--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মুছলমান ব্যক্তিয়ে ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি আছে এটা মন্দিৰ। মন্দিৰত মহাভাৰতৰ সময়ৰ পাৰ্থ অৰ্জুনৰ ৰথী কৃষ্ণ আৰু ৰক্ষক হনুমানৰ এটা মূৰ্তি এখন ঐশ্বৰিক ৰথত স্থাপন কৰা হৈছে। মন্দিৰ নিৰ্মাণৰ কাম সমাপ্ত হৈছে। কাইলৈ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰটোৰ বিশাল উদ্বোধন হ'ব। মন্দিৰটোক পাৰ্থসাৰথি মন্দিৰ নামেৰে জনা যাব। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ডুমকাত। নৌশাদ শ্বেখ নামৰ এজন ব্যক্তিয়ে বংগৰ মায়াপুৰ ভ্ৰমণ কৰিবলৈ গৈছিল, সেই সময়ত নৌশাদ শ্বেখে এটা সপোন দেখিছিল। সপোনত ভগৱান শ্ৰীকৃষ্ণই কৈছিল তেওঁক ''আপুনি মোক ক'ত বিচাৰি ফুৰিছে। মই আপোনাৰ স্থানতে আছোঁ।'' এই সপোন দেখাৰ পাছতে তেওঁ কৃষ্ণভক্তি কৰাৰ সিদ্ধান্ত লয় আৰু মায়াপুৰৰ পৰা উভতি অহাৰ ঠিক পিছতে নৌশাদ শ্বেখে ৰণেশ্বৰ খণ্ডৰ মহিষাবথান গাঁৱত এটা মন্দিৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। প্ৰায় ৪০ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা মন্দিৰটোৰ প্ৰতি সকলোৰে উৎসুকতা বৃদ্ধি পাইছে। নৌশাদ শ্বেখৰ হৃদয় ভগৱান কৃষ্ণৰ প্ৰতি বিশ্বাসেৰে ভৰি পৰিছে। তেওঁৰ সকলো ধৰ্মৰ ওপৰত বিশ্বাস আছে। এই মন্দিৰৰ নিৰ্মাণৰ কাম তেওঁ ২০১৯ চনত আৰম্ভ কৰিছিল। অৱশেষত ২০২২ চনৰ ১৪ ফেব্ৰুৱাৰীত এই মন্দিৰ সকলো ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। মন্দিৰ নিৰ্মাণৰ পৰা ইয়াৰ সমগ্ৰ ৰীতি-নীতিলৈকে নৌশাদ শ্বেখে তদাৰক কৰিব। এই মন্দিৰ মুকলি পৰ্বৰ বাবে বিশাল আয়োজন কৰা হৈছে। ১০৮ গৰাকী মহিলাই হালধীয়া পোছাক পিন্ধি কলহ যাত্ৰা উলিয়াব। ১০১ গৰাকী মহিলাৰ এটা দলে ঢাক বজাব। ১১ খন গাঁৱৰ ৫১ জন পুৰোহিত ব্ৰাহ্মণে সম্পূৰ্ণ বৈদিক মন্ত্ৰেৰে এই অনুষ্ঠানটো সম্পাদন কৰিব। ভোগ-প্ৰসাদ প্ৰস্তুত কৰিবলৈ এটা পাকঘৰ নিৰ্মাণ কৰা হৈছে আৰু মন্দিৰত নিয়মীয়া পূজা কৰা পুৰোহিতজনৰ বাবে এটা সৰু কোঠাও প্ৰস্তুত কৰা হৈছে। এই মহৎ কৰ্ম কৰিবলৈ পাই নৌশাদৰ হৃদয় আনন্দৰে ভৰি পৰিছে। তেওঁ বিশ্বাস কৰে যে ভগৱান এজনেই আৰু সকলো ধৰ্মৰ প্ৰতি মানুহে সন্মান ৰাখিব লাগে। আৰু পঢ়কঃ ১৩ ফেব্ৰুৱাৰীয়ে আপোনাৰ বাবে কঢ়িয়াই আনিছে নে সৌভাগ্য…চাওঁক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক