--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশত অব্যাহত আছে প্ৰতিবাদ। প্ৰতিৰক্ষা বাহিনীত ঠিকাভিত্তিক নিযুক্তিৰ বিৰোধিতা কৰি দেশৰ যুৱ প্ৰজন্মই অগ্নিপথ বাতিলৰ দাবীত সমগ্ৰ দেশতে ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন যুক্তিৰে প্ৰতিবাদী যুৱ চামক পতিয়ন নিয়াবলৈ প্ৰচেষ্টা চলাইছে যদিও আঁচনিখনত থকা আসোঁৱাহ সমূহ আঙুলিয়াই দি প্ৰতিবাদ অব্যাহত ৰাখিছে সেনাৰ নিযুক্তি প্ৰত্যাশী যুৱক-যুৱতীসকলে।

অগ্নিপথ আঁচনিৰ প্ৰাসংগিকতা সম্পৰ্কে যুৱচামৰ এই যুক্তিশীল আন্দোলনৰ মাজতে শাসনাধিষ্ঠ বিজেপি দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কৰিছে এক উদ্ভট মন্তব্য। এক কথাত দেশৰ যুৱ প্ৰজন্ম তথা সেনা বাহিনীক অপমান কৰি এই নেতাজনে অগ্নিপথৰ অধীনত নিযুক্তি লাভ কৰিবলগীয়া অগ্নিবীৰ সকলৰ মৰ্যাদা বিজেপিৰ কাৰ্যালয়ৰ চিকিউৰিটী গাৰ্ডৰ সমতুল্য কৰি তুলিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কৈলাশ বিজয়বৰ্গীয়ে নতুন সামৰিক নিযুক্তি আঁচনি ‘অগ্নিপথ’ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলক শান্ত কৰাৰ প্ৰচেষ্টা চলাবলৈ গৈ অগ্নবীৰ নামেৰে নামাকৰণ কৰা সম্ভাব্য সেনা জোৱানসকৱক চাৰি বছৰীয়া কাৰ্যকালৰ অন্তত বিজেপিৰ দলীয় কাৰ্যালয়ত চিকিউৰিটী গাৰ্ড হিচাপে নিয়োগ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

এক সংবাদমেল আয়োজন কৰি বিজয়বৰ্গীয়ে সাংবাদিকৰ আগত কয় যে নতুন আঁচনিৰ অধীনত চাৰি বছৰীয়া কৰ্তব্য ভ্ৰমণ সম্পূৰ্ণ কৰা যুৱক-যুৱতীসকলে বিজেপি কাৰ্যালয়ত নিৰাপত্তাৰক্ষীৰ চাকৰিৰ বাবে প্ৰথম অগ্ৰাধিকাৰ পাব। “অগ্নিপথৰ অধীনত এবাৰ চাৰি বছৰীয়া প্ৰশিক্ষণৰ পৰা উভতি অহাৰ পিছত ১৭.৫ বছৰৰ পৰা ২৩ বছৰলৈ, আনকি কোনোবাই ২১ বছৰত যোগদান কৰিলেও সময়সীমা শেষ হ’লে অগ্নিবীৰ সকলে হাতত ১১ লাখ টকা লাভ কৰিব। লগতে তেওঁলোকে অগ্নিবীৰ বেজ লাভ কৰিব। যদি মই এই বিজেপি কাৰ্যালয়ৰ বাবে নিৰাপত্তাৰক্ষী নিয়োগ কৰিব লগা হয়, মই প্ৰথমে অগ্নিবীৰ বাছনি কৰিম।”- বিজয়বৰ্গীয়ে কয়।

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে এটা পদত থকা নেতাগৰাকীৰ মন্তব্যই সমগ্ৰ দেশতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী কেজৰিৱালে বিজেপি নেতাগৰাকীক সশস্ত্ৰ বাহিনীত যোগদানৰ বাবে প্ৰশিক্ষণ দিয়া যুৱক-যুৱতীসকলক চিকিউৰিটী গাৰ্ডৰ চাকৰিত নিয়োগ কৰিব বুলি কৰা মন্তব্যৰ বাবে নিন্দা কৰে।

এক টুইট যোগে কেজৰিৱালে কয়, “দেশৰ যুৱ প্ৰজন্ম আৰু সেনা জোৱানসকলক এনেদৰে অসন্মান নকৰিব। আমাৰ দেশৰ যুৱক-যুৱতীসকলে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ দিন-ৰাতি কঠোৰ পৰিশ্ৰম কৰে আৰু পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁলোকে সেনাত যোগদান কৰি গোটেই জীৱন দেশৰ সেৱা কৰিব বিচাৰে, বিজেপি কাৰ্যালয়ৰ বাহিৰত চিকিউৰিটী গাৰ্ড হ’বলৈ নহয়।”

আনহাতে বিজেপি সাংসদ বৰুণ গান্ধীয়েও বিজয়বৰ্গীৰ মন্তব্যৰ বিৰোধিতা কৰা তীব্ৰ সমালোচনাৰ কৰে। গান্ধীয়ে এক টুইটত কয় যে যি সকল সেনাৰ বীৰত্ব সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত হয়, তেওঁলোকক ৰাজনৈতিক কাৰ্যালয়ৰ চকীদাৰ হ’বলৈ আমন্ত্ৰণ কৰা হৈছে। তেওঁ লগতে কয়, “যিগৰাকীয়ে এই প্ৰস্তাৱ আগবঢ়াইছে, তেওঁক অভিনন্দন। ভাৰতীয় সেনা হৈছে ভাৰত মাতৃৰ বাবে সেৱাৰ মাধ্যম, কেৱল মাত্ৰ এক সাধাৰণ কাম নহয়।”

এইদৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হোৱাৰ পাছত বিজয়বৰ্গীয়ে স্পষ্টীকৰণ আগবঢ়াবলৈ বাধ্য হৈছে। বিজেপি বিৰোধীসকলক টুলকিট গেং আখ্যা দি বিজয়বৰ্গীয়ে এই টুলকিট গেঙে তেওঁৰ মন্তব্যৰ ভুল বাখ্যা কৰিছে বুলি দায় সাৰিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ