--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএণ্টাৰ্কটিকাৰ ৰহস্য আজিও সম্পূৰ্ণ ৰুপে ভেদ হোৱা নাই। ভাৰত, আমেৰিকা, চীন, ৰাছিয়া আদি দেশ সমূহে এণ্টাৰ্কটিকাৰ ৰহস্য ভেদ কৰিবলৈ সেই স্থানত বৈজ্ঞানিক গৱেষণাগাৰ স্থাপন কৰিছে।এণ্টাৰ্কটিকাৰ তাপ মাত্ৰা বছৰৰ সকলো সময়তে শূন্য ডিগ্ৰী চেলচিয়াৰ তলত থাকে।বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ বৰফ পৃষ্ঠৰ তলত আন এখন বিচিত্ৰ পৃথিৱী আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে।

বিজ্ঞানীসকলেএণ্টাৰ্কটিকাৰ বৰফ পৃষ্ঠৰ তলত এনে এক পৰিৱেশ তন্ত্ৰ বিচাৰি পাইছে যিটো আজিলৈকে পৃথিৱীৰ আন ঠাইত  কেতিয়াও দেখা যোৱা নাই। এণ্টাৰ্কটিকাৰ বৰফৰ পৃষ্ঠৰ তলত, এটা ভূগৰ্ভস্থ নদী আৰু  এটা অন্ধকাৰ গুহা আছে বুলি বিজ্ঞানীসকলে জানিব পাৰিছে। সেই গুহাটোত কেতবোৰ  সৰু সৰু জন্তুৱে বাস  কৰি আছে বুলিও ,যিবোৰ দেখিবলৈ মিছামাছৰ দৰে । এনে প্ৰাণী পৃথিৱীৰ আন ঠাইত বিজ্ঞানীসকলে কেতিয়াও দেখা নাই বুলি প্ৰকাশ কৰিছে।

বিজ্ঞানীসকলে এণ্টাৰ্কটিকাৰ পূব উপকূলৰ সৈতে সংলগ্ন লাৰ্চেন আইচ শ্বেল্ফৰ তলত এই বিচিত্ৰ পৃথিৱী খনৰ সন্ধান লাভ কৰিছে।

 লাৰ্চেন আইচ শ্বেল্ফ হৈছে পৃথিৱীৰ সৰ্ববৃহৎ আইচবাৰ্গ। এই আইচবাৰ্গটো ২০২১ চনত ভাঙি পৰিছিল। গৱেষকৰ দলটোৱে বৰফৰ পৃষ্ঠত ১৬৪০ ফুট অৰ্থাৎ প্ৰায় ৫০০ মিটাৰ ড্ৰিল কৰিছিল। তেওঁলোকে ড্ৰিল কৰোতে ব্যৱহাৰ কৰা পাইপৰ সৈতে এটা কেমেৰা আছিল। কেমেৰাটোত এণ্টাৰ্কটিকাৰ ৫০০ মিটাৰ তলত ইয়াত শ শ জলজ প্ৰাণীৰ ছবি বন্দী হৈছে।

ইমান শীতল ঠাইৰ তলত এনেদৰে জীৱই বিচৰণ কৰি থকাৰ কথাই বিজ্ঞানীসকলক বিস্মিত কৰি তুলিছে।
এই অভিযানত ভাগ লোৱা বিজ্ঞানী ক্ৰেগ ষ্টিভেনছে  কয় যে এণ্টাৰ্কটিকাৰ  ইমান গভীৰতাতো এক গুৰুত্বপূৰ্ণ পৰিৱেশ তন্ত্ৰ থকাৰ কথাটো সঁচাকৈ কেতিয়াও ভাবিব নোৱাৰা ধৰণৰ কথা।

বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে এণ্টাৰ্কটিকাৰ তলত নদী আৰু হ্ৰদ আছে। অৱশ্যে, এতিয়ালৈকে এই বিষয়ে কোনো নিৰ্দিষ্ট অধ্যয়ন কৰা হোৱা নাই। বৰফৰ পৃষ্ঠৰ তলত নদীত জীৱন বিচাৰি পোৱাটোও এটা গুৰুত্বপূৰ্ণ সাফল্য হিচাবে বিবেচিত হৈছে। গ্লেচিঅ'লজিষ্ট আৰু গৱেষণাটো মুখ্য গৱেষক হিউ হৰ্গানে কয়  যে এই নদীখন পৰ্যবেক্ষণ কৰিলে এণ্টাৰ্কটিকাৰ তলত  এখন সুকীয়া  পৃথিৱী বিচাৰি পোৱা যেন অনুভৱ হয়। 

গৱেষকৰ দলটোৱে প্ৰথমে  উপগ্ৰহ ছবিৰ পৰা গম পাইছিল যে এণ্টাৰ্কচিকাৰ  পৃষ্ঠৰ তলত এখন নদী আছে। উল্লেখ্য এণ্টাৰ্কটিকাৰ বৰফৰ তিনি শতাংশই পেংগুইনৰ মূত্ৰৰে গঠিত ।বৰফেৰে ভৰি থকা এণ্টাৰ্কটিকাৰ বৰফৰ ৩ শতাংশই সৃষ্টি হৈছে মেৰু প্ৰদেশৰ বাসিন্দা পেংগুইনৰ প্ৰস্রাৱৰ পৰা। আচৰিত যেন লাগিলেও এয়া সম্পূৰ্ণ সঁচা কথা।

পেংগুইনৰ সৈতে সহাৱস্থান কৰি থকা বিজ্ঞানী সকলে প্ৰাণী বিধৰ কেতবোৰ ৰোমাঞ্চকৰ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে।অত্যধিক শীতৰ বাবে পেংগুইনে কৰা প্ৰস্রাৱ দেহৰ বাহিৰৰ পৰিবেশ পোৱাৰ লগে লগে বৰফলৈ ৰূপান্তৰিত হয়।

সেয়ে পেংগুইনে যেতিয়া প্ৰস্রাৱ কৰে তেতিয়া সেই প্ৰস্রাৱ কেতিয়াও বৈ যাব নোৱাৰে।
এনেদৰে হাজাৰ হাজাৰ বছৰ ধৰি পেংগুইনৰ প্ৰস্রাৱৰ পৰা হোৱা বৰফ লগ লাগি এণ্টাৰ্কটিকাৰ প্ৰায় তিনি শতাংশ বৰফৰ সৃষ্টি হৈছে।

পেংগুইনৰ প্ৰস্রাৱৰ পৰা সৃষ্টি হোৱা বৰফৰ বৰণ ঈষৎ হালধীয়া হয় বুলি বহুতে কৈ আহিছে।
এণ্টাৰ্কটিকাৰ বৰফ উত্তাপত গলি যোৱা অথবা ভাপ হৈ উৰি যোৱাৰো কোনো সম্ভাৱনা নথকাৰ বাবেই যুগ-যুগান্তৰ ধৰি তাত পেংগুইনৰ প্ৰস্রাৱ বৰফৰ ৰুপতে সঞ্চিত হৈ ৰৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তম গগৈক হত্যা কৰি পত্নী বৰ্তমান ন্যায়িক জিম্মাত,কন্যা জুভেনাইল হোমত! পুত্ৰৰ জন্মদিন পাতিলে ওচৰ-চুবুৰীয়াই
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
তিনি মাহত খাদ্যৰ বাবে অপেক্ষাৰত ১৪০০ পেলেষ্টাইনীক হত্যা