--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৰতৰ সংবিধানত ভাৰতৰ নাগৰিক সকলৰ বাবে ব্যক্তিগত আইন প্ৰণয়ন আৰু কাৰ্যকৰী কৰাৰ এক ব্যৱস্থা  হৈছে ইউনিফৰ্ম চিভিল কোড৷ ভাৰতীয় সংবিধানৰ চতুৰ্থ খণ্ডৰ ৪৪ নং অনুচ্ছেদত ‘ইউনিফৰ্ম চিভিল কোড’ সম্পৰ্কে স্পষ্টভাৱে উল্লেখ কৰা হৈছে।মুখ্যত হিন্দু আৰু মুছলমান নাগৰিকৰ বাবে ব্ৰিটিছৰ দিনতে প্ৰথমে ইউনিফৰ্ম চিভিল কোড প্ৰণয়ন কৰা হৈছিল৷ অতি শীঘ্ৰেই অসমতো প্ৰণয়ন হ’ব ‘ইউনিফৰ্ম চিভিল কোড’৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে চলিত বিধানসভা অধিবেশনত এই সন্দৰ্ভত সদৰি কৰিছে সবিশেষ৷

মুছলমান সকলৰ পৰম্পৰাগত বিবাহ আইন বাতিলৰ বাবে অসম বিধানসভাত উত্থাপন কৰা হৈছে ‘ইউনিফৰ্ম চিভিল কোড’৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে সদনত কয় যে বাল্যবিবাহ বিলুপ্ত কৰাৰ লগতে মুছলমান সকলৰ পৰম্পৰাগত বিবাহ আইন বাতিল কৰি ‘কাজী’ ব্যৱস্থাৰ অন্ত পেলাই, ধৰ্মগুৰুসকলে মুছলমান বিবাহ পঞ্জীয়ন পৰিবৰ্তে চৰকাৰে নিজা ব্যৱস্থাৰ অধীনত বিবাহ পঞ্জীয়ন কৰৰা ব্যৱস্থা কৰিছে৷ অসমৰ মুছলমান সকলৰ বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ সমাপ্তি ঘটাই  the Assam Repealing Ordinance 2024 অনা হৈছে৷

অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে বাল্যবিবাহ বিলুপ্ত কৰাৰ লগতে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ ধৰ্মীয় আইনৰ পৰিবৰ্তে    ​​চৰকাৰৰ পঞ্জীয়ন ব্যৱস্থাৰ অধীনলৈ অনাৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে সদৰি কৰি এই পৰিৱৰ্তন আনিব বিচাৰিছে বুলি জানিবলৈ দিছে৷ উল্লেখযোগ্য যে ব্ৰিটিছৰ সময়ত প্ৰণয়ন হোৱা আইন অনুসৰি নিৰ্দিষ্ট চৰ্তত নাবালিকাৰ সৈতে বিবাহ পঞ্জীয়নকৰা হৈছিল।মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ বিধেয়ক ২০২৪ ৰ জড়িয়তে বাল্যবিবাহৰ পঞ্জীয়ন নিষিদ্ধ কৰাৰ লগতে সকলো বিবাহৰ চৰকাৰী পঞ্জীয়ন হোৱাটো নিশ্চিত কৰিব৷

নতুন অইন সন্দৰ্ভত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনে মত প্ৰকাশ কৰি কয় যে ‘বৰ্তমান প্ৰচলিত আইনখনত বাধ্যতামূলক পঞ্জীয়ন আৰু অনানুষ্ঠানিক পঞ্জীয়ন ব্যৱস্থাৰ অভাৱ আদিৰ দৰে ঋণাত্মক দিশ আছে৷ লগতে তেওঁ কয় যে নতুন বিধেয়কখনৰ লক্ষ্য হৈছে বাল্যবিবাহ, সন্মতি অবিহনে বিবাহ, বহুবিবাহ আদি নিৰ্মূল কৰাৰ লগতে নাৰীৰ অধিকাৰ সুৰক্ষিত কৰা তথা বিবাহৰ প্ৰতিষ্ঠানক শক্তিশালী কৰা।’

এই পদক্ষেপক মুছলমানৰ বিৰুদ্ধে বৈষম্যমূলক আৰু ভোটাৰক মেৰুকৰণ কৰাৰ প্ৰয়াস বুলি অভিহিত কৰিছ সমালোচনা কৰিছে বিৰোধী দলসমূহে। বিৰোধীৰ সমালোচনাৰ স্বত্বেও শাসক পক্ষ নিজৰ স্থিতিত অতল থাকি কয় যে বাল্যবিবাহৰ অন্ত পেলোৱা আৰু বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন সকলোৰে বাবে একে আৰু নিয়ন্ত্ৰিত ব্যৱস্থা বাহাল কৰাৰ উদ্দেশ্যে বিধেয়ক অনা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ