--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নেচনেল হেৰাল্ড গোচৰত ধাৰাবাহিকভাৱে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ জেৰাৰ সন্মুখীন হৈ থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীলৈ পুনৰ চমন জাৰি কৰা হৈছে। আজিৰ সৈতে চতুৰ্থ দিনৰ বাবে ইডি- এ নিৰন্তৰ জেৰা কৰাৰ পিছতো কংগ্ৰেছ নেতাজনক কাইলৈ পুনৰ হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে ৰাহুল গান্ধীক এতিয়ালৈকে চাৰি দিনৰ ভিতৰত ৪০ ঘণ্টা ধৰি ধন সৰবৰাহৰ অভিযোগত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে জেৰা কৰিছে।

যোৱা সপ্তাহত সোমবাৰৰ পৰা বুধবাৰৰ ভিতৰত ৰাহুল গান্ধীক ৩০ ঘণ্টাতকৈও অধিক সময় সোধা-পোছা কৰা হৈছিল। আজি পুনৰ ইডি- ৰ জেৰা আৰম্ভ হোৱাৰ পূৰ্বে গান্ধীক চিকিৎসালয়ত ভৰ্তি হৈ থকা তেওঁৰ মাতৃ তথা কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীক সাক্ষাতৰ বাবে বিৰতিৰ আবেদনত অনুমতি দিয়া হৈছিল। 

ইফালে ক’ভিদৰ বাবে চিকিৎসাধীন হৈ থকা ছোনিয়া গান্ধীক আজি চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়। ইডি- এ জেৰাৰ বাবে ছোনিয়া গান্ধীকো চমন জাৰি কৰিছিল যদিও অসুস্থতাৰ বাবে তেওঁক ২৩ জুনলৈকে সময় দিয়া হৈছিল।

উল্লেখ্য যে ইডি- এ যি নেচনেল হেৰাল্ড গোচৰৰ তদন্ত কৰি আছে, এই বাতৰি কাকতখন কংগ্ৰেছৰ মালিকানাধীন। একেদৰে ইয়ং ইণ্ডিয়ান প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোও কংগ্ৰেছৰ দ্বাৰা পৰিচালিত। বাতৰি কাকতখন এছ'চিয়েটেড জাৰ্নেলছ লিমিটেডে (এজেএল) প্ৰকাশ কৰিছে আৰু ইয়ং ইণ্ডিয়ানৰ মালিকানাধীন। নেচনেল হেৰাল্ডৰ বিত্তীয় অনিয়ম সম্পৰ্কত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ৰাহুল গান্ধীক আজি ইয়ং ইণ্ডিয়ানৰ বিত্তীয় নেনদেন সন্দৰ্ভতো প্ৰশ্ন কৰিছিল।

এই প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াসকলক ইয়ং ইণ্ডিয়ান এক অলাভজনক কোম্পানী আৰু ই কোম্পানী আইনৰ বিশেষ ব্যৱস্থাৰ অধীনত অন্তৰ্ভুক্ত বুলি উল্লেখ কৰিছিল। কংগ্ৰেছ নেতাজনে লগতে ইডিৰ প্ৰশ্নৰ উত্তৰত ইয়ং ইণ্ডিয়ানৰ পৰা এটা পইচাও উলিয়াই লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিছিল।

ইফালে ৰাহুল গান্ধীক নেচনেল হেৰাল্ড গোচৰত জেৰা কৰাৰ পিছৰে পৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কংগ্ৰেছে শাসনাধিষ্ঠিত বিজেপিৰ বিৰুদ্ধে প্ৰতিহিংসাৰ ৰাজনীতিৰ অভিযোগ তোলাৰ লগতে ৰাজনৈতিক স্বাৰ্থত কেন্দ্ৰীয় স্বতন্ত্ৰ সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে দাবী কৰিছে যে ইয়ং ইণ্ডিয়ান হৈছে এক অলাভজনক সংগঠন, সেয়েহে শ্বেয়াৰধাৰকসকলে ইয়াৰ সম্পত্তিৰ পৰা কোনো ধন উপাৰ্জন কৰিব নোৱাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে