--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম চৰকাৰ অসম চুক্তি ৰূপায়নৰ সপক্ষত নে বিপক্ষত? এই ক্ষেত্ৰত অসম চৰকাৰৰ স্থিতি দুৰ্বল পৰিলক্ষিত হৈছে। অসম চুক্তিৰ ছয় নং দফা ৰূপায়নৰ বাবে বিপ্লৱ কুমাৰ শৰ্মাৰ অধক্ষ্যতাত গঠিত সমিতিৰ প্ৰতিবেদন আজি পৰ্যন্ত কেন্দ্ৰৰ হাতত জমা দিয়া নাই বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷

খিলঞ্জীয়াৰ সুৰক্ষাক লৈ প্ৰতাৰণা কৰি অহা চৰকাৰ খনে বুধবাৰে বিধানসভাৰ অধিৱেশন চলিথকা সময়তে কেবিনেট মন্ত্ৰী অতুল বৰাই এক বৃহৎ ঘোষণা কৰিছে৷ অতুল বৰাই অসম চুক্তি ৰূপায়নৰ বাবে অসম চৰকাৰে তিনিমাহৰ ভিতৰত বিস্তৃত পৰিকল্পনা প্ৰস্তুুত কৰিব বুলি ঘোষণা কৰে৷ অধিবেশনৰ প্ৰশ্নোত্তৰ সময়ত প্ৰশ্নৰ উত্তৰত কেবিনেট মন্ত্ৰী অতুল বৰাই কয় যে ‘তিনিমাহৰ ভিতৰত অসম চুক্তি ৰূপায়নৰ বিস্তৃত পৰিকল্পনা কেন্দ্ৰৰ হাতত জমা দিব পাৰিম বুলি আশাবাদী৷ অসম চুক্তি ৰূপায়নৰ কৰ্তৃত্ব কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ৰ হাততহে আছে৷ কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ৰ সহযোগিতা অবিহনে অসম চুক্তি ৰূপায়ন সম্ভৱ নহয়৷’ বুলি সদনত উল্লেখ কৰে৷

‘ন্যায়াধীশ বিপ্লপ কুমাৰ শৰ্মা নেতৃত্বত গঠিত সমিতিৰ পৰামৰ্শ অনুসৰি ৰাজ্য চৰকাৰে উপ-সমিতি গঠন কৰিছে৷ এই সমিতি সমূহে অসম চুক্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আইনী আৰু সাংবিধানিক প্ৰত্যাহ্বানসমূহ দূৰ কৰাত গুৰুত্ব প্ৰদান কৰিব, বিশেষকৈ অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰা হ’ব।’ বুলি মন্ত্ৰী বৰাই সদনত সদৰি কৰে৷ 

‘বিপ্লাপ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত প্ৰদান কৰা পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ কোনো ধৰণৰ সাংবিধানিক তথা আইনী বাধা নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি উপ-সমিতিসমূহ গঠন কৰা হৈছিল।’ বুলিও বৰাই মন্তব্য কৰি কয় যে এতিয়ালৈকে চুক্তিখনৰ দফাসমূহৰ ওপৰত পুংখানুপুংখ আলোচনা কৰিবলৈ পাঁচখন বৈঠক অনুষ্ঠিত হৈ গৈছে, সম্প্ৰতি আন এখন বৈঠক চলি আছে বুলি উল্লেখ কৰে মন্ত্ৰী বৰাই৷

অবৈধ অনুপ্ৰৱেশৰ বিষয়ে সম্বোধন কৰি কেবিনেট মন্ত্ৰী গৰাকীয়ে কয় যে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত বিগত ৩৯ বছৰত অসমত প্ৰৱেশ কৰা মুঠ ৩০,১১৩ জন অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হৈছে। এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে সক্ৰিয়ভাৱে কাম কৰি আছে বুলি সদৰি কৰে৷

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই অতুল বৰাই বৰাক সমালোচনা কৰি কয় যে এই সন্দৰ্ভত  অতুল বৰাই পৰ্যাপ্ত বিৱৰণ দিয়াত ব্যৰ্থ  বুলি অভিযোগ উত্থাপন কৰে। লগতে এন আৰ চি প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ দাবী উত্থাপন কৰি অসম চুক্তিৰ ৰূপায়ণৰ কৰিবলৈ দাবী উত্থাপন কৰে।
অসম চুক্তি ৰূপায়নত যে চৰকাৰ আগ্ৰহী নহয় অতুলবৰাই সদনত প্ৰদান কৰা ভাষ্য পৰা সহযেই অনুমেয়৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়নৰ বাবে কৰা ঘোষণা কাৰ্যকৰী কৰিব নে অনাগত সময়ৰ দৰে জনসাধাৰণক আভুৱা ভাৰি থাকিব   
সেয়া লক্ষণীয় হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু