--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেইন টিউমাৰৰ এক ফলপ্ৰসূ চিকিৎসাৰ সন্ধান লাভ কৰিছে আই আই টি দিল্লীৰ পি এইচ ডিৰ এগৰাকী গৱেষক ছাত্ৰই।  দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত ছাত্ৰগৰাকীয়ে বিচাৰি পাইছে মগজুৰ কৰ্কট ৰোগৰ নিৰাময়ৰ এক সঠিক পদ্ধতি। এই চিকিৎসাৰ জৰিয়তে কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ মগজুৰ কৰ্কট ৰোগ দূৰ কৰিব পৰা যাব বুলি দাবী কৰা হৈছে। বৰ্তমান এই ঔষধৰ পৰীক্ষা নিগনিৰ ওপৰত কৰা হৈছে আৰু এনে পৰীক্ষাত সম্পূৰ্ণ  সফলতা লাভ কৰা হৈছে।  অতি সোনকালে মানুহৰ ওপৰত ইয়াৰ  প্ৰয়োগ কৰা হ’ব বুলি ধাৰণা কৰা হৈছে। আই আই টি দিল্লীৰ এগৰাকী পি এইচ ডিৰ গৱেশক ছাত্ৰগৰাকীয়ে মগজুৰ কৰ্কট ৰোগৰ   এনে নিৰাময় বিচাৰি উলিয়াইছে যিটো  সমাধান বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসকেও উদ্ভাৱন কৰিব পৰা নাছিল। প্ৰতিষ্ঠানটোৰ পি এইচ ডি ছাত্ৰ বিদিত গৌৰে মগজুৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ইমিউন’জম থেৰাপী উদ্ভাৱন কৰিছে। ছাত্ৰজনে বিকশিত কৰা এই থেৰাপীৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। এই থেৰাপী গ্ৰহণ কৰাৰ পিছত ৰোগীৰ মগজুৰ কৰ্কট ৰোগ নিৰ্মূল হোৱাৰ সম্ভাৱনা বহুখিনি বাঢ়ি যায়। । এই থেৰাপীৰ পৰীক্ষা জীৱ-জন্তুৰ ওপৰত সফল হৈছে আৰু  অতি সোনকালে মানুহৰ ওপৰতো ইয়াৰ পৰীক্ষা কৰা হ’ব।


আই আই টিৰ পি এইচ ডি গৱেষক ছাত্ৰগৰাকীয়ে  গ্লিঅ’ব্লাষ্টোমা ব্ৰেইন কেন্সাৰৰ নিৰাময়ৰ পদ্ধতি উদ্ভাৱন  কৰিছে। এই ধৰণৰ কৰ্কট ৰোগৰ এতিয়ালৈকে কোনো নিৰাময় নাই আৰু ইয়াক আটাইতকৈ বিপজ্জনক বুলি গণ্য কৰা হয়। এই কৰ্কট ৰোগত আক্ৰান্ত এজন ৰোগীয়ে ১২-১৮ মাহৰ ভিতৰতে প্ৰাণ হেৰুৱায়। এই গৱেষণাত ছাত্ৰজনে  সফলতা  লাভ কৰিবলৈ প্ৰায় ৫ বছৰ সময় লাগিছিল।

বিদিতে কয় যে তেওঁ নিগনিৰ ওপৰত এই থেৰাপী পৰীক্ষা কৰিছে। ইয়াৰ ফলাফলত দেখা গ’ল যে ইয়াৰ ব্যৱহাৰে মগজুৰ কৰ্কট ৰোগ নাইকিয়া কৰাই নহয় ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়াও নাই। কেৱল সেয়াই নহয় এই থেৰাপীৰ ব্যৱহাৰৰ  পিছত কৰ্কট ৰোগ পুনৰ  ঘূৰি নাহে। উল্লেখ্য ২০১৯ চনত বিদিতে এই গৱেষণা আৰম্ভ কৰিছিল। ইয়াত ১০টাকৈ এন্দুৰৰ ৫টা গোট বাছি লোৱা হৈছিল। এন্দুৰৰ শৰীৰত  টিউমাৰ কোষৰ বেজী দিয়াৰ ১০ দিনৰ পিছত ইমিউন’জম থেৰাপী আৰম্ভ কৰা হৈছিল। এসপ্তাহৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখা দেখা গৈছিল আৰু ২৪ দিনৰ ভিতৰত টিউমাৰবোৰ নাইকিয়া হৈ গৈছিল।  আনহাতে এই থেৰাপী নিদিয়া আন এন্দুৰবোৰৰ  টিউমাৰ বাঢ়ি গৈ থাকিল। ৯০ দিন ধৰি নিগনিৰ কাৰ্য্যকলাপ পৰীক্ষা কৰি থকা হৈছিল। থেৰাপীৰ পিছত কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা যোৱা নাছিল। ৯০ দিনৰ পাছত পুনৰ টিউমাৰ কোষৰ বেজী দিয়া হয়  আৰু দেখা গ’ল যে ইয়াৰ কোনো প্ৰভাৱ নাই, অৰ্থাৎ কৰ্কট পুনৰ ঘূৰি অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু