--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও। মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনালে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওয়ে। কিন্তু কিয়? কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তৱ্য সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কে চন্দ্ৰশেখৰ ৰাওয়ে প্ৰশ্ন কৰে, ''মোদীজী! এয়া আমাৰ ভাৰতীয় সংস্কৃতিনে? এয়াই আমাৰ বেদ, মহাভাৰত, ৰামায়ণ আৰু ভগৱদ গীতাই শিকাইছেনে? মই বিজেপিৰ সভাপতি নাড্ডাজীক সুধিছো, এয়া আমাৰ ভাৰতীয় সংস্কৃতিনে?’’ তেওঁ লগতে কয়,’’এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে কথা ক’ব পাৰেনে? এটা সীমা থকা উচিত। আপুনি শীঘ্ৰেই তেওঁক অপসাৰণ কৰক। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে কৰি তেওঁ কয় আপুনি অহংকাৰী নেকি? তামাচা কৰিছে? আপুনি মানুহে মনে মনে থাকিব বুলি ভাৱে?’’ তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়,’’এয়া বিজেপিৰ সংস্কৃতি নেকি? এয়া হিন্দু ধৰ্ম আৰু ভাৰতীয় সংস্কৃতি? মই এগৰাকী ভাৰতীয় হিচাপে দাবী কৰিছো। মই লজ্জিত অনুভৱ কৰিছো। এয়া দেশখনৰ বাবে ভাল নহয়। আপুনি ভাবে নেকি যে আমি হাত সাৱটি বহি থাকিম?’’ উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ বিৰুদ্ধে কিছু ‘আপত্তিজনক’ মন্তব্য কৰিছিল। তেওঁ ৰাহুল গান্ধীক "আধুনিক যুগৰ জিন্না" বুলি কৈছিল। পাকিস্তানী ভূখণ্ডত ভাৰতৰ দ্বাৰা চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা বাবে ৰাহুল গান্ধীক এনেদৰে আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীক উদ্দেশ্যি কৈছিল "আমি কেতিয়াবা আপোনাক সুধিছো নেকি যে আপুনি সঁচাকৈয়ে ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয়?" ৰাহুল গান্ধীক পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে শৰ্মাই কৈছিল যে ৰাহুল গান্ধীৰ ভাষা আৰু বাক্যবাণ ১৯৪৭ চনৰ আগৰ শ্ৰীযুত জিন্নাৰ দৰে একে। সেয়েহে ৰাহুল গান্ধী আধুনিক যুগৰ জিন্না। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ ৰাজনৈতিক মহলত। আৰু পঢ়কঃ শ্ৰীকৃষ্ণই সপোনত দিলে দৰ্শন! ৪০ লাখ টকা ব্যয়ৰে এজন মুছলিম লোকে নিৰ্মাণ কৰিছে মন্দিৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক