--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেইন টিউমাৰৰ এক ফলপ্ৰসূ চিকিৎসাৰ সন্ধান লাভ কৰিছে আই আই টি দিল্লীৰ পি এইচ ডিৰ এগৰাকী গৱেষক ছাত্ৰই।  দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত ছাত্ৰগৰাকীয়ে বিচাৰি পাইছে মগজুৰ কৰ্কট ৰোগৰ নিৰাময়ৰ এক সঠিক পদ্ধতি। এই চিকিৎসাৰ জৰিয়তে কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ মগজুৰ কৰ্কট ৰোগ দূৰ কৰিব পৰা যাব বুলি দাবী কৰা হৈছে। বৰ্তমান এই ঔষধৰ পৰীক্ষা নিগনিৰ ওপৰত কৰা হৈছে আৰু এনে পৰীক্ষাত সম্পূৰ্ণ  সফলতা লাভ কৰা হৈছে।  অতি সোনকালে মানুহৰ ওপৰত ইয়াৰ  প্ৰয়োগ কৰা হ’ব বুলি ধাৰণা কৰা হৈছে। আই আই টি দিল্লীৰ এগৰাকী পি এইচ ডিৰ গৱেশক ছাত্ৰগৰাকীয়ে মগজুৰ কৰ্কট ৰোগৰ   এনে নিৰাময় বিচাৰি উলিয়াইছে যিটো  সমাধান বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসকেও উদ্ভাৱন কৰিব পৰা নাছিল। প্ৰতিষ্ঠানটোৰ পি এইচ ডি ছাত্ৰ বিদিত গৌৰে মগজুৰ কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগৰ চিকিৎসাৰ বাবে ইমিউন’জম থেৰাপী উদ্ভাৱন কৰিছে। ছাত্ৰজনে বিকশিত কৰা এই থেৰাপীৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। এই থেৰাপী গ্ৰহণ কৰাৰ পিছত ৰোগীৰ মগজুৰ কৰ্কট ৰোগ নিৰ্মূল হোৱাৰ সম্ভাৱনা বহুখিনি বাঢ়ি যায়। । এই থেৰাপীৰ পৰীক্ষা জীৱ-জন্তুৰ ওপৰত সফল হৈছে আৰু  অতি সোনকালে মানুহৰ ওপৰতো ইয়াৰ পৰীক্ষা কৰা হ’ব।


আই আই টিৰ পি এইচ ডি গৱেষক ছাত্ৰগৰাকীয়ে  গ্লিঅ’ব্লাষ্টোমা ব্ৰেইন কেন্সাৰৰ নিৰাময়ৰ পদ্ধতি উদ্ভাৱন  কৰিছে। এই ধৰণৰ কৰ্কট ৰোগৰ এতিয়ালৈকে কোনো নিৰাময় নাই আৰু ইয়াক আটাইতকৈ বিপজ্জনক বুলি গণ্য কৰা হয়। এই কৰ্কট ৰোগত আক্ৰান্ত এজন ৰোগীয়ে ১২-১৮ মাহৰ ভিতৰতে প্ৰাণ হেৰুৱায়। এই গৱেষণাত ছাত্ৰজনে  সফলতা  লাভ কৰিবলৈ প্ৰায় ৫ বছৰ সময় লাগিছিল।

বিদিতে কয় যে তেওঁ নিগনিৰ ওপৰত এই থেৰাপী পৰীক্ষা কৰিছে। ইয়াৰ ফলাফলত দেখা গ’ল যে ইয়াৰ ব্যৱহাৰে মগজুৰ কৰ্কট ৰোগ নাইকিয়া কৰাই নহয় ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়াও নাই। কেৱল সেয়াই নহয় এই থেৰাপীৰ ব্যৱহাৰৰ  পিছত কৰ্কট ৰোগ পুনৰ  ঘূৰি নাহে। উল্লেখ্য ২০১৯ চনত বিদিতে এই গৱেষণা আৰম্ভ কৰিছিল। ইয়াত ১০টাকৈ এন্দুৰৰ ৫টা গোট বাছি লোৱা হৈছিল। এন্দুৰৰ শৰীৰত  টিউমাৰ কোষৰ বেজী দিয়াৰ ১০ দিনৰ পিছত ইমিউন’জম থেৰাপী আৰম্ভ কৰা হৈছিল। এসপ্তাহৰ ভিতৰতে ইয়াৰ প্ৰভাৱ দেখা দেখা গৈছিল আৰু ২৪ দিনৰ ভিতৰত টিউমাৰবোৰ নাইকিয়া হৈ গৈছিল।  আনহাতে এই থেৰাপী নিদিয়া আন এন্দুৰবোৰৰ  টিউমাৰ বাঢ়ি গৈ থাকিল। ৯০ দিন ধৰি নিগনিৰ কাৰ্য্যকলাপ পৰীক্ষা কৰি থকা হৈছিল। থেৰাপীৰ পিছত কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা যোৱা নাছিল। ৯০ দিনৰ পাছত পুনৰ টিউমাৰ কোষৰ বেজী দিয়া হয়  আৰু দেখা গ’ল যে ইয়াৰ কোনো প্ৰভাৱ নাই, অৰ্থাৎ কৰ্কট পুনৰ ঘূৰি অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ