--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সভাপতি নিৰ্বাচনকলৈ কংগ্ৰেছত উথপথপ আৰম্ভ হোৱাৰ সময়তে দলটোৰ বহু নেতাই এতিয়াও ৰাহুল গান্ধীয়েই কংগ্ৰেছৰ সভাপতি হোৱাটো কামনা কৰি আছে। গান্ধী পৰিয়ালৰ ভক্তিত গদ গদ এইসকল নেতাই ৰাহুলক সভাপতি পদৰ বাবে সৈমান কৰোৱাবলৈ প্ৰাণপণে চেষ্টাও চলাইছিল। তেনে নেতাসকলৰ ভিতৰত অন্যতম মল্লিকাৰ্জুন খাৰ্গে। খাৰ্গেই যিকোনো মূল্যৰ বিনিময়তে ৰাহুল গান্ধী কংগ্ৰেছৰ সভাপতি হোৱাটো বিচাৰি আহিছে। কিন্তু নেতৃত্বৰ মাজতে বিসম্বাদ আৰম্ভ হোৱাত খাৰ্গেৰ দৰে গান্ধী পৰিয়ালৰ অন্ধ  ভক্ত নেতাসকলে এই বিষয়ত বিশেষ একো কৰিব পৰা নাই।

সম্প্ৰতি  বিদেশত থকা ছোনিয়া গান্ধীৰ ভাৰ্চুৱেল সভাপতিত্বত অনুষ্ঠিত ৩০ মিনিটজোৰা কালিৰ  কংগ্ৰেছ ৱৰ্কিং কমিটিৰ  বৈঠকত পিছে এবাৰৰ বাবেও উচ্চাৰণ নহ’ল ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ কোনো কথা। কিন্তু সেই বুলি বহি থকা নাই গান্ধী পৰিয়ালৰঅনুগত বাহিনী।

 #RahulForPresident ধ্বনিৰে এতিয়াও সেইসকল নেতা সৰব হৈয়েই আছে।দলৰ প্ৰবীণ গুলাম নবী আজাদৰ প্ৰস্থানৰ পিছত এক বৃহৎ ক্ষতিৰ সন্মুখীন হোৱা  কংগ্ৰেছ দলে কালি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে আৰু ঘোষণা কৰে যে দলটোৱে ১৭ অক্টোবৰত নতুন  সভাপতি বাচনি কৰিবলৈ নিৰ্বাচন অনুষ্ঠিত কৰিব। নিৰ্বাচনৰ ফলাফল ১৯ অক্টোবৰত ঘোষণা কৰা হ'ব৷ কংগ্ৰেছৰ সভাপতি পদৰ সাম্ভাব্য প্ৰতিদ্বন্দীৰ তালিকাখনত আজিও   ৰাহুল গান্ধী এক নম্বৰ পছন্দ হৈয়েই  আছে। কংগ্ৰেছৰ বহু নেতাই মুকলিকৈয়ে ৰাহুল পুনৰ সভাপতি হ’ব লাগে বুলি কৈছে।কিন্তু দলটোৰ প্ৰাক্তন সভাপতি ৰাহুলে  দৃঢ়তাৰে কৈছে  যে তেওঁ শীৰ্ষ পদটো নিবিচাৰে। ৰাহুলৰ অনুগত ছলমান খুৰ্ছিদে কয়   " মই যিসকলৰ সৈতে কথা পাতিছোঁ বা  মতামত গ্ৰহণ কৰিছোঁ তেওঁলোকৰ মতেও ৰাহুল গান্ধীয়েই সভাপতি পদৰ  এক নম্বৰ পছন্দ হৈ আছে । তেওঁ আমাৰ অনুৰোধ গ্ৰহণ কৰিব নে নাই সেই বিষয়ে আমি  কোনো ইঙ্গিত পোৱা  নাই" । 

কেৱল খুৰ্ছিদেই নহয়, দলৰ কেইবাজনো জ্যেষ্ঠ সদস্যই ৰাহুল গান্ধীক সভাপতি হিচাবে বিচাৰিছে।ইপিনে দলটোৰ সভাপতিৰ পদৰ  দাবীদাৰসকলৰ তালিকাত থকা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও  আনকি কৈছে  যে ৰাহুল গান্ধীক পুনৰ এবাৰ দলৰ শাসনভাৰ গ্ৰহণ কৰিবলৈ শেষ মুহূৰ্তলৈকে প্ৰচেষ্টা চলোৱা  হ'ব। ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেও এই মন্তব্যক সমৰ্থন কৰি কয় যে  ৰাহুল গান্ধীক সৈমান কৰোৱাৰ চেষ্টা  কৰা হ'ব। খাৰ্গেই কয় কংগ্ৰেছৰ সভাপতি হ’ব পৰাকৈ  তেওঁৰ বাহিৰে আন কোনো নাই , তেওঁৰ  সমগ্ৰ ভাৰতত জনপ্ৰিয়তা আছে। নেতৃত্বৰ সংকটত ভোগা  কংগ্ৰেছে  শেষবাৰৰ বাবে ২০২০ চনত সভাপতি  পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিছিল । ছোনিয়া গান্ধী আটাইতকৈ দীঘলীয়া সময়ৰ বাবে দলটোৰ সভাপতি হৈ আছে আৰু ৰাহুল গান্ধীয়ে দায়িত্ব গ্ৰহণ কৰাৰ সময়ত অৰ্থাৎ ২০১৭-১৯ বৰ্ষৰ মাজৰ দুবছৰীয়া সময় খিনিৰ  বাহিৰে ১৯৯৮ চনৰ পৰা ছোনিয়া কংগ্ৰেছৰ সভাপতিৰ পদত আছে।

২০১৯ ৰ সংসদীয় নিৰ্বাচনত দলটোৱে একেৰাহে দ্বিতীয়বাৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল। ছোনিয়া গান্ধীয়ে তেতিয়া আকৌ এবাৰ অন্তৱৰ্তীকালীন সভাপতি হিচাপে দলৰ শাসনভাৰ গ্ৰহণ কৰিছিল । ২০২০ চনত দলটোৰ একাংশ নেতাই কংগ্ৰেছত পৰিয়ালতন্ত্ৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰিছিল। নেতাসকলৰ এনে্  বিদ্ৰোহৰ পিছত ছোনিয়া গান্ধীয়ে পদত্যাগ কৰাৰ প্ৰস্তাৱ দিছিল । কিন্তু তেওঁ সেইবাৰো পদত্যাগ কৰা নাছিল।এইবাৰ কংগ্ৰেছে দলৰ সভাপতি নিৰ্বাচনৰ বাবে তাৰিখ ঘোষণা কৰিছে যদিও সভাপতিৰ পদত পাকে-প্ৰকাৰে পুনৰ গান্ধী পৰিয়ালৰে কোনোবা এজন অধিষ্ঠিত হ’ব পাৰে বুলি ব্যাপক চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ