--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিজ্ঞানৰ উন্নয়নৰ লগে লগে বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য ক্ৰমাৎ পোহৰলৈ আহিছে। পৃথিৱীৰ পৰা বহু নিলগত আৰু সূৰ্যৰ নিচেই কাষতে থকা বুধ গ্ৰহৰ বিষয়ে বিশ্ববাসীয়ে খুব কমকৈহে জানে। বুধ গ্ৰহৰ ৰহস্য ভেদ কৰাৰ বাবে গ্ৰহটো অভিমুখে প্ৰেৰণ কৰা হৈছে এখন মহাকাশ যান।বেপিকোলোমোবো নামৰ মহাকাশযানখনে বুধ গ্ৰহৰ বহু ছবি তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছে। 

বুধৰ ওপৰেৰে উৰি যোৱাৰ সময়তে যান খনে  সূৰ্যৰ আটাইতকৈ ওচৰত থকা এটা গ্ৰহটোৰ গহ্বৰযুক্ত পৃষ্ঠৰ ছবি তুলিবলৈ সক্ষম হৈছে।   বেপিকোলোমোবো মহাকাশযানখনে গ্ৰহটোৰ পৃষ্ঠৰ ওপৰেৰে ২০০ কিলোমিটাৰ ওচৰলৈ আহিছিল।
 ২০২৫ চনত যান খনে বুধৰ কক্ষপথত প্ৰৱেশ কৰাৰ আগতে বুধৰ চাৰিওফালে মুঠ ছয়বাৰ উৰিব। এনেদৰে উৰি থকাৰ সময়তে যান খনে গ্ৰহটোৰ নানান ছবি তুলিব। যিবোৰ ছবি বিশ্ববাসীয়ে আগতে কেতিয়াও দেখা নাই। 

মহাকাশযানখনে বুধৰ ছবি ল'বলৈ তিনিটা নিৰীক্ষণ কেমেৰা (এমচিএএম) ব্যৱহাৰ কৰিছিল।  ফ্লাইবাইৰ প্ৰাথমিক উদ্দেশ্য হৈছে বুধলৈ ভৱিষ্যত অভিযানৰ বাবে বিস্তৃত আৰু দীঘলীয়া গৱেষণা কৰা, গ্ৰহটোলৈ যাব পৰা সঠিক পথ  নিশ্চিত কৰা আদি । ইউৰোপীয়  মহাকাশ সংস্থা আৰু জাপানী মহাকাশ সংস্থা, জেএএক্সএ,  যুটীয়াভাৱে নিৰ্মাণ কৰা মহাকাশযানখনে সৌৰজগতৰ আচৰিত গ্ৰহটোৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

 শেহতীয়া ছবি বোৰত বুধৰ পৃষ্ঠ বহু দ দ গহ্বৰে আৱৰি ৰথা দেখা গৈছে।কি কাৰণত তেনে গহ্বৰৰ সৃষ্টি হৈছে সেয়াও জনাৰ চেষ্টা চলোৱা হ’ব।  মহাকাশযানখনে প্ৰতি ছেকেণ্ডত ১.৩ কিলোমিটাৰ গতিৰে বুধৰ কাষত বিচৰণ কৰি আছে। ইউৰোপীয় মহাকাশ সংস্থাই কৈছে যে বুধৰ কক্ষপথত যানখনে প্ৰৱেশ কৰাটো এটা প্ৰত্যাহ্বানমূলক কাম।

 বেপিকলম্বোৱে পৃথিৱীৰ পৰা উৎক্ষেপণ কৰাৰ লগে লগে ইয়াত সৃষ্টি হোৱা কক্ষীয় শক্তি হ্ৰাস কৰিব লগা হৈছিল, যাৰ অৰ্থ হৈছে ই প্ৰথমে আমাৰ গৃহ গ্ৰহৰ সৈতে একে কক্ষপথত উৰিছিল । গহ্বৰৰ ভিতৰত পানী থাকিব পাৰে নেকি সেই বিষয়তো যান খনে গৱেষণা চলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ