--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মুছলমান ব্যক্তিয়ে ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি আছে এটা মন্দিৰ। মন্দিৰত মহাভাৰতৰ সময়ৰ পাৰ্থ অৰ্জুনৰ ৰথী কৃষ্ণ আৰু ৰক্ষক হনুমানৰ এটা মূৰ্তি এখন ঐশ্বৰিক ৰথত স্থাপন কৰা হৈছে। মন্দিৰ নিৰ্মাণৰ কাম সমাপ্ত হৈছে। কাইলৈ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰটোৰ বিশাল উদ্বোধন হ'ব। মন্দিৰটোক পাৰ্থসাৰথি মন্দিৰ নামেৰে জনা যাব। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ডুমকাত। নৌশাদ শ্বেখ নামৰ এজন ব্যক্তিয়ে বংগৰ মায়াপুৰ ভ্ৰমণ কৰিবলৈ গৈছিল, সেই সময়ত নৌশাদ শ্বেখে এটা সপোন দেখিছিল। সপোনত ভগৱান শ্ৰীকৃষ্ণই কৈছিল তেওঁক ''আপুনি মোক ক'ত বিচাৰি ফুৰিছে। মই আপোনাৰ স্থানতে আছোঁ।'' এই সপোন দেখাৰ পাছতে তেওঁ কৃষ্ণভক্তি কৰাৰ সিদ্ধান্ত লয় আৰু মায়াপুৰৰ পৰা উভতি অহাৰ ঠিক পিছতে নৌশাদ শ্বেখে ৰণেশ্বৰ খণ্ডৰ মহিষাবথান গাঁৱত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। প্ৰায় ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা মন্দিৰটোৰ প্ৰতি সকলোৰে উৎসুকতা বৃদ্ধি পাইছে। নৌশাদ শ্বেখৰ হৃদয় ভগৱান কৃষ্ণৰ প্ৰতি বিশ্বাসেৰে ভৰি পৰিছে। তেওঁৰ সকলো ধৰ্মৰ ওপৰত বিশ্বাস আছে। এই মন্দিৰৰ নিৰ্মাণৰ কাম তেওঁ ২০১৯ চনত আৰম্ভ কৰিছিল। অৱশেষত ২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰ সকলো ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। মন্দিৰ নিৰ্মাণৰ পৰা ইয়াৰ সমগ্ৰ ৰীতি-নীতিলৈকে নৌশাদ শ্বেখে তদাৰক কৰিব। এই মন্দিৰ মুকলি পৰ্বৰ বাবে বিশাল আয়োজন কৰা হৈছে। ১০৮ গৰাকী মহিলাই হালধীয়া পোছাক পিন্ধি কলহ যাত্ৰা উলিয়াব। ১০১ গৰাকী মহিলাৰ এটা দলে ঢাক বজাব। ১১ খন গাঁৱৰ ৫১ জন পুৰোহিত ব্ৰাহ্মণে সম্পূৰ্ণ বৈদিক মন্ত্ৰেৰে এই অনুষ্ঠানটো সম্পাদন কৰিব। ভোগ-প্ৰসাদ প্ৰস্তুত কৰিবলৈ এটা পাকঘৰ নিৰ্মাণ কৰা হৈছে আৰু মন্দিৰত নিয়মীয়া পূজা কৰা পুৰোহিতজনৰ বাবে এটা সৰু কোঠাও প্ৰস্তুত কৰা হৈছে। এই মহৎ কৰ্ম কৰিবলৈ পাই নৌশাদৰ হৃদয় আনন্দৰে ভৰি পৰিছে। তেওঁ বিশ্বাস কৰে যে ভগৱান এজনেই আৰু সকলো ধৰ্মৰ প্ৰতি মানুহে সন্মান ৰাখিব লাগে। আৰু পঢ়কঃ ১৩ ফেব্ৰুৱাৰীয়ে আপোনাৰ বাবে কঢ়িয়াই আনিছে নে সৌভাগ্য…চাওঁক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি