--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেচনেল হেৰাল্ড গোচৰত ধাৰাবাহিকভাৱে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সন্মুখীন হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ পুনৰ চমন জাৰি কৰা হৈছে। আজিৰ সৈতে চতুৰ্থ দিনৰ বাবে ইডি- এ নিৰন্তৰ জেৰা কৰাৰ পিছতো কংগ্ৰেছ নেতাজনক কাইলৈ পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে ৰাহুল গান্ধীক এতিয়ালৈকে চাৰি দিনৰ ভিতৰত ৪০ ঘণ্টা ধৰি ধন সৰবৰাহৰ অভিযোগত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে জেৰা কৰিছে।

যোৱা সপ্তাহত সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত ৰাহুল গান্ধীক ৩০ ঘণ্টাতকৈও অধিক সময় সোধা-পোছা কৰা হৈছিল। আজি পুনৰ ইডি- ৰ জেৰা আৰম্ভ হোৱাৰ পূৰ্বে গান্ধীক চিকিৎসালয়ত ভৰ্তি হৈ থকা তেওঁৰ মাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক সাক্ষাতৰ বাবে বিৰতিৰ আবেদনত অনুমতি দিয়া হৈছিল। 

ইফালে ক’ভিদৰ বাবে চিকিৎসাধীন হৈ থকা ছোনিয়া গান্ধীক আজি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইডি- এ জেৰাৰ বাবে ছোনিয়া গান্ধীকো চমন জাৰি কৰিছিল যদিও অসুস্থতাৰ বাবে তেওঁক ২৩ জুনলৈকে সময় দিয়া হৈছিল।

উল্লেখ্য যে ইডি- এ যি নেচনেল হেৰাল্ড গোচৰৰ তদন্ত কৰি আছে, এই বাতৰি কাকতখন কংগ্ৰেছৰ মালিকানাধীন। একেদৰে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোও কংগ্ৰেছৰ দ্বাৰা পৰিচালিত। বাতৰি কাকতখন এছ'চিয়েটেড জাৰ্নেলছ লিমিটেডে (এজেএল) প্ৰকাশ কৰিছে আৰু ইয়ং ইণ্ডিয়ানৰ মালিকানাধীন। নেচনেল হেৰাল্ডৰ বিত্তীয় অনিয়ম সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাহুল গান্ধীক আজি ইয়ং ইণ্ডিয়ানৰ বিত্তীয় নেনদেন সন্দৰ্ভতো প্ৰশ্ন কৰিছিল।

এই প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াসকলক ইয়ং ইণ্ডিয়ান এক অলাভজনক কোম্পানী আৰু ই কোম্পানী আইনৰ বিশেষ ব্যৱস্থাৰ অধীনত অন্তৰ্ভুক্ত বুলি উল্লেখ কৰিছিল। কংগ্ৰেছ নেতাজনে লগতে ইডিৰ প্ৰশ্নৰ উত্তৰত ইয়ং ইণ্ডিয়ানৰ পৰা এটা পইচাও উলিয়াই লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিছিল।

ইফালে ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰত জেৰা কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কংগ্ৰেছে শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে প্ৰতিহিংসাৰ ৰাজনীতিৰ অভিযোগ তোলাৰ লগতে ৰাজনৈতিক স্বাৰ্থত কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে দাবী কৰিছে যে ইয়ং ইণ্ডিয়ান হৈছে এক অলাভজনক সংগঠন, সেয়েহে শ্বেয়াৰধাৰকসকলে ইয়াৰ সম্পত্তিৰ পৰা কোনো ধন উপাৰ্জন কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ