--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও। মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনালে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওয়ে। কিন্তু কিয়? কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তৱ্য সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি কে চন্দ্ৰশেখৰ ৰাওয়ে প্ৰশ্ন কৰে, ''মোদীজী! এয়া আমাৰ ভাৰতীয় সংস্কৃতিনে? এয়াই আমাৰ বেদ, মহাভাৰত, ৰামায়ণ আৰু ভগৱদ গীতাই শিকাইছেনে? মই বিজেপিৰ সভাপতি নাড্ডাজীক সুধিছো, এয়া আমাৰ ভাৰতীয় সংস্কৃতিনে?’’ তেওঁ লগতে কয়,’’এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰীয়ে এনেদৰে কথা ক’ব পাৰেনে? এটা সীমা থকা উচিত। আপুনি শীঘ্ৰেই তেওঁক অপসাৰণ কৰক। হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যে কৰি তেওঁ কয় আপুনি অহংকাৰী নেকি? তামাচা কৰিছে? আপুনি মানুহে মনে মনে থাকিব বুলি ভাৱে?’’ তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়,’’এয়া বিজেপিৰ সংস্কৃতি নেকি? এয়া হিন্দু ধৰ্ম আৰু ভাৰতীয় সংস্কৃতি? মই এগৰাকী ভাৰতীয় হিচাপে দাবী কৰিছো। মই লজ্জিত অনুভৱ কৰিছো। এয়া দেশখনৰ বাবে ভাল নহয়। আপুনি ভাবে নেকি যে আমি হাত সাৱটি বহি থাকিম?’’ উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ বিৰুদ্ধে কিছু ‘আপত্তিজনক’ মন্তব্য কৰিছিল। তেওঁ ৰাহুল গান্ধীক "আধুনিক যুগৰ জিন্না" বুলি কৈছিল। পাকিস্তানী ভূখণ্ডত ভাৰতৰ দ্বাৰা চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা বাবে ৰাহুল গান্ধীক এনেদৰে আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীক উদ্দেশ্যি কৈছিল "আমি কেতিয়াবা আপোনাক সুধিছো নেকি যে আপুনি সঁচাকৈয়ে ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয়?" ৰাহুল গান্ধীক পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে শৰ্মাই কৈছিল যে ৰাহুল গান্ধীৰ ভাষা আৰু বাক্যবাণ ১৯৪৭ চনৰ আগৰ শ্ৰীযুত জিন্নাৰ দৰে একে। সেয়েহে ৰাহুল গান্ধী আধুনিক যুগৰ জিন্না। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ ৰাজনৈতিক মহলত। আৰু পঢ়কঃ শ্ৰীকৃষ্ণই সপোনত দিলে দৰ্শন! ৪০ লাখ টকা ব্যয়ৰে এজন মুছলিম লোকে নিৰ্মাণ কৰিছে মন্দিৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি