--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতিৰক্ষা বিভাগত নিযুক্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। অগ্নপথ আঁচনি বাতিলৰ দাবীত আজি ভাৰত বন্ধৰো আহ্বান জনাইছিল প্ৰতিবাদকাৰী সকলে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদকাৰী যুৱক-যুৱতীসকলক পতিয়ন নিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও অগ্নিপথ বাতিলৰ দাবীত কোনো আপোচ দেখুওৱা নাই প্ৰতিবাদকাৰীসকলে। দেশত অব্যাহত এই বাদ-বিবাদৰ মাজতে অগ্নিপথ সন্দৰ্ভত আলোচনাৰ বাবে কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে দেশৰ প্ৰতিৰক্ষা বিভাগৰ তিনিওটা শাখাৰে মুৰব্বী সকল।

উল্লেখ্য যে ১৪ জুনত অগ্নিপথ আঁচনিৰ বিষয়ে চৰকাৰে ঘোষণা কৰাৰ পিছৰে পৰা তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে যদিও প্ৰতিবাদলৈ কাণসাৰ নকৰি আজি ভাৰতীয় সেনাই অগ্নিপথৰ অধীনত প্ৰথম পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিছে। আজি এই সন্দৰ্ভত জাৰি কৰা এক অধিসূচনাত অহা মাহৰ পৰা এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰা হৈছে।

আনহাতে আঁচনিখনৰ বিৰুদ্ধে দেশজুৰি হোৱা প্ৰতিবাদৰ পাছতো কোনোধৰণৰ আলোচনাৰ বাবে সন্মত হোৱা নাই প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰতিবাদৰ যুক্তিযুক্ততা সম্পৰ্কে আলোচনা কৰাৰ পৰিৱৰ্তে মোদীয়ে এই প্ৰতিবাদৰ আঁৰত ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে বুলি দায়সৰা সন্তব্য কৰে। অগ্নিপথ আঁচনি বা প্ৰতিবাদৰ কথা পোনপটীয়াকৈ উল্লেখ নকৰাকৈ দেওবাৰে মোদীয়ে কয় যে ভাল উদ্দেশ্যৰে অনা বহুতো ভাল বস্তু ৰাজনৈতিক ৰঙত আৱদ্ধ হৈ পৰাটো আমাৰ দেশৰে দুৰ্ভাগ্য। 

টিআৰপিৰ বাধ্যবাধকতাৰ বাবে সংবাদ মাধ্যমও ইয়াক বাতৰিৰ শীৰ্ষলৈ আনিছে বুলি অভিযোগ কৰিছে মোদীয়ে। আনহাতে বাংগালুৰুত এক অনুষ্ঠানত মোডীয়ে পুনৰ কয় যে কিছুমান সিদ্ধান্ত প্ৰথমতে অন্যায় যেন লাগিব পাৰে, কিন্তু পিছত ই ৰাষ্ট্ৰ নিৰ্মাণত সহায় কৰিব। তৎসত্বেও অগ্নিপথ সম্পৰ্কে পোনপটীয়া উচ্চাৰণৰ পৰা আঁতৰি থাকে প্ৰধানমন্ত্ৰী গৰাকী।

ইফালে কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে ‘অগ্নিথ’ক বিমুদ্ৰাকৰণ আৰু কৃষি আইনৰ দৰেই চৰকাৰৰ শেহতীয়া ভুল বুলি অভিহিত কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৃষি আইনৰ দৰেই অগ্নিপথো চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ’ব বুলি ইতিপূৰ্বে দাবী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ