--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল এনএছইউআইৰ। NSUI ৰ ৰাষ্ট্ৰীয় সম্পাদক ৰোশন লাল বিট্টুৱে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ ৰামনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। টুইটাৰৰ জৰিয়তে এই কথা জনাইছে ৰোশন লাল বিট্টুৱে। তেওঁ লিখে যে, ''মানসিকভাৱে অসুস্থ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বিৰোধিতা কৰি এজাহাৰ দাখিল কৰিছোঁ।'' হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় নেতা গৰাকীয়ে। উল্লেখ্য যে উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ বিৰুদ্ধে কিছু ‘আপত্তিজনক’ মন্তব্য কৰিছিল। তেওঁ ৰাহুল গান্ধীক “আধুনিক যুগৰ জিন্না” বুলি কৈছিল। পাকিস্তানী ভূখণ্ডত ভাৰতৰ দ্বাৰা চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা বাবে ৰাহুল গান্ধীক এনেদৰে আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীক উদ্দেশ্যি কৈছিল “আমি কেতিয়াবা আপোনাক সুধিছো নেকি যে আপুনি সঁচাকৈয়ে ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয়?” https://twitter.com/RoshanLalBittu/status/1492471471112810496?s=20&t=9KAG1mOKKYiz_5gLEJoLqA ৰাহুল গান্ধীক পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে শৰ্মাই কৈছিল যে ৰাহুল গান্ধীৰ ভাষা আৰু বাক্যবাণ ১৯৪৭ চনৰ আগৰ শ্ৰীযুত জিন্নাৰ দৰে একে। সেয়েহে ৰাহুল গান্ধী আধুনিক যুগৰ জিন্না। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ ৰাজনৈতিক মহলত। কংগ্ৰেছে এই মন্তব্যৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্তও কৰিছে। আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে। আৰু পঢ়কঃ ৰাহুল গান্ধীক ঘোৰ অপমান! মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণৰ দাবী তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি