমান থাকিছিল। সেই সময়ছোৱাত তেওঁ ২০০৮ চনৰ বিত্তীয় সংকট আৰু বিত্তীয় বজাৰৰ বিষয়ে অধ্যয়ন কৰিছিল। ইয়াৰ পিছত এই পাঠ্যক্ৰমৰ শেষত তেওঁ ২০০৮ চনৰ বিত্তীয় সংকটৰ ওপৰত বিশ্লেষণ পত্ৰও লিখিছিল।

বহিঃৰাজ্যৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক পঢ়াৰ সময়ত প্ৰেকটিকেল কৰিবলৈ বহু সুযোগ দিয়া হয়। একেদৰে ছানাও পঢ়াৰ লগতে ইউচিএলত ইন্টাৰশ্বিপ কৰি আছিল। ইয়াত ২০২০ চনৰ মে’ মাহৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে ইন্টাৰশ্বিপ কৰিছিল। তাৰ পিছত ভাৰতৰ আইচিআইচি প্ৰুডেন্সিয়েল লাইফ ইনশ্বুৰেন্স কোম্পানী লিমিটেডত এবছৰ ১১ মাহ ইন্টাৰশ্বিপ কৰিছিল। 

পঢ়াৰ সময়ত ছানাই এনাক্টাছ ইউচিএলত পূৰ্ণকালীন কাম কৰিছিল। এনাক্টাছ ইউচিএলে যুৱ উদ্যোগী আৰু বৃহৎ কৰ্পৰেটসকলক নিজাকৈ সামাজিক উদ্যোগ গঢ়ি তোলাত সহায় কৰে। এই সময়ছোৱাত তেওঁ পৃথিৱীৰ সকলো ডাঙৰ ডাঙৰ কোম্পানীৰ সৈতে কাম কৰাৰ সুযোগ পাইছিল। ইয়াৰ ভিতৰত এইচ এছ বি চি, কে পি এম জি, গোল্ডমেন চেক্স, বাৰ্কলেছ আদি কোম্পানীও আছে।

ছানা গাংগুলীৰ লিংকডইন প্ৰফাইলৰ মতে, ২০২২ চনৰ জুন মাহৰ পৰা পিডব্লিউচিত ইন্টাৰ্ণ হিচাপে কাম কৰি আহিছে। PwC হৈছে বিশ্বৰ অন্যতম বৃহৎ বিত্তীয় পৰামৰ্শ কোম্পানী। এই কোম্পানীটোৰ ব্যৱসায় বিশ্বৰ ১৫২খন দেশত বিয়পি পৰিছে। এই কোম্পানীত ৩.২৮ লাখতকৈ অধিক লোকে কাম কৰে। পিডব্লিউচি অৰ্থাৎ প্ৰাইচ ৱাটাৰহাউছ কুপাৰছ। এই কোম্পানীবোৰে ইয়াত ইন্টাৰশ্বিপ কৰা ছাত্ৰ-ছাত্ৰীসকলকো কামৰ সঠিক মাননী দিয়ে। ৱেবছাইট UK.indeed.comৰ মতে, পিডব্লিউচিত ইন্টাৰশ্বিপৰ সময়ত বছৰি গড়ে ২৯,৪১০ পাউণ্ড দৰমহা দিয়া হয়। ভাৰতীয় টকাত এই ধনৰাশি প্ৰায় ৩০ লাখ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement