--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ সমালোচনাত সৰৱ হৈ পৰা বিজেপিৰ প্ৰাক্তন সাংসদ স্মৃতি ইৰাণী এইবাৰ ৰাহুল গান্ধীৰ প্ৰতি গ্ৰহণ কৰিছে নৰম স্থিতি। এইবাৰ বিতৰ্কিত বক্তব্যক লৈ নহয় ৰাহুল গান্ধীক প্ৰসংশা কৰি চৰ্চালৈ আহিছে প্ৰাক্তন বিজেপি সাংসদ স্মৃতি ইৰাণী।

প্ৰাক্তন বিজেপি সাংসদ গৰাকীয়ে ৰাহুল গান্ধীক উদ্দেশ্য কৰি কয় যে ‘ৰাহুল গান্ধীৰ ৰাজনীতিত পৰিৱৰ্তন আহিছে।তেওঁ এতিয়া সফল হৈ উঠিছে বুলি অনুভৱ কৰে।তেওঁ জাতিৰ কথা কৈছে কিন্তু ইমান বছৰৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে তেওঁ বাদ্যযন্ত্ৰৰ কথা কৈছে।ৰাহুল গান্ধীয়ে সংসদত টি-চাৰ্ট পিন্ধে, বগা টি-চাৰ্টৰ জড়িয়তে তেওঁ যুৱ প্ৰজন্মক কি বাৰ্তা বহন কৰিব বিচাৰিছে সেয়া জানে। আমি এই ভুল ধাৰণাত থকা অনুচিত যে সেই পদক্ষেপবোৰৰ আপুনি ভাল পাওক বা বেয়া পাওক, আথবা ৰাহুল গান্ধীৰ আচৰণ শিশুসুলভ যেন লাগিব পাৰে, কিন্তু ৰাহুল গান্ধীয়ে এতিয়া বেলেগ স্তৰৰ ৰাজনীতি কৰি আছে।’

এটা প’ডকাষ্টৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিষয়ে স্মৃতি ইৰাণীয়ে দিয়া বক্তব্যই সম্প্ৰতি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লৈ সমালোচনাত সৰৱ হৈ পৰা স্মৃতি ইৰাণীৰ ৰাহুল গান্ধীৰ প্ৰতি গ্ৰহণ কৰা নৰম অৱস্থানে আচৰিত কৰি তুলিছে সাধাৰণ জনতাকো। 

উল্লেখযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনত স্মৃতি ইৰাণীয়ে ৰাহুল গান্ধীক আমেথিত পৰাস্ত কৰিছিল। তেতিয়াৰ পৰাই ৰাহুল গান্ধীক অবিৰতভাৱে কঠোৰ বাক্যবানেৰে আক্ৰমণ কৰি আহিছে স্মৃতি ইৰাণীয়ে। তদুপৰি  ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক চোকা সমালোচনা কৰিছিল প্ৰাক্তন বিজেপি সাংসদ গৰাকীয়ে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আমেথিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী কিশোৰী লালৰ হাতত পৰাজয়ৰ সন্মুখীন হৈছিল ইৰাণী। এই লৈ ছ’চিয়েল মিডিয়াত সমালোচিত হৈছিল প্ৰাক্তন বিজেপি সাংসদ গৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ