--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিজ্ঞানৰ উন্নয়নৰ লগে লগে বিশ্ব ব্ৰহ্মাণ্ডৰ বহু ৰহস্য ক্ৰমাৎ পোহৰলৈ আহিছে। পৃথিৱীৰ পৰা বহু নিলগত আৰু সূৰ্যৰ নিচেই কাষতে থকা বুধ গ্ৰহৰ বিষয়ে বিশ্ববাসীয়ে খুব কমকৈহে জানে। বুধ গ্ৰহৰ ৰহস্য ভেদ কৰাৰ বাবে গ্ৰহটো অভিমুখে প্ৰেৰণ কৰা হৈছে এখন মহাকাশ যান।বেপিকোলোমোবো নামৰ মহাকাশযানখনে বুধ গ্ৰহৰ বহু ছবি তুলি পৃথিৱীলৈ প্ৰেৰণ কৰিছে। 

বুধৰ ওপৰেৰে উৰি যোৱাৰ সময়তে যান খনে  সূৰ্যৰ আটাইতকৈ ওচৰত থকা এটা গ্ৰহটোৰ গহ্বৰযুক্ত পৃষ্ঠৰ ছবি তুলিবলৈ সক্ষম হৈছে।   বেপিকোলোমোবো মহাকাশযানখনে গ্ৰহটোৰ পৃষ্ঠৰ ওপৰেৰে ২০০ কিলোমিটাৰ ওচৰলৈ আহিছিল।
 ২০২৫ চনত যান খনে বুধৰ কক্ষপথত প্ৰৱেশ কৰাৰ আগতে বুধৰ চাৰিওফালে মুঠ ছয়বাৰ উৰিব। এনেদৰে উৰি থকাৰ সময়তে যান খনে গ্ৰহটোৰ নানান ছবি তুলিব। যিবোৰ ছবি বিশ্ববাসীয়ে আগতে কেতিয়াও দেখা নাই। 

মহাকাশযানখনে বুধৰ ছবি ল'বলৈ তিনিটা নিৰীক্ষণ কেমেৰা (এমচিএএম) ব্যৱহাৰ কৰিছিল।  ফ্লাইবাইৰ প্ৰাথমিক উদ্দেশ্য হৈছে বুধলৈ ভৱিষ্যত অভিযানৰ বাবে বিস্তৃত আৰু দীঘলীয়া গৱেষণা কৰা, গ্ৰহটোলৈ যাব পৰা সঠিক পথ  নিশ্চিত কৰা আদি । ইউৰোপীয়  মহাকাশ সংস্থা আৰু জাপানী মহাকাশ সংস্থা, জেএএক্সএ,  যুটীয়াভাৱে নিৰ্মাণ কৰা মহাকাশযানখনে সৌৰজগতৰ আচৰিত গ্ৰহটোৰ বিষয়ে আমাৰ জ্ঞান বৃদ্ধি কৰিবলৈ সক্ষম হ’ব।

 শেহতীয়া ছবি বোৰত বুধৰ পৃষ্ঠ বহু দ দ গহ্বৰে আৱৰি ৰথা দেখা গৈছে।কি কাৰণত তেনে গহ্বৰৰ সৃষ্টি হৈছে সেয়াও জনাৰ চেষ্টা চলোৱা হ’ব।  মহাকাশযানখনে প্ৰতি ছেকেণ্ডত ১.৩ কিলোমিটাৰ গতিৰে বুধৰ কাষত বিচৰণ কৰি আছে। ইউৰোপীয় মহাকাশ সংস্থাই কৈছে যে বুধৰ কক্ষপথত যানখনে প্ৰৱেশ কৰাটো এটা প্ৰত্যাহ্বানমূলক কাম।

 বেপিকলম্বোৱে পৃথিৱীৰ পৰা উৎক্ষেপণ কৰাৰ লগে লগে ইয়াত সৃষ্টি হোৱা কক্ষীয় শক্তি হ্ৰাস কৰিব লগা হৈছিল, যাৰ অৰ্থ হৈছে ই প্ৰথমে আমাৰ গৃহ গ্ৰহৰ সৈতে একে কক্ষপথত উৰিছিল । গহ্বৰৰ ভিতৰত পানী থাকিব পাৰে নেকি সেই বিষয়তো যান খনে গৱেষণা চলাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু