--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল এনএছইউআইৰ। NSUI ৰ ৰাষ্ট্ৰীয় সম্পাদক ৰোশন লাল বিট্টুৱে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি মহাৰাষ্ট্ৰৰ ৰামনগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। টুইটাৰৰ জৰিয়তে এই কথা জনাইছে ৰোশন লাল বিট্টুৱে। তেওঁ লিখে যে, ''মানসিকভাৱে অসুস্থ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ বিৰোধিতা কৰি এজাহাৰ দাখিল কৰিছোঁ।'' হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় নেতা গৰাকীয়ে। উল্লেখ্য যে উল্লেখ্য যে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ বিৰুদ্ধে কিছু ‘আপত্তিজনক’ মন্তব্য কৰিছিল। তেওঁ ৰাহুল গান্ধীক “আধুনিক যুগৰ জিন্না” বুলি কৈছিল। পাকিস্তানী ভূখণ্ডত ভাৰতৰ দ্বাৰা চলোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা বাবে ৰাহুল গান্ধীক এনেদৰে আক্ৰমণ কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই। মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীক উদ্দেশ্যি কৈছিল “আমি কেতিয়াবা আপোনাক সুধিছো নেকি যে আপুনি সঁচাকৈয়ে ৰাজীৱ গান্ধীৰ পুত্ৰ হয় নে নহয়?” https://twitter.com/RoshanLalBittu/status/1492471471112810496?s=20&t=9KAG1mOKKYiz_5gLEJoLqA ৰাহুল গান্ধীক পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্নাৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীয়ে শৰ্মাই কৈছিল যে ৰাহুল গান্ধীৰ ভাষা আৰু বাক্যবাণ ১৯৪৭ চনৰ আগৰ শ্ৰীযুত জিন্নাৰ দৰে একে। সেয়েহে ৰাহুল গান্ধী আধুনিক যুগৰ জিন্না। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যক্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশৰ ৰাজনৈতিক মহলত। কংগ্ৰেছে এই মন্তব্যৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্তও কৰিছে। আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক অপমানসূচক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দাবী জনাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে। আৰু পঢ়কঃ ৰাহুল গান্ধীক ঘোৰ অপমান! মুখ্যমন্ত্ৰী শৰ্মাক অপসাৰণৰ দাবী তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক