--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। অগ্নপথ আঁচনি বাতিলৰ দাবীত আজি ভাৰত বন্ধৰো আহ্বান জনাইছিল প্ৰতিবাদকাৰী সকলে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদকাৰী যুৱক-যুৱতীসকলক পতিয়ন নিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও অগ্নিপথ বাতিলৰ দাবীত কোনো আপোচ দেখুওৱা নাই প্ৰতিবাদকাৰীসকলে। দেশত অব্যাহত এই বাদ-বিবাদৰ মাজতে অগ্নিপথ সন্দৰ্ভত আলোচনাৰ বাবে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে দেশৰ প্ৰতিৰক্ষা বিভাগৰ তিনিওটা শাখাৰে মুৰব্বী সকল।

উল্লেখ্য যে ১৪ জুনত অগ্নিপথ আঁচনিৰ বিষয়ে চৰকাৰে ঘোষণা কৰাৰ পিছৰে পৰা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে যদিও প্ৰতিবাদলৈ কাণসাৰ নকৰি আজি ভাৰতীয় সেনাই অগ্নিপথৰ অধীনত প্ৰথম পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। আজি এই সন্দৰ্ভত জাৰি কৰা এক অধিসূচনাত অহা মাহৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰা হৈছে।

আনহাতে আঁচনিখনৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদৰ পাছতো কোনোধৰণৰ আলোচনাৰ বাবে সন্মত হোৱা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰতিবাদৰ যুক্তিযুক্ততা সম্পৰ্কে আলোচনা কৰাৰ পৰিৱৰ্তে মোদীয়ে এই প্ৰতিবাদৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে বুলি দায়সৰা সন্তব্য কৰে। অগ্নিপথ আঁচনি বা প্ৰতিবাদৰ কথা পোনপটীয়াকৈ উল্লেখ নকৰাকৈ দেওবাৰে মোদীয়ে কয় যে ভাল উদ্দেশ্যৰে অনা বহুতো ভাল বস্তু ৰাজনৈতিক ৰঙত আৱদ্ধ হৈ পৰাটো আমাৰ দেশৰে দুৰ্ভাগ্য। 

টিআৰপিৰ বাধ্যবাধকতাৰ বাবে সংবাদ মাধ্যমও ইয়াক বাতৰিৰ শীৰ্ষলৈ আনিছে বুলি অভিযোগ কৰিছে মোদীয়ে। আনহাতে বাংগালুৰুত এক অনুষ্ঠানত মোডীয়ে পুনৰ কয় যে কিছুমান সিদ্ধান্ত প্ৰথমতে অন্যায় যেন লাগিব পাৰে, কিন্তু পিছত ই ৰাষ্ট্ৰ নিৰ্মাণত সহায় কৰিব। তৎসত্বেও অগ্নিপথ সম্পৰ্কে পোনপটীয়া উচ্চাৰণৰ পৰা আঁতৰি থাকে প্ৰধানমন্ত্ৰী গৰাকী।

ইফালে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে ‘অগ্নিথ’ক বিমুদ্ৰাকৰণ আৰু কৃষি আইনৰ দৰেই চৰকাৰৰ শেহতীয়া ভুল বুলি অভিহিত কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষি আইনৰ দৰেই অগ্নিপথো চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ’ব বুলি ইতিপূৰ্বে দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে